শিশু দিৱসৰ শুভেচ্ছাৰে
শিশু সকল হৈছে ভৱিষ্যতৰ মানৱ সম্পদ। অৰ্থাৎ তেওঁলোকৰ সুপ্ত প্ৰতিভা সমূহৰ বিকাশ ঘটি এদিন মানৱ জাতি বা সমাজৰ বা প্ৰকৃতিৰ কামত আহিব পৰাকৈ তেওঁলোকৰ অবিৰাম যাত্ৰা শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈ। যাত্ৰাৰ শেষত তেওঁলোক একো একোজন সম্পদ হিচাপে পৰিগণিত হ'ব। তেন্তে তেওঁলোকৰ এই প্ৰতিভা সমূহ কি? আমি বহুতে ভৱাৰ দৰে কিতাপ পঢ়ি ঢেৰ নম্বৰ পাই চৰকাৰী বা বেচৰকাৰী কাম এটা কৰিলেই তেওঁলোকৰ প্ৰতিভা বিকাশ হৈ মানৱ সম্পদলৈ সলনি হ'ব নেকি? কেৱল এইটোৱেই উপায় নে? ইয়াৰ বাহিৰে একোৱেই নাই নে? প্ৰায় সকলোকেই যে এই দৌৰটোত দৌৰিবলৈ আমি ঠেলি থাকোঁ। এজন আমাৰ চিনাকি অসামৰিক সেৱাৰ বিষয়াই কিছুদিন আগতে এষাৰ চিন্তনীয় কথা কৈছে যে মোৰ আগতেই ভাল আছিল, এতিয়া মই সৰহ দৰমহাৰ চাকৰ খাটি আছোঁ। তেওঁ ইমান ভাল পদবীত থাকিও সুখী নহয়। এজন চৰকাৰী শিক্ষকে কৈছে, মই কিয় মাষ্টৰ হ'লো ক'ব নোৱাৰো। তেৱোঁ অসুখী । তেন্তে আমি এনে এটা পৰিৱেশ সৃষ্টি কৰিব পৰা নাই নেকি যে, নিজ একক প্ৰতিভাৰ পূৰ্ণাংগ বিকাশ ঘটাই সেই কামকেই জীৱিকা হিচাপে লৈ জীয়াই আছে, সম্পদ হিচাপে অৰিহণা আগবঢ়াইছে আৰু সন্তোষত আছে। আমি বাধ্যত পৰি কাম কৰি আছো নেকি? আমাৰ শিশু সকলকো সেই একেই বাধ্য-বাধকাতাৰ মাজলৈ ঠেলি আছো নেকি? আমি তেওঁলোকক নিজৰ ভাল লগা বা প্ৰতিভা থকা দিশ এটাত বিকশিত হ'বলৈ সুযোগ দিব পৰা পৰিৱেশ সৃষ্টি কৰিব পৰা নাই নেকি? আমি আজিও আমাৰ অপূৰ্ণ আশা সিহঁতৰ দ্বাৰা পূৰোৱাৰ চেষ্টা কৰি আছো নেকি? আমাৰ পৰিয়ালত প্ৰফেছাৰ নাই, আমাৰ পৰিয়ালত ডাক্তৰ নাই, আমাৰ পৰিয়ালত ইঞ্জিনিয়াৰ নাই ইত্যাদি কাৰণেই পৰিয়ালৰ শিশু কেইজন প্ৰফেছাৰ বা অফিছাৰ হ'ব নেকি? মোৰ কিবা এটাৰ হোৱাৰ ইচ্ছা আছিল, সেইটো মোৰ নিজা। একেদৰে মোৰ সন্তানৰো নিজা কিবা ইচ্ছা থাকিব। সেই ইচ্ছা প্ৰকাশ কৰাৰ পৰিৱেশ আমি ঘৰত বা স্কুলত দিব পাৰিছো নে? শিশুৱে কেনেবাকৈ আমাক জনোৱা লক্ষ্যটো পাবলৈ পথ নিৰ্দেশনা বা Career Road Map টো আমি বনাই দিছো নে? অমুকৰ সন্তান অমুক হ'ল বুলি আমি আজিও ঘৰত চাপ দি আছো নেকি? আমাৰ স্কুলৰ পৰা