NEET ত বিফল হ'লে কি কৰিব?
কেইদিনমানৰ আগতে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা হ'ল। কোনোৱে আশা কৰা মতেই ফল পাইছে বা কোনো কোনোৱে ইপ্সিত ফলাফল পোৱা নাই। কোনোবা হয়তো হতাশ হৈছে। ফলাফল যিয়েই নহওক, এতিয়া সময় হৈছে আগন্তুক পৰিকল্পনা কি? হয়, পৰিকল্পনা মানে ইয়াত কেৰিয়াৰৰ কথাই কোৱা হৈছে। আজি আলোচনা কৰিম, বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ্থে। বহুতেই চিকিৎসা বিজ্ঞান-অভিযন্ত্ৰণৰ দিশে চেষ্টা এটা কৰি চাব, এইটো এক পৰম্পৰাৰ দৰে হৈছে। আমাৰ মানসপটত থিতাপি লোৱা ধাৰণাটো হৈছে, যদি মেট্ৰিকত অংক-বিজ্ঞানত লেটাৰ পাইছে তেন্তে বিজ্ঞান শাখাত পঢ়িব আৰু যদি বিজ্ঞান শাখাত পঢ়িছে, তেন্তে ডাক্তৰ নাইবা ইঞ্জিনিয়াৰ (অভিযন্ত্ৰা) হ'ব। গতিকে সকলোৱেই চেষ্টা কৰাটো স্বাভাৱিক। সেই হিচাবে আগন্তুক NEET বা JEE-Mains/Advanced পৰীক্ষা সমূহত অৱতীৰ্ণ হ'ব। সমস্যা এটা ইয়াৰ পিছতেই আহে। কিছু ছাত্ৰ-ছাত্ৰী আছে যি NEET-JEE দুয়োটা পৰীক্ষাত অৱতীৰ্ণ হয় বা কৰোৱা হয়, যিহকে পায় সেই দিশেই কেৰিয়াৰ আগুৱাই নিব। অৰ্থাৎ নিৰ্দিষ্ট লক্ষ্যহীন। বাকী সকল নিৰ্দিষ্ট, হয় NEET নহ'লে JEE। বাৰু পৰীক্ষাটো দিয়কেই, কিন্তু ফলাফল? বিফলতা আহিব পাৰে। তাৰ বাবে কি প্ৰস্তুতি? যদি চিকিৎ...