দশম শ্ৰেণীৰ ছাত্ৰছাত্ৰীৰ অভিভাৱকলৈ বুলি
সমগ্ৰ অসমতে বৰ্তমান দশম শ্ৰেণীৰ (SEBA) ছাত্ৰ-ছাত্ৰীৰ বিদায় আৰু প্ৰাক-বাচনি পৰীক্ষাৰ বতৰ। আমাৰ বোধেৰে ছাত্ৰ-ছাত্ৰী সকলৰ বহুতৰেই হয়তো পঢ়াশুনা বৰ আগবঢ়া নাই। পৰীক্ষা সমাগত, কিন্তু নিজৰ পঢ়া সন্তোষ জনক ভাৱে আগবঢ়া নাই। হাতত সময় কম, কিন্তু কাম আছে ঢেৰ! নহয়নে? কোনোবাই ভয়তে ঘৰত অলপ কন্দা কতাও কৰিছে। মাক-দেউতাকৰ চিন্তা (সূচকীয় হাৰত) বহুত বাঢ়িছে। গতিকে এতিয়া আমাক Short Cut লাগে, কেনেকৈ কম সময়ত বেছি কাম হয়। আচলতে কাংক্ষিত সাফল্যৰ চমু পথ একো নাই। স্কুলীয়া শিক্ষা জীৱনৰ শেষৰটো বছৰ হোৱাৰ লগতে কৈশোৰ প্ৰাপ্তিৰ সন্ধিক্ষণত চৌপাশৰ পৰিৱৰ্তন বোৰ, বন্ধুত্বৰ নতুন খোজ বোৰ উপভোগ কৰোঁতেই বহু ল’ৰা ছোৱালীৰ দশম শ্ৰেণীৰ সৰহ ভাগ সময় অতিবাহিত হয়। এই সকলোবোৰ হয়, মাক দেউতাকৰ দৃষ্টিৰ অগোচৰত। অভিভাৱকৰ মৰমৰ আঁচলৰ আঁৰত সিহঁতবোৰ গম নোপোৱাকৈয়ে বহু ডাঙৰ হয়। আকৌ মোবাইল আদিৰ দৰে আধুনিক দৃশ্য শ্ৰাব্য মাধ্যমবোৰৰ অনিয়ন্ত্ৰিত ব্যৱহাৰেও প্ৰস্তুতি যথা সময়ত শেষ নোহোৱাত যথেষ্ট অৰিহণা যোগায়।
কিন্তু চিন্তিত হৈ একো লাভ নাই। যথেষ্ট সময় এতিয়াও আছে, মাথো প্ৰয়োজন নিজৰ সুবিধা বা সামৰ্থ্য অনুযায়ী সময় ব্যৱহাৰৰ সুপৰিকল্পনাৰ। গতিকে ছাত্ৰ ছাত্ৰী সকলে অলপ সময় নিজাকৈ ভাৱি বা অভিভাৱক, শিক্ষক বা আন বিজ্ঞ ব্যক্তিৰ সৈতে আলোচনা কৰি পৰৱৰ্তী সময়ৰ প্ৰস্তুতিৰ পৰিকল্পনা যুগুতাই লৈ কামত লাগি যোৱাই শ্ৰেয়ঃ ।
আমি তেওঁলোকৰ সহায়ক হোৱাকৈ কিছু পৰামৰ্শ আগবঢ়াব বিছাৰিছো। অভিভাৱক সকলৰ সহযোগত এই পৰিকল্পনা ফলপ্ৰসূ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। প্ৰথমে কেইটামান প্ৰশ্নৰ উত্তৰ নিজে উলিয়াই ল’ব। সেইকেইটা হ’ল --
• ৬ টা বিষয়ৰ কোনটো বিষয়ত দক্ষতা কি পৰিমানৰ?
• প্ৰতিটো বিষয়ৰ Syllabus ৰ কিমান অংশ বাকী আছে নিজে পঢ়িবলৈ?
• কিমান অংশৰ প্ৰশ্নোত্তৰ ইতিমধ্যে সাজু হৈছে (শিক্ষকে চাই দিয়া)?
