ফাৰ্ষ্ট ইয়েৰ, ৰেষ্ট ইয়েৰ
১৬ বছৰীয়া কিছুমান ভৱিষ্যতৰ দেশৰ ধৰণী। মেট্ৰিকত উত্তীৰ্ণ হৈ একাদশ শ্ৰেণীত নামভৰ্তি কৰে। প্ৰায় ৬০-৮০ দিনৰ এটা বিৰতিৰ মূৰত পুনৰ শিক্ষা জীৱন আৰম্ভ কৰে। তেওঁলোকৰ মনত বা অভিভাৱকৰ মনত বহুতো নতুন সপোন। নিজৰ ভৰিত থিয় হ'ব পৰাকৈ কিবা এটা হ'বলৈ যেন বেছি দিন নাই। অৰ্থাৎ, সন্মুখৰ শিক্ষাবৰ্ষ দুটা তেওঁলোকৰ জীৱনৰ গতি নিৰূপক সময়। সেয়া আমি সকলোৱে জানো বা বুজো।
আজিৰ সময়ত, শিক্ষাৰ্থী এজনক পথচ্যুত কৰিব পৰা বাহ্যিক কাৰক বহুত আছে। মেট্ৰিকৰ সময়লৈ প্ৰায় শাসনৰ বান্ধোনত থকা শিক্ষাৰ্থী এজন যেন কোনোবা সময়ত বান্ধোনৰ বাহিৰ হৈ যায়। ঘৰৰ পৰা আতৰত থাকি পঢ়া বা ঘৰত থাকিয়েই পঢ়া, যিয়েই নহওক, ৰঙীন চৌপাশে যেন তেওঁলোকত বেছিকৈ আকৰ্ষিত কৰে। আমাৰ সময়ত আজিৰ বহুত কাৰক নাছিল। সেয়ে সমস্যা বোৰ একে হৈ থকা নাই, বৰঞ্চ আমাৰ সময়ৰ বাহ্যিক কাৰক বোৰৰ সৈতে নতুন কাৰক যোগ হৈছে। চকুৰ আগতে বহু মেধাৱী শিক্ষাৰ্থী এই কাৰক বোৰৰ ফান্দত পৰি পথচ্যুত হৈছে।
এইখিনিতে, "মানসিক দৃঢ়তা থাকিলে, বাহিৰা কথাই আমনি কৰিব নোৱাৰে" বুলি যুক্তি এটা মোৰ মনলৈও আহিছে। সমস্যাৰ সমাধান সেইটো নহয়। মানসিক দৃঢ়তা বা লক্ষ্য স্থিৰ নথকা সকল মানৱ সম্পদ নহয় নেকি? নে তেওঁলোকক আমি শিক্ষাৰ্থী বুলি স্বীকৃতি নিদিও? সকলোৱেই সমানে যোগ্য এই সমাজত বৰ্তি থাকিবলৈ।
অভিজ্ঞতাৰ পৰা ক'ব পাৰি, ছাত্ৰ-ছাত্ৰীয়ে বছৰৰ শেষৰ চূড়ান্ত পৰীক্ষা বা মূল্যাংকনক বহুত গুৰুত্ব দিয়ে। তেওঁলোকৰ সেই পৰীক্ষাটো এটা বছেৰেকীয়া "হ্ৰস্বম্যাদী লক্ষ্য"। মানে, বছৰে বছৰে ভাল মাৰ্কশ্বিট এখন গোটাই গৈ থাকিলেই কিবা এটা হ'মগৈ বুলি ভাৱে। সেইটো নোহোৱাও নহয়, বহুক্ষেত্ৰত। ভাল কিবা এটা হ'বলৈ মাৰ্কশ্বিট খনে সহায় কৰেই। আলোচনাটো নম্বৰ দৰকাৰী নে জ্ঞান দৰকাৰীৰ ফালে নিনিও। আকৌ, চূড়ান্ত পৰীক্ষাটো গাম্ভীৰ্য পূৰ্ণ হ'লে ফলাফলো মূল্যৱান হয়। মানে "ৰিজাল্ট কি হ'ল ঔ?" বুলি সুধিলে গপছ উত্তৰ এটা দিব লগা হ'বই, সেই খাতিৰতে বছৰৰ শেষৰ পৰীক্ষাৰ গুৰুত্ব বাঢ়ি যায়। গতিকে, মানসিক দৃঢ়তা থকা বা নথকা, সকলো শিক্ষাৰ্থীয়ে অতি গুৰুত্ব সহকাৰে অধ্যয়ণ কৰে। ১৬-১৭ বছৰীয়া ল'ৰা-ছোৱালীয়ে মনোযোগেৰে পঢ়িলে পাৰিবই বুলি বিশ্বাস আছে। এই "মনোযোগ"ৰে অভাৱ আজিৰ ব্যৱস্থাত। তেওঁলোকৰ মন গৈ বেলেগ বিষয়ত যোগ হৈ থাকে। অধ্যয়ণলৈ ওভতাই আনিবলৈ বৰ জটিল। তাতে মেট্ৰিকৰ পিছৰ বন্ধৰ সময় খিনি, ভাল ফলাফলৰ পিছত কৰা বিৰোচিত সম্বৰ্ধনাই বহুতৰে মনত সৃষ্টি কৰা মিছা আৰু সাময়িক অপ্ৰয়োজনীয় আত্মবিশ্বাস বা দম্ভ, ভাল ফলাফলৰ চুক্তিত আৰ্জন কৰা কিবা দামী বক্সিছ বা উপহাৰ ইত্যাদি আছেই। অৰ্থাৎ, শিক্ষাৰ্থী জনৰ শিক্ষালাভৰ প্ৰক্ৰিয়াত বা মানসিক স্থিতিত এক দীঘলীয়া যতি চিহ্নই থিতাপি লয়।
