বিমানৰ বগা নেজ
চিত্ৰত দেখাৰ দৰে দৃশ্য এটা আজি গহপুৰত দুপৰীয়া বহুতে দেখিছে চাগৈ। দেখিছিলেনে? কি বুলি ভাৱিছিল বাৰু? যি সকলে জানে, সেই সকলৰ কথা বেলেগ বাৰু! আমাৰ এজন ছাত্ৰই সন্ধিয়া মেছেজ কৰিছে , এইটো কি আছিল বুলি। Screen Shot টো দিয়া হৈছে দ্বিতীয় খন ছবিত।
বাৰু আচল কথালৈ যোৱাৰ আগতে এটা ঠাণ্ডা দিনত দেখা সকলোৰে চিনাকি পৰিঘটনাৰ কথা কওঁ। সৰুতে খুব ফুৰ্তি পাওঁ এই কথাটোত। সেইটো হৈছে মুখেৰে ধোঁৱা ওলোৱাটো। কিয় ওলায় বাৰু?
আন এটা কথা কি জানেনে? এখন জেট বিমান বা যুদ্ধ বিমানৰ পৰা কিছুমান বৰ্জিত পদাৰ্থ (Jet Exhaust) ওলায়। সেয়া হৈছে কাৰ্বন ডাই অক্সাইড, নাইট্ৰ'জেন আৰু ছালফাৰৰ অক্সাইড, অদাহিত ইন্ধনৰ অৱশেষ, কিছুমান অতি ক্ষুদ্ৰ ধাতুৰ গুড়ি, এলান্ধু আৰু জলীয় বাষ্প বা পানীৰ ভাপ।
অতিশয় ঠাণ্ডাত মুখৰ পৰা ওলোৱা ধোঁৱা আচলতে ঘণীভূত হোৱা জলীয় বাষ্পই (Condensed Water Vapour) নহয় জানো। আচলতে গৰম দিনতো আমাৰ মুখেৰে ভাপ ওলায়, কিন্তু ঠাণ্ডা দিনয় চৌপাশ ঠাণ্ডা হোৱাৰ বাবে মুখৰ ভাপ ঘণীভূত হৈ বগা ধোঁৱা যেন দেখা যায়। ঘৰৰ বা ওচৰৰ কণমানি হঁতক এইখিনি ক'ব পাৰিব।
সেই একেদৰে বিমান এখন যেতিয়া বহু বেছি উচ্চতাত উৰি থাকে, তেতিয়াও এনে হয়। আমি জানো যে, আকাশত উচ্চতা যিমানে বাঢ়ে অৰ্থাৎ আমি ভূ-পৃষ্ঠৰ পৰা যিমানে ওপৰলৈ যাওঁ, বায়ুমণ্ডলীয় উষ্ণতা (Atmospheric Temperature) সিমানে কমি আহে। সেয়েহে বিমানে এৰি দিয়া পদাৰ্থত থকা ভাপ খিনি তাৰ চৌপাশৰ কম উষ্ণতাৰ অঞ্চলৰ বাবে লগে লগে ঘণীভূত হৈ বগা ডাৱৰৰ দৰে ধোঁৱাৰ পটীৰ সৃষ্টি কৰে । আজিও আকাশত এই পৰিঘটনাটোৱেই ঘটিছিল। ইয়াক Condensed Trail বা চমুকৈ Contrail বুলি কোৱা হয়। Contrail সৃষ্টিৰ ক্ষেত্ৰত সেই উচ্চতাৰ বায়ুমণ্ডলৰ আৰ্দ্ৰতা (Humidity) ৰো কিছু ভূমিকা আছে। ছুটি আৰু ক্ষন্তেকীয়া Contrail ৰ অৰ্থ এয়ে যে সেই উচ্চতাত আৰ্দ্ৰতা কম আৰু বতৰ অত্যন্ত ভাল বা আকাশ মুকলি। আনহাতে, দীঘলীয়া Contrail এ বেছি আৰ্দ্ৰতা থকা আৰু বৰষুণ বা ধুমুহাৰ আগজাননী দিয়ে বুলিও কোৱা হয়। শেহতীয়া গৱেষণাই প্ৰকাশ কৰিছে যে, Contrail এ সেউজ গৃহ প্ৰভাৱ সৃষ্টি কৰি গোলকীয় উত্তাপীকৰণত অৰিহণা যোগায়।
এতিয়া নিশ্চয় গম পালে যে, আকাশৰ সেই ডাৱৰৰ বগা পটীটো আচলতে কি আছিল! 😊
Comments
Post a Comment