এইটো কিয় হ’ল নো?
“আপেলটো চোন সৰি পৰিল! কিয় বাৰু? – এইটো কাৰোবাৰ মনত উদয় হোৱা এটি মাথো সাধাৰণ প্ৰশ্ন আছিল | কিন্তু অনুসন্ধিৎসু মনৰ তাড়নাত তেওঁ বিচাৰি উলিওৱা উত্তৰে সলায় পেলালে সমগ্ৰ বিশ্বৰ চিন্তাধাৰাক | আমি প্ৰত্যেক জন অগ্ৰজই হয়তো অনুভৱ কৰো শিশু বোৰৰ সেই একেই অনুসন্ধিৎসু মনবোৰৰ কথা আৰু সিহঁত বোৰ নিশ্চয় আমাৰ সন্তান, ভাগিন-ভতিজা, ছাত্ৰ-ছাত্ৰী বা আন কোনোবা ! সিহঁত বোৰে আমাক কেনেধৰণৰ প্ৰশ্ন কৰে সেই বিষয়ে বহলাই কোৱাটো নিশ্চয় অপ্ৰয়োজনীয়, যিহেতু আমাৰ প্ৰত্যেকৰে তেনে অভিজ্ঞতা কম-বেছি পৰিমানে আছে, কিন্তু সিহঁতবোৰৰ এই বিভিন্ন “কি? কিয়? কেনেকৈ? ক’ত? কেতিয়া? কোনে?” আদিবোৰৰ সহজ সৰল উত্তৰ বোৰেই হয়তো “বিজ্ঞান” বুলি আমি যাক বুজো ! শিশুৰ শাৰীৰিক বিকাশৰ সমান্তৰালকৈ হৈ থকা বৌদ্ধিক আৰু মানসিক বিকাশ বা “মগজু”ৰ বিকাশৰ সময় চোৱাত সিহঁত বোৰে আমাক এনেবোৰ কথা সুধি ব্যতিব্যস্ত(?) কৰে বা কৰে বুলি আমি হয়তো ভাৱো, কাৰণ কোন সময়ত আমি কি সমস্যা বা চিন্তা লৈ ব্যস্ত থাকো তাৰ বিষয়ে সিহঁত অজ্ঞ | গতিকে সিহঁতৰ হয়তো সেই অধিকাৰ নাই বুলি আমি ভাৱো বা এনেকৈও ভাৱো কেতিয়াবা, “এই বয়সতে এইবোৰ জানি কি কৰিবনো বা কিযে অদৰকাৰী কথাবোৰ সুধি থাকে এইবোৰে?” | ক...