এই বোৰৰ লগতে সোণত সুৱগা চৰায়, একাদশত পাছ কৰিবই বুলি থকা ব্যৱস্থাই। দুটা বাধ্যতামূলক আৰু চাৰিটা ঐশ্চিক বিষয় সহ মুঠ ছটা বিষয়। মাতৃভাষা (বা Alt. Eng.) আৰু ইংৰাজীত উত্তীৰ্ণ হয়েই। বাকী চাৰিটাৰ এটাত উত্তীৰ্ণ হ'লেই দ্বাদশলৈ উন্নীত। মানে তিনিটা বিষয়ত অনুত্তীৰ্ণ হ'লেও কথা নাই। যদিও প্ৰশ্ন সমূহ AHSEC য়ে যুগুতাই, পৰীক্ষণ নিজ শিক্ষানুষ্ঠানতে হয়, তথাপিও তিনিটাত ফেইল কৰি পাছ কৰিব পৰা ব্যৱস্থাই একাদশৰ বছৰৰ শেষৰ পৰীক্ষাটোৰ গুৰুত্ব বহু ছাত্ৰ-ছাত্ৰীৰ মনত কমাই তোলে যেন অনুভৱ হয়। তেওঁলোকৰ মনোযোগ যেন, আনফাললৈ গুছি যায়। শিক্ষা জীৱনত তিনিটা বিষয়ত ফেইল কৰিও উত্তীৰ্ণ হ'ব পৰা অভূতপূৰ্ব ঘটনাৰ বাবে তেওঁলোক অজানিতে সাজু হয়। তেওঁলোক এইখিনিতে পথচ্যুত হয়। কেতিয়াবা এজন কৰ্তৃত্বশীল তত্ত্বাৱধায়ক বা অভিভাৱকৰ অনুপস্থিতিয়েও ইয়াত ইন্ধন যোগায়। এটা গুৰুত্বপূৰ্ণ বছেৰেকীয়া পৰীক্ষাৰ অনুপস্থিতিত তেওঁলোকক এটা শিক্ষাবৰ্ষৰ দীঘলীয়া সময়ত লক্ষ্য-উদ্দেশ্য সোঁৱৰাই দিয়া ব্যক্তিৰ অভাৱ হয়।
ইয়াৰ পাৰ্শ্বক্ৰিয়া বহুত। কলা বা বাণিজ্য শাখাৰ বিশেষ অভিজ্ঞতা নাই, কিন্তু বিজ্ঞান শাখাৰ শিক্ষাৰ্থীক যোৱা এক দশক কাল লগ পোৱাৰ অভিজ্ঞতাৰ পৰা এষাৰ কথাই ক'ব পাৰো এতিয়া, সেয়া হৈছে মেধাৱী অথচ পথচ্যুত শিক্ষাৰ্থী সকলক লৈ দ্বাদশ শ্ৰেণীৰ পাঠদানৰ আৰম্ভণিত নিজকে বৰ অসহায় যেন লাগে, হতাশাই আৱৰি ধৰে। বিশিষ্ট শিক্ষাবিদ বা সংশ্লিষ্ট কৰ্তৃপক্ষই এই সমস্যাৰ গভীৰতা অনুধাৱন কৰি উপযুক্ত ব্যৱস্থা নল'লে, আমাৰ হতাশা কেতিয়াও শেষ নহয়। দ্বাদশত আয়ত্ত্ব কৰিবলগীয়া বহু কথা একাদশৰ পূৰ্বজ্ঞানৰ অভাৱত থাকি যায়। শিক্ষাৰ্থী জনৰ হতাশা আহে। একাদশৰ ভুল সোধৰাই, ভালকৈ আগবাঢ়ো বুলি ভাৱিলেও উজুটি খায় তেওঁলোকে। সৰ্বভাৰতীয় প্ৰৱেশিকা পৰীক্ষা সমূহত একাদশ-দ্বাদশ বুলি একো নাই, প্ৰশ্ন আহিবই। প্ৰথম বাৰতে সফল হোৱাৰ হাৰ অতি কম। দুবছৰ পঢ়াৰ পিছতো আকৌ ধন আৰু সময় খৰছ কৰি বিশেষ প্ৰস্তুতি চলাব লগা হয়। আত্মবিশ্বাস একেবাৰে নোহোৱা হৈও যায়, ইত্যাদি।
এই সমস্যাটোৰ সম্পূৰ্ণ দোষ শিক্ষাৰ্থী সকলৰ ওপৰত জাপি দিয়া উচিত নহ'ব। সচৰাচৰ শুনিবলৈ পাওঁ, "আমি পঢ়াওঁ, সিহঁতেহে নপঢ়ে" ইত্যাদি। পঢ়িব কিয়, পৰীক্ষাত ফেইল হ'লেও পাছ। সাম্প্ৰতিক সময়ত পৰীক্ষা বাতিল এটা অৱধাৰিত উপায় হৈছেই। গতিকে পঢ়িব কিয়? শিক্ষাৰ প্ৰক্ৰিয়াক যেন অৱহেলা কৰা হৈছে পৰিস্থিতিৰ দোহাই দি! গতিকে পঢ়িব কিয়? আমি কেইজনক গৈ বুজাম, পঢ়াৰ উদ্দেশ্যৰ বিষয়ে?
