Posts

Showing posts from 2022

শিশু দিৱসৰ শুভেচ্ছাৰে

Image
শিশু সকল হৈছে ভৱিষ্যতৰ মানৱ সম্পদ। অৰ্থাৎ তেওঁলোকৰ সুপ্ত প্ৰতিভা সমূহৰ বিকাশ ঘটি এদিন মানৱ জাতি বা সমাজৰ বা প্ৰকৃতিৰ কামত আহিব পৰাকৈ তেওঁলোকৰ অবিৰাম যাত্ৰা শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈ। যাত্ৰাৰ শেষত তেওঁলোক একো একোজন সম্পদ হিচাপে পৰিগণিত হ'ব। তেন্তে তেওঁলোকৰ এই প্ৰতিভা সমূহ কি? আমি বহুতে ভৱাৰ দৰে কিতাপ পঢ়ি ঢেৰ নম্বৰ পাই চৰকাৰী বা বেচৰকাৰী কাম এটা কৰিলেই তেওঁলোকৰ প্ৰতিভা বিকাশ হৈ মানৱ সম্পদলৈ সলনি হ'ব নেকি? কেৱল এইটোৱেই উপায় নে? ইয়াৰ বাহিৰে একোৱেই নাই নে? প্ৰায় সকলোকেই যে এই দৌৰটোত দৌৰিবলৈ আমি ঠেলি থাকোঁ। এজন আমাৰ চিনাকি অসামৰিক সেৱাৰ বিষয়াই কিছুদিন আগতে এষাৰ চিন্তনীয় কথা কৈছে যে মোৰ আগতেই ভাল আছিল, এতিয়া মই সৰহ দৰমহাৰ চাকৰ খাটি আছোঁ। তেওঁ ইমান ভাল পদবীত থাকিও সুখী নহয়। এজন চৰকাৰী শিক্ষকে কৈছে, মই কিয় মাষ্টৰ হ'লো ক'ব নোৱাৰো। তেৱোঁ অসুখী । তেন্তে আমি এনে এটা পৰিৱেশ সৃষ্টি কৰিব পৰা নাই নেকি যে, নিজ একক প্ৰতিভাৰ পূৰ্ণাংগ বিকাশ ঘটাই সেই কামকেই জীৱিকা হিচাপে লৈ জীয়াই আছে, সম্পদ হিচাপে অৰিহণা আগবঢ়াইছে আৰু সন্তোষত আছে। আমি বাধ্যত পৰি কাম কৰি আছো নেকি? আমাৰ শিশু সকলকো সেই একেই বাধ্য...

বিমানৰ বগা নেজ

Image
চিত্ৰত দেখাৰ দৰে দৃশ্য এটা আজি গহপুৰত দুপৰীয়া বহুতে দেখিছে চাগৈ। দেখিছিলেনে? কি বুলি ভাৱিছিল বাৰু? যি সকলে জানে, সেই সকলৰ কথা বেলেগ বাৰু! আমাৰ এজন ছাত্ৰই সন্ধিয়া মেছেজ কৰিছে , এইটো কি আছিল বুলি। Screen Shot টো দিয়া হৈছে দ্বিতীয়  খন ছবিত। বাৰু আচল কথালৈ যোৱাৰ আগতে এটা ঠাণ্ডা দিনত দেখা সকলোৰে চিনাকি পৰিঘটনাৰ কথা কওঁ। সৰুতে খুব ফুৰ্তি পাওঁ এই কথাটোত। সেইটো হৈছে মুখেৰে  ধোঁ‌ৱা ওলোৱাটো। কিয় ওলায় বাৰু? আন এটা কথা কি জানেনে? এখন জেট বিমান বা যুদ্ধ বিমানৰ পৰা কিছুমান বৰ্জিত পদাৰ্থ (Jet Exhaust) ওলায়। সেয়া হৈছে কাৰ্বন ডাই অক্সাইড, নাইট্ৰ'জেন আৰু ছালফাৰৰ অক্সাইড, অদাহিত ইন্ধনৰ অৱশেষ, কিছুমান অতি ক্ষুদ্ৰ ধাতুৰ গুড়ি, এলান্ধু আৰু জলীয় বাষ্প বা পানীৰ ভাপ। অতিশয় ঠাণ্ডাত মুখৰ পৰা ওলোৱা ধোঁ‌ৱা আচলতে ঘণীভূত হোৱা জলীয় বাষ্পই (Condensed Water Vapour) নহয় জানো। আচলতে গৰম দিনতো আমাৰ মুখেৰে ভাপ ওলায়, কিন্তু ঠাণ্ডা দিনয় চৌপাশ ঠাণ্ডা হোৱাৰ বাবে মুখৰ ভাপ ঘণীভূত হৈ বগা ধোঁ‌ৱা যেন দেখা যায়। ঘৰৰ বা ওচৰৰ কণমানি হঁ‌তক এইখিনি ক'ব পাৰিব। সেই একেদৰে বিমান এখন যেতিয়া বহু বেছি উচ্চতাত উৰি...