• পঢ়ি অহা খিনিত খোকোজা লগা (doubt) কিবা আছে নেকি?
• পূৰ্বৰ পৰীক্ষা সমূহ (গোট পৰীক্ষা, ছমহীয়া) ত ফলাফল কেনেধৰণৰ হৈছিল আৰু এই ফল কিমান চেষ্টাৰ বিনিময়ত হৈছিল?
• তাতোকৈ বেছি চেষ্টা কৰাৰ সামৰ্থ্য বা ইচ্ছা আছেনে?
• নিজাকৈ কেনে ফলাফলৰ লক্ষ্য আছে?
TV, MOBILE আদিৰ আসক্তি এৰিব পাৰিমনে?
• Whatsapp status, অনাহক, অপ্ৰয়োজনীয় SMS নকৰাকৈ থাকিব পাৰিম নে?
• ফলাফলৰ লক্ষত মানসিক দৃঢ়তাৰে আগুৱাব পাৰিম নে?
• পঢ়া মেজত বহি অধ্যয়ণৰ বাহিৰে বিভিন্ন বাহিৰা কথা, বন্ধু-বান্ধৱীৰ লগত পাৰ কৰা সময় বোৰ ৰোমন্থণ কৰি সময় অতিবাহিত (অপব্যয়) নকৰাকৈ থাকিব পাৰিম নে?
যদিহে এই উত্তৰবোৰ নিজকে( বা মা-দেউতাক) দিব পাৰিছে, তেন্তে প্ৰস্তুতিত আগুৱাই যোৱা সহজ হ’ব। এই উত্তৰবোৰৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব প্ৰস্তুতি আৰু ফলাফল! এই আত্মালোচনাই যথেষ্ট সহায় কৰিব পৰিকল্পনাত।
(ক্ৰমশঃ)
#৮_নৱেম্বৰৰ_পিছৰ_আৰু_শেষ_অংশ
#দশম_শ্ৰেণীৰ_ছাত্ৰ_ছাত্ৰীৰ_অভিভাৱকলৈ_বুলি
প্ৰতিটো বিষয়ৰ পাঠভিত্তিক (অনুশীলনী আৰু অতিৰিক্ত প্ৰশ্নাৱলী) প্ৰশ্নসমূহৰ উত্তৰ সমূহ নিজে অধ্যয়ণ কৰি প্ৰস্তুত কৰিব লাগে আৰু নিয়মিত শিক্ষকৰ দ্বাৰা সেইখিনি পৰীক্ষা কৰোৱাই ল’ব লাগে। যদিহে প্ৰশ্নোত্তৰ সমূহ প্ৰস্তুত কৰা হোৱা নাই, তেন্তে অনতিপলমে সেইখিনি সাজু কৰিব লাগে। কিন্তু বজাৰত সহজতে পোৱা উত্তৰ সম্বলিত সহায়ক পুথিৰ পৰা চাই, বুজি নোপোৱাকৈ কেৱল লিখি থোৱাটো বা তেনে পুথিৰ পৰা পোনপটীয়াকৈ পঢ়ি পৰীক্ষাৰ প্ৰস্তুতি কৰাটো অতি বেয়া কাৰণ ই শিক্ষাৰ্থী জনক বিষয়বস্তুৰ গভীৰতা বুজা বা বিষয়টো আয়ত্ত কৰাৰ পৰা বঞ্চিত কৰে। কেতিয়াবা এনে কৰি কেনেবাকৈ পৰীক্ষাত নম্বৰ পালেও শিক্ষাৰ্থীজন জ্ঞান অৰ্জনৰ পৰা বঞ্চিত হয়। অভিভাৱকেও অনাহকত সহায়ক পুথি যোগান দিয়া বন্ধ কৰা উচিত। পাঠ্যপুথি সমূহ বহু বিজ্ঞলোকে যথেষ্ট অধ্যয়ণ আৰু গৱেষণাৰ অন্তত শিক্ষাৰ্থীৰ উদ্দেষ্যী প্ৰস্তুত কৰে, গতিকে সেইসমূহৰ নিয়মিত অধ্যয়ণেই যথেষ্ট। মুঠতে ছাত্ৰ-ছাত্ৰীৰ হাতত নিজা উত্তৰ বহী থকাটো অতিশয় জৰুৰী। সেইদৰে শিক্ষকৰ দ্বাৰা সেইসমূহ নিৰীক্ষণ কৰাই লোৱাটোও জৰুৰী।
