এইটো কিয় হ’ল নো?

“আপেলটো চোন সৰি পৰিল! কিয় বাৰু? – এইটো কাৰোবাৰ মনত উদয় হোৱা এটি মাথো সাধাৰণ প্ৰশ্ন আছিল | কিন্তু অনুসন্ধিৎসু মনৰ তাড়নাত তেওঁ বিচাৰি উলিওৱা উত্তৰে সলায় পেলালে সমগ্ৰ বিশ্বৰ চিন্তাধাৰাক | আমি প্ৰত্যেক জন অগ্ৰজই হয়তো অনুভৱ কৰো শিশু বোৰৰ সেই একেই অনুসন্ধিৎসু মনবোৰৰ কথা আৰু সিহঁত বোৰ নিশ্চয় আমাৰ সন্তান, ভাগিন-ভতিজা, ছাত্ৰ-ছাত্ৰী বা আন কোনোবা ! সিহঁত বোৰে আমাক কেনেধৰণৰ প্ৰশ্ন কৰে সেই বিষয়ে বহলাই কোৱাটো নিশ্চয় অপ্ৰয়োজনীয়, যিহেতু আমাৰ প্ৰত্যেকৰে তেনে অভিজ্ঞতা কম-বেছি পৰিমানে আছে, কিন্তু সিহঁতবোৰৰ এই বিভিন্ন “কি? কিয়? কেনেকৈ? ক’ত? কেতিয়া? কোনে?” আদিবোৰৰ সহজ সৰল উত্তৰ বোৰেই হয়তো “বিজ্ঞান” বুলি আমি যাক বুজো ! শিশুৰ শাৰীৰিক বিকাশৰ সমান্তৰালকৈ হৈ থকা বৌদ্ধিক আৰু মানসিক বিকাশ বা “মগজু”ৰ বিকাশৰ সময় চোৱাত সিহঁত বোৰে আমাক এনেবোৰ কথা সুধি ব্যতিব্যস্ত(?) কৰে বা কৰে বুলি আমি হয়তো ভাৱো, কাৰণ কোন সময়ত আমি কি সমস্যা বা চিন্তা লৈ ব্যস্ত থাকো তাৰ বিষয়ে সিহঁত অজ্ঞ | গতিকে সিহঁতৰ হয়তো সেই অধিকাৰ নাই বুলি আমি ভাৱো বা এনেকৈও ভাৱো কেতিয়াবা, “এই বয়সতে এইবোৰ জানি কি কৰিবনো বা কিযে অদৰকাৰী কথাবোৰ সুধি থাকে এইবোৰে?” | কিন্তু প্ৰকৃতিৰ এই সুন্দৰ ৰহস্য বোৰৰ বিষয়ে সিহঁতৰ কৌতূহলক আমিবোৰে কেতিয়াবা অজানিতে নোহোৱা কৰি পেলাওঁ নেকি? আমাৰ বাবে হোৱা সাধাৰণ কথা বোৰ সিহঁতৰ বাবে টো কিছুমান অবুজ সাঁথৰ, অন্ততঃ মোৰ শৈশৱত এনে বহু সাঁথৰ আছিল | ঢাকোন খোলা কলহ এটাত হে পানী ভৰে, যদি আমি ঢাকোন লগাই থওঁ নিশ্চয় পানী নভৰিব | একেদৰে মুক্ত মনৰ চিন্তাৰে ভৰপূৰ সিহঁতৰ মগজুৰ ঢাকোন খনো আমি খোলাই ৰাখিব লাগিব, যদিহে সিহঁত বোৰে জ্ঞান লোৱাটো আমি বিছাৰো | “এইটো নুসুধিবা, সেইটো নুসুধিবা, এইটো মই নাজানো মাক কোৱাগৈ, এইটো এতিয়া নালগে, পিছত শিকিবা” ৰ দৰে আমাৰ উত্তৰ বোৰে বাৰু সিহঁতৰ মগজুৰ ঢাকোন খন বন্ধ কৰি দিয়ে নেকি বাৰু? বছৰ বাগৰি যোৱাৰ পিছত হয়তো কেতিয়াবা “বিজ্ঞান” অতি কঠিন এক দুৰূহ বিষয় হৈ পৰিব ইহঁত বোৰৰ কাৰনে ! আমি কাক জগৰীয়া কৰিম বা কৰো তেতিয়া? “আমাৰ ই বিজ্ঞান একেবাৰে টান পায়, টিউচনো দিছো, কি হয় জানো?” ৰ দৰে অৱস্থা আমাৰ হয়তো হয় বহুতৰে! “খাৰ দিয়া তৰকাৰীত কিয় হালধী নিদিয়া তুমি, মা?” ৰ দৰে আন বহুতো প্ৰশ্নৰ উত্তৰ যদি আমি নিজে নাজানিলেও আন কাৰোবাৰ পৰা সুধি আহি সময় মতে কৈ দিয়া হ’লে নিশ্চয় “কি-কিয়” আদিৰে পৰিপূৰ্ণ বিজ্ঞান সহজ হ’ল হেতেন !