এইটো কিয় হ’ল নো?

“আপেলটো চোন সৰি পৰিল! কিয় বাৰু? – এইটো কাৰোবাৰ মনত উদয় হোৱা এটি মাথো সাধাৰণ প্ৰশ্ন আছিল | কিন্তু অনুসন্ধিৎসু মনৰ তাড়নাত তেওঁ বিচাৰি উলিওৱা উত্তৰে সলায় পেলালে সমগ্ৰ বিশ্বৰ চিন্তাধাৰাক | আমি প্ৰত্যেক জন অগ্ৰজই হয়তো অনুভৱ কৰো শিশু বোৰৰ সেই একেই অনুসন্ধিৎসু মনবোৰৰ কথা আৰু সিহঁত বোৰ নিশ্চয় আমাৰ সন্তান, ভাগিন-ভতিজা, ছাত্ৰ-ছাত্ৰী বা আন কোনোবা ! সিহঁত বোৰে আমাক কেনেধৰণৰ প্ৰশ্ন কৰে সেই বিষয়ে বহলাই কোৱাটো নিশ্চয় অপ্ৰয়োজনীয়, যিহেতু আমাৰ প্ৰত্যেকৰে তেনে অভিজ্ঞতা কম-বেছি পৰিমানে আছে, কিন্তু সিহঁতবোৰৰ এই বিভিন্ন “কি? কিয়? কেনেকৈ? ক’ত? কেতিয়া? কোনে?” আদিবোৰৰ সহজ সৰল উত্তৰ বোৰেই হয়তো “বিজ্ঞান” বুলি আমি যাক বুজো ! শিশুৰ শাৰীৰিক বিকাশৰ সমান্তৰালকৈ হৈ থকা বৌদ্ধিক আৰু মানসিক বিকাশ বা “মগজু”ৰ বিকাশৰ সময় চোৱাত সিহঁত বোৰে আমাক এনেবোৰ কথা সুধি ব্যতিব্যস্ত(?) কৰে বা কৰে বুলি আমি হয়তো ভাৱো, কাৰণ কোন সময়ত আমি কি সমস্যা বা চিন্তা লৈ ব্যস্ত থাকো তাৰ বিষয়ে সিহঁত অজ্ঞ | গতিকে সিহঁতৰ হয়তো সেই অধিকাৰ নাই বুলি আমি ভাৱো বা এনেকৈও ভাৱো কেতিয়াবা, “এই বয়সতে এইবোৰ জানি কি কৰিবনো বা কিযে অদৰকাৰী কথাবোৰ সুধি থাকে এইবোৰে?” | ক...