ছাত্ৰ-ছাত্ৰী সকলে নিজে পঢ়ি থাকোতে বহুতো খোকোজা লগা কথা থাকিব পাৰে। সেই সমস্যা সমূব তেওঁলোকে এখন Doubt Copy ৰ জৰিয়তে নিৰ্দিষ্ট সময় তাৰিখ সহ দিনলিপি (ডায়েৰী) ৰ দৰে লিখি যোৱাৰ অভ্যাস কৰিব লাগে। কাৰণ বহুত কথা শিক্ষকক লগ পালে পিছত সুধিম বুলি থৈ দিলে পাহৰি যোৱা হয়, গতিকে এই Doubt Copy খনে বহুত সহায় কৰে। যেতিয়া সুযোগ পোৱা হয়, তেতিয়াই কথাবোৰ সুধি খোকোজা ভাঙি ল’ব লাগে। পৰা পক্ষত পিছলৈ নাৰাখি অভিভাৱকৰ প্ৰত্যক্ষ তত্ত্বাৱধানত Whatsapp বা Mobile Call ৰ জৰিয়তে শিক্ষকৰ লগত আলোচনা কৰি সহায় ল’ব লাগে।
প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে বছৰটোৰ বিভিন্ন পৰীক্ষা সমূহত কি ধৰণৰ প্ৰস্তুতিৰ দ্বাৰা অৱতীৰ্ণ হৈছিল আৰু কেনে ফলাফল পাইছিল নিজেই অতি ভালকৈ জানে, মাথো বিশ্লেষণ কৰিব নাজানে। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ সামৰ্থ্য নিজেই জানে। সৰহখিনি ছাত্ৰ-ছাত্ৰীয়ে সাধাৰণতে বছৰৰ আন পৰীক্ষা সমূহ বৰ বিশেষ প্ৰস্তুতিৰে নিদিয়ে বা দিব নোৱাৰে। তেওঁলোকে অতি কম চেষ্টাৰে যি পাৰে তাকেই কৰে। বেছি ক্ষেত্ৰতে পৰীক্ষাৰ আগদিনা লৈকে স্কুলৰ ক্লাছ থাকে। গতিকে তুলনামূলক ভাৱে প্ৰস্তুতিৰ বাবে কম সময় পায়। সেয়েহে অভিভাৱকে তেওঁলোকক এই কথাবোৰ বুজাই দিব লাগে যে অতি কম সময়ৰ প্ৰস্তুতিতে তোমালোকে ভাল ফলাফল কৰিব পাৰিছা, গতিকে বিশেষ প্ৰস্তুতিয়ে নিশ্চয় বিশেষ ফলাফল আনিব। এনে কৰিলে ছাত্ৰ-ছাত্ৰী (আপোনালোকৰ সন্তান সকল) মনোবল বাঢ়িব আৰু অধিক উদ্যমেৰে অধ্যয়ণত মনোনিৱেশ কৰিব।
এটা কথা, “কষ্ট কৰিলে ভাল ফল পায়” বুলি কোৱাতকৈ “চেষ্টা কৰিলে ভাল পায়” বুলি ক’ব। কাৰণ শিক্ষাৰ্থীয়ে কৰি থকা কামটোৱে যদি কষ্টই দিয়ে তেওঁলোকে কৰিবনো কিয়?