এবাৰ কিছু কথা অলপ বেলেগকৈ ভাৱি চাওঁ আহক | এই যেনে ধৰক, যিকোনো ভাষাৰ সাহিত্যৰ কবিতা এটা, যিটো ব্যক্তি এজনে কেনে মানসিক অৱস্থা বা কেনে পৰিৱেশত লিখিছে তাৰ কোনো সঠিক ধাৰণা আমাৰ হাতত নাই যদিও কাল্পনিক ব্যাখ্যা এটা আমি আগবঢ়াই দিও আৰু শিশু এজনে সেইটো বুজি পাই মনত ৰাখে | বুৰঞ্জীৰ কোনো এটা বিখ্যাত ঘটনা এটাৰ বিৱৰণী আমি তথ্যৰ লগতে কিছু কল্পনাৰ ৰহণ সানি ব্যাখ্যা কৰো যিটো সিহঁতে মনত ৰাখে | অৰ্থনৈতিক বা বীমা প্ৰতিষ্ঠান বোৰৰ বিষয়ে আমি কোনো সমল নোহোৱাকৈয়ে সিহঁতক বুজাই দিব পাৰো | পাহাৰ, পৰ্বত, গোলাৰ্ধ, গ্ৰাম্য অৰ্থনীতি, অৱবাহিকা, আগ্নেয়গিৰি, অংশীদাৰী বজাৰ, এটা অচিন ভাষা আদি এনে বহুতো কথা আমি অতি সহজে বুজাই সিহঁতক পাকৈত কৰিব পাৰো, কিন্তু হাততে পোৱা কণী এটা লৈ কোষৰ মৌলিক ধাৰণা দিবলৈ আমি অপাৰগ, য’ত কোষাৱৰণ আৰু কোষবেৰৰ পাৰ্থক্যই সিহঁতক জুৰুলা কৰে | সঠিক ব্যাখ্যা নোহোৱা কিছুমান প্ৰচলিত নিয়ম (যি বোৰ সততে উলংঘা হৈয়ে থাকে) সম্বলিত ব্যাকৰণ অতি সহজ কিন্তু দেখি থকা বাষ্পীভৱন, জলবতাহ-স্থলবতাহৰ কথা অতি টান |বিজ্ঞান শিক্ষাৰ নামত আমি মাথো কিছুমান নিয়ম, সূত্ৰ, সংজ্ঞা, গাণিতীক সমস্যাৰ সমাধান শিকাই আছো নেকি? অৰ্থাৎ বিজ্ঞান শিকোৱাৰ পৰিৱৰ্তে বিজ্ঞানৰ ব্যাকৰণ শিকাই আছো নেকি? যি বোৰ মনত ৰাখি বিজ্ঞানৰ ক্ষেত্ৰ খনত এটা ভাল আয়ৰ কেৰিয়াৰ গঢ়িব পাৰি | হয়তো আমাৰ ব্যৱহাৰিক জীৱনত এনে বহু সমীকৰণৰ প্ৰয়োজন নাথাকিবও পাৰে, কিন্তু আমি মনত ৰাখো আৰু কেৰিয়াৰ গঢ়ো আৰু পিছত শিশুৰ জ্ঞানপিপাসু মনটোৰ প্ৰশ্ন এটাৰ সঠিক উত্তৰ দিয়াৰ পৰা বিৰত থাকো কাৰণ আমি কেৰিয়াৰ গঢ়িবলৈহে মনত ৰাখিছিলো, শিক্ষালাভৰ বাবে নহয়! সেয়ে হয়তো আইনাষ্টাইনে কৈছিল, “Education is what remains after one has forgotten everything he learned in school” অৰ্থাৎ পঢ়াশালিত যিবোৰ পঢ়িছিলো বা শিকিছিলো সেই সকলোবোৰ পাহৰি যোৱাৰ পিছত যি অলপ মনত থাকি গ’ল সেয়াই হয়তো আমাৰ শিক্ষাৰ্জিত জ্ঞান | যদি আমি সেয়া পিছৰ প্ৰজন্মলৈ বোৱাব নোৱাৰো তেন্তে আমি একো নিশিকিলো | এবাৰ ভাৱি চাবচোন, কথাবোৰ এনেকুৱাই নেকি আমাৰ বহুতৰে বাবে?