গণিত শিক্ষণ, প্ৰতিযোগিতামূলক পৰীক্ষা আৰু আমাৰ প্ৰত্যাশা

আপোনালোকৰ প্ৰত্যেকেই হয়তো গণিতৰ শিক্ষক নহয়। কিন্তু জীৱনত অন্ততঃ এজন হ’লেও গণিতৰ শিক্ষকৰ সান্নিধ্য পাইছে। সেই অভিজ্ঞতাৰ পৰা বহুতৰ বাবে হয়তো “অংক ছাৰ” এটা ভয় লগা শব্দ বা বহুতৰে প্ৰিয় শব্দ। ভয় লগাই হওক বা ভাল লগাই হওক, সেই অনুভৱৰ সৈতে জড়িত হৈ আছে ছাৰ বা বাইদেউৰ গণিত শিক্ষণ শৈলী। গণিত আপোনাৰ প্ৰিয় নে গণিত আপোনাৰ বাবে ভয় লগা, সেয়াও কেনেবাকৈ তেখেত সকলৰ শিক্ষণ শৈলীৰ লগত জড়িত। গণিত ভীতি আমাৰ শৈক্ষিক ক্ষেত্ৰ খনৰ এটা প্ৰচলিত সমস্যা। হয়তো পৃথিৱীৰ সকলো দেশতে এই সমস্যাটো আছে। আন দেশৰ তুলনাত আমাৰ পাঠ্যক্ৰম সমূহ কেনেধৰণৰ সেই দিশতকৈ, প্ৰচলিত পাঠ্যক্ৰমৰ কথাখিনি কিদৰে শিক্ষাৰ্থীৰ আগত উপস্থাপন কৰা হয় সেইটোহে গুৰুত্বপূৰ্ণ। সাম্প্ৰতিক সময়ত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত দশম শ্ৰেণীৰ পৰ্যায়ৰ বা তাতকৈ কিঞ্চিত ওপৰৰ পৰ্যায়ৰ গণিতৰ সমস্যা প্ৰশ্ন হিচাপে আহে। সদ্য আয়োজিত “অসম লোকসেৱা আয়োগ”ৰ প্ৰাৰম্ভিক (APSC CCE Prelims - 2020) ৰ দ্বিতীয় প্ৰশ্ন কাকত খনত সংহতি তত্ত্বৰ দুটা প্ৰশ্নৰ লগতে মুঠ ৩৩টা বিভিন্ন ধৰণৰ গাণিতিক সমস্যা অহা দেখা গৈছে। অৰ্থাৎ মুঠ ৮০টা প্ৰশ্নৰ ৩৩টা প্ৰশ্নই গণিতৰ। এইবাৰৰ পৰা APSC য়ে UPSC ৰ আৰ্হিত প্...

আপোনাৰ বিষয়ে সমালোচনা আৰু ঋণাত্মক মন্তব্যক কি দৃষ্টিৰে চাব?

কাৰোবাৰ ঋণাত্মক তীৰ্যক মন্তব্য বা সমালোচনাৰে আপোনাৰ মানসিক অশান্তি হৈছে নেকি? যদি হৈছে, তেন্তে আপুনি নাভাৱিব যে সেয়া কেৱল আপোনাৰ সৈতে হৈছে। দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সমাজৰ বহু ব্যক্তিয়েই জীৱনত এবাৰলৈ হ'লেও সমালোচনাৰ সন্মুখীন হৈছে। আপোনাৰ চৌপাশৰ পৃথিৱীখন আপোনাৰ মতে নচলে। সাধাৰণতে আমি সকলোৱেই কাৰোবাৰ নিজস্বতাৰ বিৰোধী। আনৰ চিন্তাধাৰা বা কামক আমি কেতিয়াও সহজে গ্ৰহণ নকৰো, সেয়ে আমি আনৰ কামত নিজা দৃষ্টিভংগীৰে বিবেচনা কৰি সমালোচনা কৰো। কেতিয়াবা আমাৰ সন্ধিয়াৰ আদ্দাৰ বিষয়ো কেৱল আনৰ সমালোচনাৰে পৰিপূৰ্ণ হৈ থাকে। এইয়া যেন এক সহজাত প্ৰবৃত্তি আমাৰ। কেতিয়াবা আনক সমালোচনা কৰোঁ আৰু আন কেতিয়াবা নিজে সমালোচনাৰ সন্মুখীন হওঁ‌। সেয়ে সমালোচনা বা ঋণাত্মক মন্তব্যৰ পৰা হোৱা মানসিক অশান্তিৰ পৰা নিজকে চম্ভালি লৈ, নিজে নিজকে এজন অনন্য সুন্দৰ ব্যক্তিত্বৰ ব্যক্তি বুলি পতিয়ন নিয়াবলৈ যথেষ্ট সময় আৰু আভ্যন্তৰীণ মানসিক শক্তিৰ প্ৰয়োজন। সমালোচনা দুই ধৰণৰ হ'ব পাৰে। কোনোবাই আপোনাৰ কাম বা আচৰণ বা ব্যক্তিত্বৰ সু-মূল্যাংকন কৰিব পাৰে বা আন কোনোবাই অতি বেয়া মতামত বা মূল্যাংকন প্ৰকাশ কৰিব পাৰে। আন কোনোবাই আপোনাৰ বি...

