Posts

শিশু দিৱস উপলক্ষেঃ পৰিবৰ্তিত সময়ত আমাৰ কৰণীয়

Image
আজিৰ শিশুৱেই ভৱিষ্যতৰ নাগৰিক বুলি কোৱা হয় সততে। তেওঁলোকক ভৱিষ্যতৰ মানৱ সম্পদ হিচাপে গঢ় দিয়াতো অভিভাৱক, শিক্ষক আৰু সমাজৰ গুৰুত্বপূৰ্ণ দায়িত্ব। সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন বোৰ খুব খৰতকীয়াকৈ হৈছে। পৰম্পৰাগত পদ্ধতি সলনি হৈছে, নতুন ব্যৱস্থাই খোপনি পুতিছে। সেয়েহে সাম্প্ৰতিক পৰিৱৰ্তন বোৰৰ সৈতে খাপ খাই ভৱিষ্যতৰ পৰিকল্পনা কিদৰে কৰিলে আজিৰ শিশুসকল অনাগত সময়ত মানৱ সম্পদ হিচাপে গঢ় লৈ উঠিব সেই সম্পৰ্কে অভিভাৱক সমাজৰ প্ৰতি চমুকৈ কিঞ্চিত আলোচনা আজি শিশু দিৱসৰ দিনা আগবঢ়াইছো।  ক’ভিদ পৰিস্থিতিৰ পিছতেই অসমৰ শিক্ষাবৰ্ষৰ সময়সূচী সলনি হৈছে, ৰাষ্ট্ৰীয় সূচীৰ সৈতে একাত্ম হৈছে। সেয়া সকলোৱে গম পাইছেই। তাৰ সমান্তৰালকৈ পাঠ্যক্ৰমৰ বিশেষ সলনি হোৱা নাই বা হোৱাৰ কোনো প্ৰয়োজনো নাই। পূৰ্বৰ জানুৱাৰী-ডিচেম্বৰ শিক্ষাবৰ্ষৰ সলনি এতিয়া শিক্ষাবৰ্ষ এপ্ৰিল-মাৰ্চ হ’ল। আন শ্ৰেণীসমূহৰ কথা বাদ দি সদ্যহতে দশম শ্ৰেণীৰ কথা আলোচনা কৰোঁ। অসমত মেট্ৰিক আছেই বা দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা আছেই, থাকিবই। যদিও মেট্ৰিক নোহোৱা হৈ যাব বুলি মাজতে আমি বহুতো বাতৰি-উৰাবাতৰি শুনিছিলোঁ।  প্ৰথমে ভাৱিবলগীয়া কথাটো হ’ল এয়ে যে ...

পদাৰ্থ বিজ্ঞানৰ পাঠদানত প্ৰত্যাহ্বান

Image
আলোচনা কৰিবলৈ লোৱা কথাখিনি এটা দীঘলীয়া সময়ৰ অনুভৱ, শিক্ষক হিচাপে মোৰ নিজা দৃষ্টিভংগীহে মাথোন। সদাশয় পাঠকৰ মতবিৰোধ থাকিব পাৰে। কথাখিনি হয়তো সেইসকল সচেতন অভিভাৱকৰ কামত আহিব, যিসকলৰ সন্তানে এতিয়াও মাধ্যমিক পৰ্যায়ত বিদ্যালয়তে পঢ়ি আছে, উচ্চতৰ মাধ্যমিকলৈ অহা নাই বা হয়তো প্ৰথম বৰ্ষত পঢ়ি আছে।  প্ৰায় সপ্তম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিকলৈ মূলতঃ বিজ্ঞানৰ মূল ভাগ তিনিটা - ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান। তিনিওটা ভাগৰে অধ্যয়নৰ কৌশল, প্ৰশ্নোত্তৰ উপস্থাপনৰ ধৰণ বা অনুশীলনৰ ধৰণ সাংঘাতিকভাৱে সুকীয়া। লগতে প্ৰয়োজন হয় দৈনন্দিন জীৱনৰ ঘটনা সমূহৰ পৰ্যবেক্ষণৰ সূক্ষ্মতা, যুক্তিৰে বিশ্লেষণ কৰাৰ সামৰ্থ্য, স্পষ্টকৈ নিয়মবোৰ মনত ৰখাৰ কৌশল ইত্যাদিৰ। আমি কেৰিয়াৰ বা প্ৰতিযোগিতাৰ পৰিৱেশটো নিশ্চয় দেখিছোঁ। সেয়েহে বিজ্ঞান বিষয়ক কেৰিয়াৰ ভৱিষ্যতে হ’বনে নাই সেই সন্দৰ্ভত অভিভাৱক আগতীয়াকৈ সচেতন হোৱাৰ প্ৰয়োজন, আগতীয়া মানে ষষ্ঠ-সপ্তম শ্ৰেণীৰ পৰাই। সাধাৰণতে ষষ্ঠ-সপ্তম-অষ্টমৰ দৰে সৰু শ্ৰেণী সমূহত বিজ্ঞান মূলতঃ প্ৰশ্নোত্তৰ মুখস্থ কৰিয়েই পাছ কৰিব বা ৯০% তকৈও অধিক নম্বৰ পাব পাৰি। আমাৰ প্ৰথম ভুল সেইখিনিতেই হয়...