যদি একাদশৰ পৰীক্ষা পদ্ধতিত পাছ-ফেইলৰ নিয়মটো সংশোধন হয়, অৰ্থাৎ আটাইকেইটা বিষয়ত উত্তীৰ্ণ হোৱাৰ লগতে ফলাফলটো মেট্ৰিকৰ দৰে কেন্দ্ৰীয় ভাৱে প্ৰকাশৰ ব্যৱস্থা হয়, তেতিয়া একাদশ শ্ৰেণীৰ গুৰুত্ব বাঢ়িব, মানসিক দৃঢ়তা নহ'লেও "হ্ৰস্বম্যাদী" লক্ষ্য আহিব, শিক্ষা গ্ৰহণো ফলপ্ৰসূ হ'ব।
Times of India কাকতত ১৭ জুলাই, ২০২০ ত প্ৰকাশিত এটা বাতৰিৰ মতে, তামিলনাডু ৰাজ্যৰ শিক্ষা বিভাগে এই পদক্ষেপ ২০১৯ চনতে গ্ৰহণ কৰিছে। সেই খবৰত উদ্ধৃতি দিয়া এক প্ৰতিবেদনৰ মতে, ২০১৯-২০ শিক্ষাবৰ্ষত তামিলনাডুৰ ৰাজ্যিক শিক্ষা সংসদৰ ২০১৯ ৰ একাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ পৰীক্ষাত ৮,০১,৭৭২ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ২০২০ ৰ দ্বাদশৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৭,৭৯,৯৩১ জন। প্ৰতিবেদনত প্ৰকাশ কৰা মতে বাকী ২১,৮৪১ জনে হতাশ হৈ বা আকৌ এবছৰ পঢ়াৰ আমনিতে উচ্চতৰ মাধ্যমিক বাদ দি ITI, Polytechnic বা আন বিভিন্ন বৃত্তিগত পাঠ্যক্ৰমত নামভৰ্তি কৰে অথবা কোনো কোনোৱে কলা বা বাণিজ্য শাখালৈ সলনি কৰিলে। অৰ্থাৎ, এই ব্যৱস্থাৰ ঋণাত্মক দিশো আছে। উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা বাদ দিয়া সেই প্ৰায় ২২,০০০ শিক্ষাৰ্থীক প্ৰয়োজন হৈছিল মানসিক শক্তিৰ, অনুপ্ৰেৰণাৰ। তেওঁলোকক প্ৰয়োজন হৈছিল Counselling ৰ। আকৌ, আমি এনেকৈয়ো ভাৱিব পাৰো যে, তেওঁলোকৰ বিজ্ঞান শাখাত নামভৰ্তি কৰাৰ সিদ্ধান্তও ক'ৰবাত ভুল আছিল। মেট্ৰিকৰ পিছৰ বিষয় বা শাখা নিৰ্বাচনো এক গুৰুত্বপূৰ্ণ বিষয়। কিন্তু এটা কথা স্পষ্ট যে, সেই পদক্ষেপে প্ৰত্যেকৰে যোগ্যতা নিৰূপনত সহায় কৰিলে আৰু প্ৰত্যেক শিক্ষাৰ্থীকে নিজ লক্ষ্য স্থিৰ কৰি আগবঢ়াত সহায় কৰিলে। অৰ্থাৎ, "ফাৰ্ষ্ট ইয়েৰ, ৰেষ্ট ইয়েৰ" নহ'ল।
Comments
Post a Comment