মোৰ সন্তানটোৱে Science ল'ব পাৰিব নে?

আমি পঢ়া-শুনা কৰো। আমি কেৰিয়াৰ বনাও। এই কেৰিয়াৰ বনোৱা কামটো অত্যন্ত দীঘলীয়া। অতি ধৈৰ্যৰে আৰু যুক্তি সহকাৰে চিন্তা কৰাৰ পিছত লোৱা কিছুমান সিদ্ধান্ত আৰু পদক্ষেপৰ সংমিশ্ৰণ হৈছে কেৰিয়াৰ এটা। কোনো আৱেগ জড়িত ক্ষন্তেকীয়া ঢৌত লোৱা সিদ্ধান্তই কেৰিয়াৰ গঢ়িব নোৱাৰে। ভাল কেৰিয়াৰৰ গৰাকী মানে অজস্ৰ সম্পত্তিৰ গৰাকী হোৱা নুবুজায়। কেৰিয়াৰ গঢ়াৰ আৰম্ভণিতে কিছুমান অতি গুৰুত্বপূৰ্ণ শৈক্ষিক জীৱনৰ সিদ্ধান্তই পিছলৈ বহুত প্ৰভাৱ পেলায়। কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত কেইটামান অতি দৰকাৰী বিষয় আছে, যাৰ প্ৰতি আমি সচকিত হ'ব লাগে। যেনে - ১) কি কেৰিয়াৰ নিৰ্বাচিত হ'ব? ২) কি ভিত্তিত সেই নিৰ্বাচন হ'ব? ৩) কোনে সেই নিৰ্বাচন কৰিব? ৪) সেই লক্ষ্যত উপনীত হোৱাৰ বাবে কি অনুষ্ঠান বা শিক্ষানুষ্ঠান সহায়ক হ'ব? ৫) কেৰিয়াৰ গঢ়াৰ সেই যাত্ৰাত আৰ্থিক হেঙাৰ থাকিব পাৰে নেকি? এইকেইটাৰ বাহিৰে আন বিষয় থাকিব পাৰে যদিও, মূলতঃ এইকেইটাই আমি আলোচনা কৰো- আজিৰ এই আলোচনাটো সীমাবদ্ধ ৰাখিম কেৱল মেট্ৰিকৰ পিছৰ পৰ্যায়লৈকে। পৰৱৰ্তী সময়ত ইয়াৰ পিছৰ খিনিও আলোচনা কৰিম। অহা কেইটামান দিনৰ ভিতৰতে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব। ইতিমধ্যে অভিভাৱক সকলৰ উৎক...

উচ্চতৰ মাধ্যমিকত Physics কিয় টান?