ষ্টাৰলিংক : মাস্কৰ মুকুতাৰ মালা

Image
“ইমান ধুনীয়া মুকুতাৰ মালা, ক’ত পালা তুমি দান” – সৰুতে ৰেডিঅ’ত গানটো শুনা মনত পৰে । গানটো শুনি বৰ ভাল পাইছিলোঁ । গীতিকাৰ, সুৰকাৰ বা গায়ক গৰাকীৰ বিষয়ে একো মনত নাছিল । ইন্টাৰনেট খুছৰি জানিব পাৰিলোঁ, গীতৰ কথা মলিন বৰাৰ, সুৰ কৰিছিল দুৰ্গাপ্ৰসাদ ভূঞাই আৰু গীতত কণ্ঠ নিগৰাইছিল তাৰিকুদ্দিন আহমেদে । দুবৰিত লাগি থকা বা ফেহুঁজালিৰ সময়ত মকৰাৰ জালত লাগি থকা নিয়ৰৰ টোপাল বোৰৰ মাজেৰে বেলিৰ পোহৰ পাৰহৈ আহোঁতে দেখা পোৱা মুকুতাৰ মালা বৰ ধুনীয়া নহয় নে? গল শুৱনি কৰা মুকুতাৰ মালাও কম ধুনীয়া নহয় । অৱশ্যে আজি আমি নিশাৰ আকাশত দেখা এডাল একেই ধুনীয়া মুকুতাৰ মালাৰ কথাহে আলোচনা কৰিবলৈ ওলাইছো । এই ডাল বৰ ৰহস্যময় মালা । এই মালা ডাল আজিকালি সঘনে ওলাবলৈ লৈছে আৰু বহুতেই সেইডালক ইউ এফ অ’ (UFO = Unidentified Flying Object অচিন উৰণীয়া বস্তু) বুলি উৰা বাতৰিও বিলাই ফুৰিছে । UFO মানে বহিৰ্গ্ৰহৰ বস্তু বুলিও আটাহ পাৰি খবৰ বিলাইছে ।  আচলতে সাধাৰণ জনগনৰ মাজত খবৰ বিলাবলৈ যাওঁতে, বিশেষকৈ যিটো বিষয়ত আমাৰ সম্যক জ্ঞান নাথাকে, তেনেকুৱা খবৰ পৰিৱেশন কৰোঁতে আমি সাৱধান হোৱা উচিত । খন্তেক সময় খৰছ কৰি অলপ অধ্যয়ণ কৰিলেই আজিকালি...