অভিভাৱক সকলে নিৰ্দিষ্ট এটা নম্বৰ লক্ষ্য হিচাবে বান্ধি দিয়াতকৈ শিক্ষাৰ্থী জনৰ লক্ষ্যটো জাগ্ৰত কৰাৰ চেষ্টা কৰা উচিত। সেই লক্ষ্য নিৰ্ধাৰণৰ কাৰণ সোধা বা জনাৰ চেষ্টা কৰা উচিত। সেই লক্ষ্যত উপনীত হ’বলৈ কি কৰিব লাগিব, আদেশৰ সলনি আলোচনাৰ দ্বাৰা জনোৱাৰ চেষ্টা কৰিলে ভাল। সেই বিষয়ে যদি অভিভাৱক জনে বিশেষ নাজানে, তেন্তে বিজ্ঞ ব্যক্তি বা কেৰিয়াৰ পৰামৰ্শদাতাৰ সৈতে কথা পতা ভাল। নিজৰ অসম্পূৰ্ণ সপোন সন্তানৰ মূৰত জাপি দিয়াৰ দিন গ’ল যেন বোধ হয়। আপোনাৰ সন্তানো এটা ভিন্ন মন, বিবেকৰ অধিকাৰী, গতিকে চিন্তাধাৰা ভিন্ন হোৱাটো স্বাভাৱিক। কিন্তু কেতিয়াবা পিতৃ-মাতৃৰ আদৰ্শ, কাম-কাজৰ দ্বাৰা সন্তান অনুপ্ৰাণিত হয়। তেতিয়াই আমি কোৱাৰ দৰে “ডাক্তৰৰ পুতেক ডাক্তৰ, মাষ্টৰৰ পুতেক মাষ্টৰ” হয়। সেয়ে আমি সন্তানৰ বাবে অনুপ্ৰেৰণাৰ উৎস, অনুকৰণীয় হোৱাৰ চেষ্টা অব্যাহত ৰাখিব লাগে।
এই আলোচনাটোৰ এঠাইত Whatsapp ৰ ব্যৱহাৰ উল্লেখ আছে, কিন্তু অভিভাৱকৰ প্ৰত্যক্ষ তত্ত্বাৱধানত। আজিৰ দিনত মাক-দেউতাকৰ Android Mobile ৰ Whatsapp একাউন্টত নিতৌ ন-ন Status Update দেখিবলৈ পোৱা যায়। এবাৰ এই বিষয়ে অভিভাৱকক জনোৱাত মোৰ এজন ছাত্ৰই মই তেওঁৰ Update নেদেখিবলৈ মোক Block কৰি থৈছিল। গতিকে এইটো চকু দিয়াৰ দায়িত্ব অভিভাৱকৰেই হয়। আমি বাহিৰৰ (?) মানুহে সেয়া চকু দিলে বেয়া। পঢ়োৱা কাম, কেৱল পঢ়াব লাগে। তেনে এটা Status ৰ ঋণাত্মক দিশ হ’ল মূল্যৱান সময়ৰ অপব্যয়। প্ৰথমে Status কেনেকৈ কি দিম ভাবোতে সময় খৰছ, দিয়াৰ পিছত কোনে কোনে চাইছে বা বিশেষ বন্ধু কেইজনে চাইছেনে নাই, তাত সময় খৰছ। আকৌ সেই সমূহৰ Reply অহাৰ লগে লগেটো আৰু কিমান সময় যায় তাৰ হিচাপ নাই। আপুনি যেনিবা Status দিবলৈ দিলেই সন্তানটোক, তাৰপিছত সন্তান গৈ পঢ়া টেবুলত। তাৰ মনটো ক’ত থাকিব বুলি ধাৰণা হয় বাৰু? গতিকে মনোযোগ থাকিবনে অধ্যয়ণত। একে কথা TV বা Online Video আদিৰ ক্ষেত্ৰটো খাটে। স্থিৰ আখৰ আদিতকৈ চলন্ত দৃশ্য-শ্ৰাব্য উপাদানে আমাৰ মগজুত বেছিকৈ ক্ৰিয়া কৰে বুলি বৈজ্ঞানিক ব্যাখ্যাও আছে। গতিকে সেই সমূহৰ ব্যৱহাৰ যিমান পাৰি কম হ’লে ভাল হয়।
