“এডভান্স নাথাকিলে চায়েন্স পঢ়িব পাৰি জানো?”
“ এডভান্স নাথাকিলে চায়েন্স পঢ়িব পাৰি জানো? ” “ ভালকৈ পঢ়া দেই, নাইনত এডভান্স ল’ব লাগিব কিন্তু, নহ’লে চায়েন্স পঢ়িব নোৱাৰিবা, তেতিয়া ইঞ্জিনিয়াৰ কেনেকৈ হ’বা? ” আমাৰ বহু সংখ্যক ল’ৰা-ছোৱালীয়ে নৱম শ্ৰেণীলৈ উন্নীত হোৱাৰ আগতে অভিভাৱক-শিক্ষক-শুভাকাংক্ষীৰ পৰা শুনিবলৈ পোৱা এটি সাৱধান বাণীৰ দৰে উপদেশ, যদিও উপদেশ দাতা সকলৰ কেইজনে উচ্চ-গণিত (ঐচ্ছিক-গণিত) পঢ়ি বিজ্ঞান শাখাত পঢ়ি আহিছে সেইটো সিহঁতে বা আমিও নাজানো | “ উপদেশতকৈ আৰ্হি ভাল ” কথাটো আমি সদায় মনত নাৰাখো দিয়কচোন! বাৰু বাদ দিয়ক সেইয়া ! “ আমাৰ ইয়াৰ এডভান্স নাছিল নহয়, ছায়েন্সত পাৰিব জানো? ” বা “ আপোনাৰ ছোৱালী জনীৰ এডভান্স আছিল জানো, ছায়েন্সত দিবলৈ লৈছে যে? ” দেউতাক বা মাক গৰাকী দোধোৰ-মোধোৰ, কি হ’ব এতিয়া? উচ্চ-গণিত নাথাকিলে বিজ্ঞান শাখাত পঢ়িব পাৰিব জানো? বিজ্ঞান শাখাত পঢ়াৰ একমাত্ৰ অৰ্হতা উচ্চ-গণিত বিষয়টো পঢ়ি অহা নেকি? পাঠক ৰাইজ, শিক্ষা ক্ষেত্ৰত জড়িত হৈ থকাৰ মোৰ অভিজ্ঞতাৰ পৰা মোৰ অনুভৱ আপোনালোকৰ আগত ডাঙি ধৰিছো মাত্ৰ | উপৰোক্ত দুটি সমস্যাৰ দৰে সমস্যা নিশ্চয় কোনো কোনোৱে ভূগিছে, নিশ্চয় সেই ভূক্তভোগী সকলৰ ছাত্ৰ-ছাত্ৰী সকল SEBA ৰ অধীনৰ বি...