প্ৰযুক্তিয়ে দিয়া ভেকুলীৰ বিয়াখন

Image
নামটো পঢ়ি নিশ্চয় ভাৱিছে যে কিবা এখন উচ্চ প্ৰযুক্তি সম্পন্ন ভেকুলীৰ বিয়াৰ কথা আছে নেকি বাৰু ইয়াত ! অসমীয়া সমাজত ভেকুলী বিয়া এটা প্ৰচলিত ধাৰণা, হয়তো এক প্ৰকাৰৰ অন্ধবিশ্বাস । অতিমাত্ৰা খৰাং বা কেইবাদিনো বৰষুণ নিদিয়াকৈ থাকিলে এটোপাল বৰষুণৰ আশাত অসমীয়া সমাজত ভেকুলী বিয়া পতাৰ প্ৰথা এটা আছে বা আছিল বা হয়তো ভৱিষ্যতলেও থাকি যাব কোনো কোনো ঠাইত । অৱশ্যে আজিলৈকে সেইখন বিয়াৰ চাক্ষুস অভিজ্ঞতা নাই । সেইখন বিয়াই আমি বিছৰা ধৰণে বৰষুণ দিয়াব পাৰিছে নে নাই নাজানো । হয়তো নাই পৰা, নোৱাৰাৰ সম্ভাৱনাই বেছি বা একেবাৰে ডাঠি ক’ব পাৰি নোৱাৰে, কাৰণ বৰষুণ দিয়াতো মানুহে পতা ভেকুলী বিয়াৰ ওপৰত নিৰ্ভৰ নকৰে, বা ভেকুলীয়ে বিয়াৰ অৰ্থ বুজি পায় জানো? বৰষুণ বা বৰফ পৰা ঘটনাটো আমি সকলোৱে শুনা বা জনা জলচক্ৰ নামৰ প্ৰক্ৰিয়াটোৰ অংশ । ভেকুলীৰ বিয়া আমাৰ সমাজৰ এটা ধেমেলীয়া অন্ধবিশ্বাস । আমি সেইটো কৰি ফুৰ্টিও পাওঁ ।কেতিয়াবা ভেকুলীৰ বিয়া আৰু বৰষুণ কাকতালীয় ভাৱে মিলিহে যায় । কিন্তু সেয়া যিয়েই নহওক কিয়, খৰাঙৰ বাহিৰেও আজিৰ সময়ত আমাক আমাৰ ইচ্ছা বা প্ৰয়োজন অনুযায়ী বৰষুণ লগা হয় । যেন, “ইচ্ছা বৰষুণ”, কেতিয়াবা বৰষুণ জাক লাগে বা কেতিয়...

শিক্ষাৰ্থী আৰু সপোন

Image
কিবা এটা হোৱাৰ সপোন সকলোৰে আছে । ঘৰ খনত নতুন শিশু এটাৰ জন্মৰ লগে লগেই জন্ম হয় নতুন সপোন বা নতুন আশাৰ ।সেই সপোনে সময়ৰ সৈতে পোখা মেলে, ঠন ধৰে ।“আমাৰ ছোৱালী ডাঙৰ হ’লে ডাক্তৰ হ’ব, আমাৰ ল’ৰা IPS হ’ব” – জাতীয় সপোন বোৰ ।সৰুতে একো বুজি নোপোৱা শিশু এটাৰ সন্মূখত সেই সপোনে আহি ধৰা দিয়ে – “ডাঙৰ হ’লে তুমি কি হ’বা?” – বুলি প্ৰশ্নটোৰ ৰূপত ।সিহঁতেও বুজাই নুবুজাই ভাল লগা কিবা এটা উত্তৰ দি দিয়ে ।সেই উত্তৰটোকে আমি লৈ সপোন দেখিবলৈ লওঁ ।সিহঁতো একলা দুকলা কৈ ডাঙৰ হয় ।এদিন আহি পৰে সপোন পূৰোৱাৰ সময় ।কেতিয়াবা আমি নজনাকৈ সময় উকলি যায় বা আকৌ কেতিয়াবা সপোন পূৰাম কেনেকৈ জনা নাযায় ।তেতিয়া সপোনে মানসিক চাপ দিবলৈ আৰম্ভ কৰে ।হতাশা আনিবলৈ আৰম্ভ কৰে, কেতিয়াবা জীৱনো শেষ হৈ যায় ।অৰ্থাৎ, আমি সপোনক দিঠকলৈ নিয়াৰ উপযুক্ত পথ বা সময় নজনাৰ বাবেই সপোন বোৰ সপোন হৈয়ে ৰয় নেকি ? সেই সময়ত আমাক প্ৰয়োজন হয় অৰ্জুনক কুৰুক্ষেত্ৰৰ ৰণত কৰ্মৰ পথ দেখুৱাই দিয়া শ্ৰীকৃষ্ণৰ দৰে এজন পথ পদৰ্শক ।ইয়াত মন্দিৰ বা ফটোত থকা কৃষ্ণৰ শৰণাপন্ন হোৱাৰ কথা কোৱা হোৱা নাই ।সপোন পূৰোৱাৰ আশাত পৰীক্ষাৰ আগত আগবঢ়োৱা শৰাই খনতকৈও প্ৰয়োজনীয় পথ প্ৰদৰ্শক জনৰ কথ...