এতিয়া আহো, শিশু বোৰৰ এনে প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ নো আমি কি কৰিব পাৰো? তলৰ উপায় কেইটা বাৰু অৱলম্বন কৰিব পাৰি নেকি ভাৱি চাবচোন –১) শিশুৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ লগে লগে গুৰুত্ব দি শুনাৰ চেষ্টা কৰিম | উত্তৰ নাজানিলেও অন্ততঃ উপেক্ষা নকৰো সিহঁতক , আমিয়ে যদি গুৰুত্ব দি নুশুনো, ডাঙৰ হ’লে আমাৰ কথা শুনিব জানো ? লগতে আপোনাৰ পৰা তেওঁ এইটোও শিকিব যে, “ভাল বক্তা নহ’লেও, ভাল শ্ৰোতা হোৱাটো ভাল গুণ” |২) উত্তৰ নজনাটো কোনো ডাঙৰ কথা নহয়, কিছু সময়ৰ পিছত কাৰোবাৰ পৰা সুধি (আজিৰ দিনত Google, Wikipedia আছেই) উত্তৰ দিয়াৰ চেষ্টা কৰিব | যদি সকলো নাজানো বুলি কৈ থকা হয়, ডাঙৰ হ’লে আপোনাক হয়তো ক’ব, “তুমি কি জানানো দেউতা?”, হয়নে বাৰু?৩) যদি আপুনি উত্তৰ জানে, তেন্তে উত্তৰবোৰ সিহঁতৰ বোধগম্যতাৰ পৰ্যায়ত দিবলৈ চেষ্টা কৰক , আপুনি যিদৰে পঢ়িছে বা জানে তেনেকৈ নহয় | আপুনি মেধাৱী, গতিকে সৰুৰে পৰা পঢ়ি আহি প্ৰায় ২২-২৩ বছৰ বয়সতহে কথাবোৰ ভালদৰে বুজি পোৱা হৈছে বা জানিছে | গতিকে সেই পৰ্যায়ৰ উত্তৰ একেদিনাই সিহঁতৰ মগজুত সোমোৱাতো অসম্ভৱ | পিছত আকৌ সুধিলে, “কিয়, সিদিনা কোৱা নাছিলো নেকি? ইমান সোনকালে পাহৰিলাই নে?” | যিটো কথা আপুনি আয়ত্ত কৰোতে ১৫-১৮ বছৰ লাগি গ’ল, সেইটো একেদিনাই এটা শিশুৰ অপৈনত মগজুৱে মনত ৰাখিব ? সিহঁতৰ বোধগম্যতাৰ পৰ্যায়ত উত্তৰ দিলে হয়তো মনত ৰাখিবলৈ সহজ হ’ব ! “মা, দাস আংকল হঁতৰ নতুন মাইনাটো কেনেকৈ আনিলে?” বুলি সোধা প্ৰশ্নটো ৰ উত্তৰ যদি আপুনি কয়, “শুক্ৰাণু আৰু ডিম্বানুৰ নিউক্লিয়াছৰ মিলনৰ ফলত সৃষ্টি হোৱা যোজন কোষেই হ’ল নতুন মাইনাটো” তেন্তে শিশুটোৱে আপোনাৰ ফালে মুখ মেলি চায় থাকিব | এনে এটা প্ৰশ্ন পালে সাধাৰণতে আমি কও “হস্পিতালৰ পৰা আনিলে, ওপৰৰ পৰা আহিলে, এইবোৰ জনাৰ দৰকাৰ নাই” ইত্যাদি ইত্যাদি | যদি আপোনাৰ সন্তানে তেনে এটা প্ৰশ্ন কৰাৰ যোগ্যতা আছে, বয়স যিমানেই নহওক কিয়, তাৰ উত্তৰ পোৱাৰো