তোমালোকে NEET বা UPSC পাবই লাগিব বুলি সদায় চাপ দিছো নেকি? মোৰ বন্ধুৰ আগত সন্মান বচাবলৈ সন্তানে কিবা এটা কৰি দিব লগা পৰিৱেশটো আজিও আছে নেকি? মোৰ স্কুলৰ অহা বছৰৰ নামভৰ্তি বাঢ়িবলৈ জবৰদস্তি কিবা এটা পাই দিব লাগিব নেকি এইবাৰৰ শিক্ষাৰ্থীয়ে? কথাবোৰ বহল আৰু মুকলি হ'বলৈ সময় আহি পৰিছে যেন লগা নাই নে ? বিদ্যালয়ত বা ঘৰত মৌলিক শিক্ষা সমূহ আদায় কৰি নিজ লক্ষ্য অনুসৰি সিহঁতক আগবঢ়াব বা গাইড দিব পাৰিব লাগিব আমি! কোনোবাই IIT লৈ নগৈ NSD লৈও যাব বিছাৰিব পাৰে। কোনোবাই ডাক্তৰী নকৰি ধানবাদৰ খনিৰ বিদ্যালয়লৈও (এতিয়া IIT) যাব বিচাৰিব পাৰে। কোনোবাই দৌৰিবলৈ, কোনোবাই ব্যৱসায় কৰিবলৈ বা আন কিবা কৰিবলৈ বিচাৰিব পাৰে। সেয়া ঠাৱৰ কৰি উপযুক্ত গাইড দি নিব পাৰিলেহে সিহঁতৰ সফল হোৱাৰ পৰিভাষা সলনি হ'ব আৰু মানসিক সুখ শান্তিত থাকিব পাৰিব।
সন্তানৰ Marksheet খনক নিজৰ আত্মসন্মানৰ পৰিচয় পত্ৰ বুলি ভাৱিবলৈ আমি প্ৰত্যেকেই বন্ধ কৰিব লাগিব। তেওঁলোকৰ সফলতাত ফুৰ্টি কৰাৰ দৰে বিফলতাত সাহস দিব পাৰিব লাগিব। সফলতাৰ প্ৰকৃত মাপকাঠি ডাল আমি গঢ়িব লাগিব। চোতালত SUV, Account ত অজস্ৰ ধন লৈ নিশা অকলশৰে নিজৰ হতাশা আৰু অসন্তুষ্টি বোৰ পাগুলিব পৰা সফলতাৰ ফালে সিহঁতক নেঠেলি সকলো ফালৰ পৰা এক ভাৰসাম্য বৰ্তি থকা মানসিক সুস্থতাৰ সফলতা বা কেৰিয়াৰ পথ আমি দিব পাৰিব লাগিব। সিহঁতৰ মানসিক স্বাস্থ্য ভালে ৰখাৰ সকলো চিন্তা আমি কৰিব লাগিব। সিহঁত সম্পদ হওক, আমাৰ Status Symbol হ'ব নালাগে। সিহঁত সুখী হওক। তেতিয়াহে আমি সিহঁতক "হেপ্পী চিলড্ৰেনছ ডে' " কোৱাৰ প্ৰকৃত যোগ্যতা আহৰণ কৰিম। এইক্ষেত্ৰত এনে এক চাপহীন যোগাত্মক পৰিৱেশ সৃষ্টি কৰাত সকলো অভিভাৱক আৰু আমাৰ দৰে প্ৰতিজন শিক্ষকৰ সাংঘাতিক গধুৰ দায়িত্ব আৰু গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি ভাৱ হয়। আহকচোন কিছুমান কথা আৰু চিন্তাধাৰ সলনি কৰোঁ। তেওঁলোকক কথা কোৱাৰ বা মত প্ৰকাশৰ সুযোগ দিওঁ। তেওঁলোকৰ সপোনটোক প্ৰতিপালন কৰোঁ। সিহঁতৰ হেঁচাবোৰ কমাও আহক। সিহঁতৰ বৌদ্ধিক আৰু মানসিক উত্তৰণৰ সহযোগী হওঁ আহক।
Comments
Post a Comment