শিশু দিৱসৰ শুভেচ্ছাৰে

Image
শিশু সকল হৈছে ভৱিষ্যতৰ মানৱ সম্পদ। অৰ্থাৎ তেওঁলোকৰ সুপ্ত প্ৰতিভা সমূহৰ বিকাশ ঘটি এদিন মানৱ জাতি বা সমাজৰ বা প্ৰকৃতিৰ কামত আহিব পৰাকৈ তেওঁলোকৰ অবিৰাম যাত্ৰা শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈ। যাত্ৰাৰ শেষত তেওঁলোক একো একোজন সম্পদ হিচাপে পৰিগণিত হ'ব। তেন্তে তেওঁলোকৰ এই প্ৰতিভা সমূহ কি? আমি বহুতে ভৱাৰ দৰে কিতাপ পঢ়ি ঢেৰ নম্বৰ পাই চৰকাৰী বা বেচৰকাৰী কাম এটা কৰিলেই তেওঁলোকৰ প্ৰতিভা বিকাশ হৈ মানৱ সম্পদলৈ সলনি হ'ব নেকি? কেৱল এইটোৱেই উপায় নে? ইয়াৰ বাহিৰে একোৱেই নাই নে? প্ৰায় সকলোকেই যে এই দৌৰটোত দৌৰিবলৈ আমি ঠেলি থাকোঁ। এজন আমাৰ চিনাকি অসামৰিক সেৱাৰ বিষয়াই কিছুদিন আগতে এষাৰ চিন্তনীয় কথা কৈছে যে মোৰ আগতেই ভাল আছিল, এতিয়া মই সৰহ দৰমহাৰ চাকৰ খাটি আছোঁ। তেওঁ ইমান ভাল পদবীত থাকিও সুখী নহয়। এজন চৰকাৰী শিক্ষকে কৈছে, মই কিয় মাষ্টৰ হ'লো ক'ব নোৱাৰো। তেৱোঁ অসুখী । তেন্তে আমি এনে এটা পৰিৱেশ সৃষ্টি কৰিব পৰা নাই নেকি যে, নিজ একক প্ৰতিভাৰ পূৰ্ণাংগ বিকাশ ঘটাই সেই কামকেই জীৱিকা হিচাপে লৈ জীয়াই আছে, সম্পদ হিচাপে অৰিহণা আগবঢ়াইছে আৰু সন্তোষত আছে। আমি বাধ্যত পৰি কাম কৰি আছো নেকি? আমাৰ শিশু সকলকো সেই একেই বাধ্য...

বিমানৰ বগা নেজ

Image
চিত্ৰত দেখাৰ দৰে দৃশ্য এটা আজি গহপুৰত দুপৰীয়া বহুতে দেখিছে চাগৈ। দেখিছিলেনে? কি বুলি ভাৱিছিল বাৰু? যি সকলে জানে, সেই সকলৰ কথা বেলেগ বাৰু! আমাৰ এজন ছাত্ৰই সন্ধিয়া মেছেজ কৰিছে , এইটো কি আছিল বুলি। Screen Shot টো দিয়া হৈছে দ্বিতীয়  খন ছবিত। বাৰু আচল কথালৈ যোৱাৰ আগতে এটা ঠাণ্ডা দিনত দেখা সকলোৰে চিনাকি পৰিঘটনাৰ কথা কওঁ। সৰুতে খুব ফুৰ্তি পাওঁ এই কথাটোত। সেইটো হৈছে মুখেৰে  ধোঁ‌ৱা ওলোৱাটো। কিয় ওলায় বাৰু? আন এটা কথা কি জানেনে? এখন জেট বিমান বা যুদ্ধ বিমানৰ পৰা কিছুমান বৰ্জিত পদাৰ্থ (Jet Exhaust) ওলায়। সেয়া হৈছে কাৰ্বন ডাই অক্সাইড, নাইট্ৰ'জেন আৰু ছালফাৰৰ অক্সাইড, অদাহিত ইন্ধনৰ অৱশেষ, কিছুমান অতি ক্ষুদ্ৰ ধাতুৰ গুড়ি, এলান্ধু আৰু জলীয় বাষ্প বা পানীৰ ভাপ। অতিশয় ঠাণ্ডাত মুখৰ পৰা ওলোৱা ধোঁ‌ৱা আচলতে ঘণীভূত হোৱা জলীয় বাষ্পই (Condensed Water Vapour) নহয় জানো। আচলতে গৰম দিনতো আমাৰ মুখেৰে ভাপ ওলায়, কিন্তু ঠাণ্ডা দিনয় চৌপাশ ঠাণ্ডা হোৱাৰ বাবে মুখৰ ভাপ ঘণীভূত হৈ বগা ধোঁ‌ৱা যেন দেখা যায়। ঘৰৰ বা ওচৰৰ কণমানি হঁ‌তক এইখিনি ক'ব পাৰিব। সেই একেদৰে বিমান এখন যেতিয়া বহু বেছি উচ্চতাত উৰি...