নিজৰ কাংক্ষিত ফলাফলৰ দিশত আগুৱাই যাবলৈ সন্তানক অনুপ্ৰাণিত কৰা উচিত। কোনো সময়ত শিক্ষাৰ্থী সকল হতাশগ্ৰস্ত হয় বা কেতিয়াবা অনিহাই আমনি কৰে তেওঁলোকক। এই বিষয়ে তেওঁলোকে মুকলিকৈ ক’ব নোৱাৰিবও পাৰে। এনে সময়তে প্ৰয়োজন হয় পিতৃ-মাতৃৰ ৰূপত এজন অনুপ্ৰেৰণা যোগোৱা ব্যক্তিৰ। যিদৰে তেওঁলোকৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতিপাল কৰা হয়, একেদৰে মানসিক স্বাস্থ্যৰ প্ৰতি চকু দিয়াও অতি জৰুৰী। আদেশ বা তাগিদাৰ ঠাইত তেওঁলোকক প্ৰয়োজন সহযোগিতাৰ। আমনি লাগি নপঢ়াকৈ থকা যেন লাগিলে মৰমেৰে অৱসাদ খিনি আতৰোৱাৰ ব্যৱস্থা কৰা উচিত। কেতিয়াবা আমনিবোৰ অজুহাতো হ’ব পাৰে, সেয়াই লক্ষ্য ৰখা উচিত। এনেবোৰ স্পৰ্শকাতৰ সমস্যাৰ সমাধান পিতৃ-মাতৃৰ হাততেই থাকে।
এইয়া হৈছে বয়ঃসন্ধি বা কৈশোৰপ্ৰাপ্তিৰ সময়। বিভিন্ন হৰম’ণৰ ক্ৰিয়াৰ ফলত তেওঁলোকৰ দৈহিক আৰু মানসিক বহু পৰিৱৰ্তন হয়। এই পৰিৱৰ্তন বোৰক লৈ তেওঁলোক অধিক সচেতন হয়। লগতে বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণৰ অনুভূতিও এই সময়ত আৰম্ভ হয়। এই সমূহ স্বাভাৱিক। কিন্তু এজন শাসনকৰ্তা অভিভাৱকৰ তুলনাত এজন বন্ধুৰহে প্ৰয়োজন এই সময়ত। অতি সন্তৰ্পনে চকু দিয়া উচিত যাতে সন্তানটো বিপথে পৰিচালিত নহয়। চালুকীয়া বয়সৰ ভূলবোৰ যাতে নহয়। আপুনি এই বয়সত কি কৰিছিল, ভালকৈ মনত পেলাই ল’লেই সহজেই তেওঁলোকৰ গতিবিধি বুজিব পাৰিব। পৰাপক্ষত মুকলিকৈ ভাল-বেয়াৰ পাৰ্থক্য বুজাই দিয়া উচিত। আমাৰ দৃষ্টিত বেয়া বুলিবলৈ একো নাই, মাথো ঘটনা বা কাম এটা সময়তকৈ আগত হ’লেই খেলিমেলি হয়। তাকেই বুজাই দিয়া উচিত। আজিৰ কিশোৰ বা সন্তান সকল আৰু আমাৰ মাজত যথেষ্ট প্ৰজন্ম পাৰ্থক্য (Generation Gap) আছে। তেওঁলোকৰ সমস্যা বুজিবলৈ নিজকে মানসিক ভাৱে তেওঁলোকৰ বয়সলৈ লৈ যাব লাগিব। এইখিনি চেষ্টা আমি কৰিব পাৰো। এই পৰিৱৰ্তন খিনিয়ে তেওঁলোকৰ মূল্যৱান পঢ়া সময় সমূহ যথেষ্ট ক্ষতি কৰে। সেই কথা তেওঁলোকক মৰমেৰে বুজোৱা উচিত। আমি ছাত্ৰ-ছাত্ৰীৰ লগত কথা পাতি গম পোৱা দুটা কথা উল্লেখ কৰোঁ এইখিনিতে। মোৰ এগৰাকী ছাত্ৰীক তেওঁৰ বাচনি পৰীক্ষাৰ কেইদিনমান আগত যথেষ্ট অন্যমনস্ক হৈ থকা যেন অনুভৱ কৰিছিলো। কেইদিন সুক্ষ্মভাৱে