আধিকাৰ আছে | কিন্তু কৈ চাবচোন এনেদৰে, “তুমি জানানে যে, এই কল জোপাৰ তলত কেনেকৈ কল পুলি ওলাল?”, “নতুন আম পুলি টো ক’ৰ পৰা আহিল?” | ইয়াৰ ফলত আপুনি শিশুটোক নতুনকৈ ভৱাৰ খোৰাক দিলে আৰু এটা অপ্ৰস্তুত অৱস্থাৰ পৰাও হাত সাৰিলে | তাৰ পিছৰ খিনি নিৰ্ভৰ কৰিব শিশুটোৰ উত্তৰৰ ওপৰত | পৰাপক্ষত কথাবোৰ লুক-ঢাক নকৰাকৈ সিহঁতে বুজি পোৱা ধৰণে ক’ব পাৰিলে ভাল, নহ’লে এনে অনুসন্ধিৎসাই পিছত কৈশোৰ কালত কিছুমান অপৰাধৰ প্ৰৱণতাও জন্ম দিব পাৰে বুলি মোৰ ভাৱ হয় | ৪) আকৌ লগে লগে উত্তৰ দিয়াতকৈ বেলেগ এটা আনুসাংগিক প্ৰশ্নৰ অৱতাৰনা কৰি সিহঁতক চিন্তা কৰাৰ থল দিলে শিশুবোৰ যথেষ্ট লাভৱান হয়, নহ’লে আপোনাৰ পৰা উত্তৰ পাওতে পাওতে জীৱনত সন্মুখীন হোৱা সকলো প্ৰশ্নৰে উত্তৰৰ বাবে আপোনালৈ বাট চাব আৰু হয়তো আপুনি কেতিয়াবা ক’ব লগা হ’ব, “তুমি নিজে ভাৱিব নাজানা নেকি, সকলো কথা ময়ে শিকাই থাকিম নে, তুমিটো ডাঙৰ হ’লা এতিয়া!” |৫) শিশুবোৰে কিন্তু নজনা কথাৰ ৰহস্য উদ্ঘাটন কৰিবলৈ অহৰহ চেষ্টা কৰে | মই তেনেই সৰুতে ৰেডিঅ’ত মাত কেনেকৈ ওলায় বিছাৰি গৈ বিদ্যুতৰ মহিমা ভালকৈ বুজি গৈছিলো | গতিকে আজিৰ সময়ৰ শিশু বোৰেও হয়তো বিছাৰি ফুৰে উত্তৰ! গতিকে সিহঁতে ঘৰতে কিবা কিবি কৰি থাকে, যিটো আমি সুক্ষ্ম ভাৱে নিৰীক্ষণ কৰাৰ পৰিৱৰ্তে ঘৰ কিয় লেতেৰা কৰিছা বুলি “মগজুৰ ঢাকোন” খন মাৰি দিও আৰু টি.ভি. ৰ সন্মুখত কাৰ্টুন লগাই বহোৱাই থও, পিছত আমাৰ সমস্যা হয় “আমাৰ ই ইমান টি.ভি. চায়, মোৰ বৰ চিন্তা হয়” জাতীয় | কিন্তু যেতিয়া সি নিজে কিবা কৰা বা শিকাৰ চেষ্টা কৰিছিল, আমিয়েইটো তাক বাধা দিছিলো, গতিকে যেনে কৰ্ম তেনে ফল | গতিকে আমি বাধা দিয়াৰ পৰিৱৰ্তে উৎসাহ যোগাই পাৰিলে সহায় হে কৰিব লাগে যাৰ ফলত শিশুটোৰ বিকাশৰ লগতে আপোনাৰ শিশুটোৰ সৈতে সম্পৰ্কও দৃঢ় হ’ব, সি আপোনাক সাৰথি জ্ঞান কৰিব আৰু সি আপোনাৰ নিয়ন্ত্ৰণত থাকিব | মই থিকেই ভাৱিছোনে |৬) ভাৰতবৰ্ষৰ শিশু সমূহৰ কৌতূহলী মনটোক প্ৰতিপালন কৰাৰ উদ্দেশ্যেৰে ১৯৯৩ চনৰে পৰা বছৰি অনুষ্ঠিত হৈ থকা “ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (National Children’s Science Congress)” ৰ দৰে অনুষ্ঠান সমূহত আপোনাৰ ১০ বছৰ বা তাৰ উৰ্দ্ধৰ সন্তান, ছাত্ৰ-ছাত্ৰীক যোগদান কৰাওক | আপুনি ভূলতো নাভাৱিব যে এনে কৰিলে অধ্যয়নত ক্ষতি হ’ব, মাৰ্কশ্বিট খন অলপ বেয়া হ’ব | কেতিয়াও তেনে নহয়, বৰঞ্চ পৰীক্ষামূলক ভাৱে সমস্যা এটাৰ বিষয়ে অধ্যয়ন কৰিলে নিশ্চয় শিশুটোৰ বিকাশ হ’ব | মিছনেৰী স্কুল, বিদ্যাভাৰতীৰ বিদ্যালয় সমুহত হোৱা বিজ্ঞান মেলা, আৰ্যভট্ট বিজ্ঞান মেলাৰ দৰে বিভিন্ন বিজ্ঞান আৰ্হি প্ৰতিযোগিতা সমূহত আনে কৰি থোৱা কিবা এটা জাকজমকতাৰে সজাই পৰাই অনাতকৈ উদ্ভাৱনী মূলক কিবা এটা কৰাত উৎসাহ যোগাওক | মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছো, এনে অনুষ্ঠান বোৰত অংশ গ্ৰহণ কৰাবলৈ আমিবোৰে কেতিয়াবা কোনোবা বীমা কোম্পানীৰ প্ৰতিনিধিৰ দৰে (ঋণাত্মক ভাৱে গ্ৰহণ নকৰে যেন) কোনো অভিভাৱকক বা কিছু সংখ্যক শিক্ষকক খাতিৰ কৰিব লগা হয়, যিটো অতি দূৰ্ভাগ্য জনক বুলি ভাৱো | কোনোবাই হয়তো মন্তব্য কৰে, “এইবোৰ কৰি আমাৰ কি লাভ হ’ব? পইছা কেইটাহে যাব |” ভালকৈ ভাৱি চাবচোন, এইবোৰ কৰিলে ভৱিষ্যত প্ৰজন্মটোৰ কি কি লাভ হ’ব? উত্তৰ আপোনাৰ হাতত | এনেবোৰ ক্ষেত্ৰত আমি স্বতৰ্স্ফুত ভাৱে যোগদান কৰিব লাগে মাথো আমাৰ শিশু সকলৰ বিকাশৰ বাবে |গতিকে আমাৰ এই দীঘলীয়া আলোচনাৰ পৰা আমি নিশ্চয় গম পাইছো যে, বিজ্ঞান কেৱল বিজ্ঞান কিতাপ খন বা বিজ্ঞান বিষয় নহয়, ই হৈছে আমি বোৰে সৰুৰে পৰা দেখি থকা, সন্মুখীন হোৱা প্ৰকৃতিৰ নানা সাঁথৰ বোৰৰ “কি-কিয়-কেনেকৈ” বোৰ | প্ৰকৃতিৰ এনে সত্যানুসন্ধানত যদি নিৰন্তৰ শিশু বোৰৰ সহযোগী হও, নিশ্চয় “বিজ্ঞান, ইমান টান” হৈ নাথাকিব আৰু সিহঁতে উপভোগ কৰা আৰম্ভ কৰিব আৰু সুন্দৰকৈ শিকিব | আমাৰ এনে চিন্তাধাৰাই অনাগত দিনবোৰত এখন অন্ধবিশ্বাস ৰহিত, যুক্তিবাদী সমাজ গঢ়াত নিশ্চয় সহায়ক হ’ব |কেইটামান Website ৰ Link দিছো, আপোনালোকৰ সহায়ক হ’ব বুলি !১) http://www.hbcse.tifr.res.in/২) http://www.dst.gov.in/৩) http://vigyanprasar.gov.in/৪) http://ncsc.co.in/৫) http://www.astec.gov.in/৬) https://www.livescience.com/৭) http://www.sciencefun.org/

Comments

Popular posts from this blog

উচ্চতৰ মাধ্যমিকত Physics কিয় টান?

গণিত আৰু বিজ্ঞান বিষয় ইমান টান কিয়?

ফাৰ্ষ্ট ইয়েৰ, ৰেষ্ট ইয়েৰ