মেট্ৰিকৰ ফলাফলৰ ঠিক পিছতেই উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি আৰম্ভ হয়। সমান্তৰালকৈ আৰু এচাম ল'ৰা ছোৱালী দ্বিতীয় বৰ্ষলৈ উন্নীত হয়। বিজ্ঞান শাখাত অধ্যয়ণৰত তেনে বহুত ছাত্ৰ-ছাত্ৰী আমি প্ৰতিবছৰেই লগ পাঁ‌ও । প্ৰথম বৰ্ষৰ ফলাফল দিয়াৰ লগে লগেই এবছৰৰ আগতে হাঁহি ফূৰ্টি কৰি থকা বহুতো চিনাকি মুখ ম্লান পৰি যায়। আমাৰো তেনে হৈছিল পঢ়াৰ সময়ত। কাৰণ আছিল - তুলনামূলক ভাৱে বান্ধোন ছিঙা পৰিৱেশ আৰু মূলতঃ ক্ৰিকেট। বিষয়টো টান লগা নাছিল, ভাল লাগিছিল বহুত। আমাক পাঠদান কৰা ছয়দুৱাৰ মহাবিদ্যালয়ৰ ছাৰ বাইদেউ সকলৰ শিক্ষাদানতেই বিষয় বস্তু সুন্দৰ ভাৱে আয়ত্ত কৰিছিলো। অৱশ্যে নিজে যথেষ্ট পঢ়িছিলো, ঢেৰ নম্বৰ নাপালেও বিষয়টো ভালকৈ বুজিছিলো। পঢ়িবলৈ বাধ্য, কাৰণ "টিউচন" নাছিল। কেনেবাকৈ সেই দেওনা পাৰ কৰিলো। আজি আলোচনা কৰিবলৈ লৈছো, উচ্চতৰ মাধ্যমিকত ছাত্ৰ এজনে পদাৰ্থ বিজ্ঞান কিয় টান পায়? ছাত্ৰ এজনৰ ফালৰ পৰাহে কথাটো আলোচনা কৰিম। উচ্চতৰ মাধ্যমিকত যি সমূহ বিষয়বস্তু Physics ত আছে, সেই সমূহৰ মৌলিক তাত্ত্বিক ধাৰণা (Fundamental Theoritical Concepts) সমূহ বিদ্যালয় পৰ্যায়ৰ বিজ্ঞানৰ পাঠ্যপুথিত ইতিমধ্যে সুন্দৰ ভাৱে উল্লেখ আছে।...

দশম শ্ৰেণীৰ ছাত্ৰছাত্ৰীৰ অভিভাৱকলৈ বুলি

সমগ্ৰ অসমতে বৰ্তমান দশম শ্ৰেণীৰ (SEBA) ছাত্ৰ-ছাত্ৰীৰ বিদায় আৰু প্ৰাক-বাচনি পৰীক্ষাৰ বতৰ। আমাৰ বোধেৰে ছাত্ৰ-ছাত্ৰী সকলৰ বহুতৰেই হয়তো পঢ়াশুনা বৰ আগবঢ়া নাই। পৰীক্ষা সমাগত, কিন্তু নিজৰ পঢ়া সন্তোষ জনক ভাৱে আগবঢ়া নাই। হাতত সময় কম, কিন্তু কাম আছে ঢেৰ! নহয়নে? কোনোবাই ভয়তে ঘৰত অলপ কন্দা কতাও কৰিছে। মাক-দেউতাকৰ চিন্তা (সূচকীয় হাৰত) বহুত বাঢ়িছে। গতিকে এতিয়া আমাক Short Cut লাগে, কেনেকৈ কম সময়ত বেছি কাম হয়। আচলতে কাংক্ষিত সাফল্যৰ চমু পথ একো নাই। স্কুলীয়া শিক্ষা জীৱনৰ শেষৰটো বছৰ হোৱাৰ লগতে কৈশোৰ প্ৰাপ্তিৰ সন্ধিক্ষণত চৌপাশৰ পৰিৱৰ্তন বোৰ, বন্ধুত্বৰ নতুন খোজ বোৰ উপভোগ কৰোঁতেই বহু ল’ৰা ছোৱালীৰ দশম শ্ৰেণীৰ সৰহ ভাগ সময় অতিবাহিত হয়। এই সকলোবোৰ হয়, মাক দেউতাকৰ দৃষ্টিৰ অগোচৰত। অভিভাৱকৰ মৰমৰ আঁ‌চলৰ আঁ‌ৰত সিহঁতবোৰ গম নোপোৱাকৈয়ে বহু ডাঙৰ হয়। আকৌ মোবাইল আদিৰ দৰে আধুনিক দৃশ্য শ্ৰাব্য মাধ্যমবোৰৰ অনিয়ন্ত্ৰিত ব্যৱহাৰেও প্ৰস্তুতি যথা সময়ত শেষ নোহোৱাত যথেষ্ট অৰিহণা যোগায়। কিন্তু চিন্তিত হৈ একো লাভ নাই। যথেষ্ট সময় এতিয়াও আছে, মাথো প্ৰয়োজন নিজৰ সুবিধা বা সামৰ্থ্য অনুযায়ী সময় ব্যৱহাৰৰ সুপৰিকল্পনাৰ। গতিকে ছাত্ৰ ছাত্ৰী সকল...

ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অভিভাৱক সভা

এটা দশক কাল ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠান সমূহৰ লগত জড়িত হৈ থকাৰ অভিজ্ঞতাৰ পৰা মনলৈ অহা কিছুমান কথা আলোচনা কৰিবলৈ ওলাইছো। যিহেতু চৰকাৰী খণ্ডৰ ব্যৱস্থাৰ সৈতে বৰ বিশেষ সম্পৰ্ক হোৱা নাই, সেয়েহে সেই সম্পৰ্কে কিবা অলপ ক'বলৈ অসুবিধা হ'ব।  কণ কণ শিশু ওমলিবলৈ যোৱা স্কুল (Play School) ৰ পৰা আৰম্ভ কৰি কণিষ্ঠ মহাবিদ্যালয় (Junior College) পৰ্যায়লৈ অসমৰ শিক্ষা জগতত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহে যোৱা দুই দশকৰো অধিক সময় "শিক্ষাদান সেৱা" আগবঢ়াই আহিছে। মাতৃভাষাৰ মাধ্যমৰে হওক বা ইংৰাজী মাধ্যমৰে হওক, আমাৰ চৌপাশে এনে বহুতো শিক্ষানুষ্ঠান দেখিবলৈ পাঁ‌ও। হয়তো আপোনাৰ সন্তান বা পৰিয়ালৰ শিশুও তেনে অনুষ্ঠানৰে শিক্ষাৰ্থী। সংখ্যাত চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠানৰ সমানে বা কোনো অঞ্চলত তাতোকৈ বেছিকৈয়ে শিক্ষানুষ্ঠান সমূহ আছে। কিয় ইমান সংখ্যক শিক্ষানুষ্ঠানৰ জন্ম হৈছে? যদি এই প্ৰশ্নৰ উত্তৰ বিচাৰো, তেন্তে যোগাত্মক বা বিয়োগাত্মক বিভিন্ন কথা মনলৈ আহিব পাৰে আমাৰ মনলৈ। সেয়া বৰ বিশেষ আলোচনা নকৰো যদিও, তলৰ কথা খিনিত এই প্ৰশ্নটোৰো ভূমিকা আছে। কথা খিনি আমাৰ অভিজ্ঞতাৰ পৰা আলোচনা কৰিবলৈ লোৱা হৈছে। এয়া আপো...

গণিতৰ ভয়

ঘৰত মাক-দেউতা, দাদা আৰু তোমাৰ সৈতে মুঠ কেইজন মানুহ আছে? - শিক্ষকৰ এই প্ৰশ্নৰ উত্তৰত ৭-৮ বছৰীয়া শিশু এজনে হয়তো গণনা কৰি ক'ব "ছাৰ, ৪ জন" । "মা, চাউল কেই কাপ লওঁ" - কেতিয়াবা কামত সহায় কৰি দিয়া জীয়েকে মাকক সুধিছে। মাকে উত্তৰত কয় - "দেউতা, তুমি আৰু মোৰ কাৰণে সদায় ডেৰ কাপ চাউল লওঁ, আজি আলহী ৩ জন আছে যেতিয়া ৩ কাপেই লোৱা।" "আমলেট কেনেকৈ বনায় ঔ?" - নিজে একো ৰান্ধিব নজনা ল'ৰা এজনে ৰন্ধাত পাকৈত এজনক আমলেট বনোৱাৰ প্ৰণালী বা এলগ'ৰিথম (Algorithm) (অংকন প্ৰণালীৰ দৰে) টো সুধিছে। আমাৰ দৈনন্দিন জীৱনত এনেকুৱা হয়তো অলেখ উদাহৰণ ওলাব, য'ত গণিত, জ্যামিতিৰ প্ৰত্যক্ষ প্ৰয়োগ দেখা পাওঁ‌। সেয়া গণিত আমি সহজেই কৰি পেলাওঁ‌, কিন্তু পুথিগত গণিতৰ সমস্যা শুনা বা দেখাৰ লগে লগে আমাৰ ভয় লাগে। নোৱাৰিম বুলি আগতীয়াকৈ সন্দেহ হয়। সেই ভয় আচলতে আমাৰ শিক্ষাগ্ৰহণৰ সময় চোৱাত অজানিতে আমাৰ মন-মগজুত সোমোৱাই দিয়া হৈছিল। সেই ভয় সোমোৱাই দিয়া প্ৰক্ৰিয়াটো তেনেই সহজ, আমি আজিও কৰি আছো সেয়া। সেইটো হৈছে, এগৰাকী শিশুৰ আগত সৰুৰে পৰা সকলোৱে জনা আৰু অতি জনপ্ৰিয় কথা এষাৰ বাৰে বাৰে কৈ থকা, - ...

ফাৰ্ষ্ট ইয়েৰ, ৰেষ্ট ইয়েৰ

১৬ বছৰীয়া কিছুমান ভৱিষ্যতৰ দেশৰ ধৰণী। মেট্ৰিকত উত্তীৰ্ণ হৈ একাদশ শ্ৰেণীত নামভৰ্তি কৰে। প্ৰায় ৬০-৮০ দিনৰ এটা বিৰতিৰ মূৰত পুনৰ শিক্ষা জীৱন আৰম্ভ কৰে। তেওঁলোকৰ মনত বা অভিভাৱকৰ মনত বহুতো নতুন সপোন। নিজৰ ভৰিত থিয় হ'ব পৰাকৈ কিবা এটা হ'বলৈ যেন বেছি দিন নাই। অৰ্থাৎ, সন্মুখৰ শিক্ষাবৰ্ষ দুটা তেওঁলোকৰ জীৱনৰ গতি নিৰূপক সময়। সেয়া আমি সকলোৱে জানো বা বুজো। আজিৰ সময়ত, শিক্ষাৰ্থী এজনক পথচ্যুত কৰিব পৰা বাহ্যিক কাৰক বহুত আছে। মেট্ৰিকৰ সময়লৈ প্ৰায় শাসনৰ বান্ধোনত থকা শিক্ষাৰ্থী এজন যেন কোনোবা সময়ত বান্ধোনৰ বাহিৰ হৈ যায়। ঘৰৰ পৰা আতৰত থাকি পঢ়া বা ঘৰত থাকিয়েই পঢ়া, যিয়েই নহওক, ৰঙীন চৌপাশে যেন তেওঁলোকত বেছিকৈ আকৰ্ষিত কৰে। আমাৰ সময়ত আজিৰ বহুত কাৰক নাছিল। সেয়ে সমস্যা বোৰ একে হৈ থকা নাই, বৰঞ্চ আমাৰ সময়ৰ বাহ্যিক কাৰক বোৰৰ সৈতে নতুন কাৰক যোগ হৈছে। চকুৰ আগতে বহু মেধাৱী শিক্ষাৰ্থী এই কাৰক বোৰৰ ফান্দত পৰি পথচ্যুত হৈছে। এইখিনিতে, "মানসিক দৃঢ়তা থাকিলে, বাহিৰা কথাই আমনি কৰিব নোৱাৰে" বুলি যুক্তি এটা মোৰ মনলৈও আহিছে। সমস্যাৰ সমাধান সেইটো নহয়। মানসিক দৃঢ়তা বা লক্ষ্য স্থিৰ নথকা সকল মানৱ সম্পদ নহয় নেকি? নে তে...