নিৰীক্ষণ কৰিলো আৰু এদিন তাইৰ সমস্যাটো কি বুলি সুধি দিলো। কি কথাই তাইক ইমান আমনি কৰি থাকে! তাইৰ উত্তৰ আছিল মোৰ কাৰণে অবিশ্বাস্য। এখন সম্ভ্ৰান্ত ঘৰৰ ছোৱালী তাই। তাইৰ আমনিৰ কাৰণটো আছিল মাক-দেউতাকৰ মাজৰ মনোমালিন্য। অৰ্থাৎ এটা অসুস্থ ঘৰুৱা পৰিৱেশ। তাইক সেই সমস্যাৰ সমাধান দিলো। কেনেকৈ সেই কথা সমূহ আওকাণ কৰি নিজৰ লক্ষ্যত আগুৱাব পাৰি। তাই মোৰ কথাখিনি বুজি পাইছিল বুলি মেট্ৰিকৰ ফলাফলৰ দিনা গম পাইছিলোঁ। তাই এতিয়া এগৰাকী সফল ছাত্ৰী নিজৰ শিক্ষা জীৱনত। আন এগৰাকী ছাত্ৰীৰ কথা এনে ধৰণৰ, দেউতাকৰ মৰমসনা শাসনৰ মাজত ডাঙৰ হোৱা ছোৱালীজনী লাহেকৈ ডাঙৰ হ’ল। তাইকো সেই একেই প্ৰশ্ন কৰাত তাই উত্তৰ দিছিল যে তাইৰ হেনো পঢ়ামেজত বহি বিদ্যালয়ৰ বন্ধু-বান্ধৱীৰ লগত পাৰ কৰা সময়বোৰ বৰকৈ মনলৈ আহি থাকে। গতিকে তাইৰ পঢ়াত মন নবহে। সেই সমস্যা আতৰোৱাত মই বৰ সফল নহ’লো বিভিন্ন কাৰণত। তেওঁ বৰ্তমান নিজা শিক্ষা জীৱনত সন্তোষজনক অৱস্থাত নাই আৰু তেওঁৰ সেই সমস্যাটো আজিও আছে। গতিকে পিতৃ-মাতৃৰ কৰণীয় বহুতো থাকে। খোৱা, পিন্ধা, বস্তুৰ যোগানতেই সেই কৰণীয় সীমাবদ্ধ নহয়। বাহ্যিক সকলো অভাৱ পূৰণৰ পিছতো যদি তেওঁলোকৰ আভ্যন্তৰীণ অভাৱ সমূহ, যিবোৰ সহজে গম পোৱা নাযায়, পূৰণ কৰিব নোৱাৰি তেন্তে সন্তান জন লক্ষ্যৰ পৰা আতৰি যোৱাৰ সম্ভাৱনা বহুত থাকে। সন্তানক অনুপ্ৰেৰণা যোগোৱাৰ নামত যদি একোখন দামী দুচকীয়া বাহন, একোটা দামী Android Cellphone বা এটা Digital Camera ৰ লোভ দিছে তেন্তে সেয়া মাৰাত্মক ভূল। সেয়া প্ৰলোভনহে, অনপ্ৰেৰণা নহয়।
এই আলোচনা বিভিন্ন দিশ সামৰি লোৱা হৈছে। হয়তো আপোনালোকৰ সহায়ক হ’ব। এনে বিশ্লেষণৰ পিছতেই আৰম্ভ হয় অধ্যয়ণৰ পৰিকল্পনা। সেয়া নিজৰ সুবিধা অনুযায়ী কৰি ল’লে মূল পৰীক্ষালৈ প্ৰস্তুতি ভাল হ’ব আৰু অন্ততঃ বৰ্তমানৰ পৰিস্থিতিতকৈ বহুগুণে সন্তোষজনক এটা পৰীক্ষা পাৰ হৈ যাব। পৰৱৰ্তী সময়ত আমি পৰিকল্পনা সম্পৰ্কেও আলোচনা কৰিম। আলোচনাটোৰ ভূল-ত্ৰুটি সমূহ আঙুলিয়াই দিলে সুখী হ’ম। আপোনালোকৰ মন্তব্য বা প্ৰশ্ন আগবঢ়ালেও আমি আলোচনাৰ চেষ্টা কৰিম।
ধৈৰ্য ধৰি পঢ়াৰ বাবে সকলোকে ধন্যবাদ জনালো।
নমস্কাৰ।
Comments
Post a Comment