আপোনাৰ বিষয়ে সমালোচনা আৰু ঋণাত্মক মন্তব্যক কি দৃষ্টিৰে চাব?
কাৰোবাৰ ঋণাত্মক তীৰ্যক মন্তব্য বা সমালোচনাৰে আপোনাৰ মানসিক অশান্তি হৈছে নেকি? যদি হৈছে, তেন্তে আপুনি নাভাৱিব যে সেয়া কেৱল আপোনাৰ সৈতে হৈছে। দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সমাজৰ বহু ব্যক্তিয়েই জীৱনত এবাৰলৈ হ'লেও সমালোচনাৰ সন্মুখীন হৈছে। আপোনাৰ চৌপাশৰ পৃথিৱীখন আপোনাৰ মতে নচলে। সাধাৰণতে আমি সকলোৱেই কাৰোবাৰ নিজস্বতাৰ বিৰোধী। আনৰ চিন্তাধাৰা বা কামক আমি কেতিয়াও সহজে গ্ৰহণ নকৰো, সেয়ে আমি আনৰ কামত নিজা দৃষ্টিভংগীৰে বিবেচনা কৰি সমালোচনা কৰো। কেতিয়াবা আমাৰ সন্ধিয়াৰ আদ্দাৰ বিষয়ো কেৱল আনৰ সমালোচনাৰে পৰিপূৰ্ণ হৈ থাকে। এইয়া যেন এক সহজাত প্ৰবৃত্তি আমাৰ। কেতিয়াবা আনক সমালোচনা কৰোঁ আৰু আন কেতিয়াবা নিজে সমালোচনাৰ সন্মুখীন হওঁ। সেয়ে সমালোচনা বা ঋণাত্মক মন্তব্যৰ পৰা হোৱা মানসিক অশান্তিৰ পৰা নিজকে চম্ভালি লৈ, নিজে নিজকে এজন অনন্য সুন্দৰ ব্যক্তিত্বৰ ব্যক্তি বুলি পতিয়ন নিয়াবলৈ যথেষ্ট সময় আৰু আভ্যন্তৰীণ মানসিক শক্তিৰ প্ৰয়োজন।
সমালোচনা দুই ধৰণৰ হ'ব পাৰে। কোনোবাই আপোনাৰ কাম বা আচৰণ বা ব্যক্তিত্বৰ সু-মূল্যাংকন কৰিব পাৰে বা আন কোনোবাই অতি বেয়া মতামত বা মূল্যাংকন প্ৰকাশ কৰিব পাৰে। আন কোনোবাই আপোনাৰ বিষয়ে আগবঢ়োৱা এই সকলোবোৰ ৰায় কিছুমান বিশেষ মাপকাঠিৰ ওপৰত নিৰ্ভৰশীল, যিবোৰ সমালোচনা কাৰীয়ে নিজে নিৰ্ধাৰণ কৰে।
তথাপিও আপুনি ইচ্ছা কৰিলে, সমালোচনাকাৰীৰ ঋণাত্মক মন্তব্যই আপোনাৰ কোনো ক্ষতি নকৰাকৈ ৰাখিব পাৰে। আপোনাৰ দক্ষতা বৃদ্ধিটো সমালোচনাক ব্যৱহাৰ কৰিব পাৰে। সামাজিক জীৱনৰ লগত জড়িত হৈ থাকোতে সমালোচনাক আপুনি কিদৰে ঠাই দিয়ে আৰু আপোনাৰ মানসিক দৃঢ়তা কিমান তাৰ ওপৰতেই আপোনাৰ ব্যক্তিগত আৰু বৃত্তিগত সফলতা নিৰ্ভৰ কৰে।
কিন্তু প্ৰশ্ন হ'ল, আপুনি সমালোচনাক কিদৰে গ্ৰহণ কৰিব?
🔸সমালোচনাকাৰীৰ উদ্দেশ্য বুজাৰ চেষ্টা কৰিব
যিহেতু কোনো ব্যক্তিয়ে সম্পূৰ্ণ আসোঁৱাহমুক্ত নহয়, গতিকে ঋণাত্মক মন্তব্য সমূহ বস্তুনিষ্ঠ বা বিন্দু হিচাপে শুনিব। সমালোচনাক মুকলী মনেৰে বুজি পাবলৈ আৰু মুখামুখি হ'বলৈ আপুনি নিজৰ সবলতা বা দুৰ্বলতা সমূহৰ বিষয়ে ভাৱক। তাৰপিছত সেই সত্যৰ লগত সমালোচনাৰ পাৰ্থক্য সমূহ বুজাৰ চেষ্টা কৰক। কোনোবা ব্যক্তিয়ে আপোনাক বা আপোনাৰ কামক সমালোচনা কৰাৰ অৰ্থ সদায়েই এইটো নহয় যে তেওঁ আপোনাক শত্ৰু জ্ঞান কৰে।
🔸মন্তব্যবোৰ গঠনাত্মক নে ধ্বংসাত্মক বিবেচনা কৰক
সমালোচনাৰ প্ৰত্যুত্তৰ হিচাপে আপুনি কিবা এটা সিদ্ধান্ত লওঁতে আপুনি বিভিন্ন দিশ চালি জাৰি চাব লগা হ'ব পাৰে। যেনে, সদায়েই আপোনাৰ শুভাকাংক্ষী এগৰাকীয়ে আপোনাৰ কিবা আসোঁৱাহ আঙুলিয়াই দিছে নেকি বা কাম এটা আপুনি কিদৰে কৰাটো ভাল হ'ব, সেই বিষয়ে মতামত আগবঢ়াইছে নেকি? আনহাতে এগৰাকী কৰ্তৃত্বশীল ব্যক্তিয়ে আপোনাক আপোনাৰ কামৰ বাবে ভৎসৰ্না বা সমালোচনা কৰি দাবী-ধমকি দি আপোনাক নিচাত্মিকাবোধত ভূগাইছে নেকি? মনত ৰাখিব, তেনে ব্যক্তিয়ে কেতিয়াবা আপোনাক তেখেতৰ ক্ষমতাৰ পাঠ অতি ভালদৰে শিকাব!
সেয়েহে আপুনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগত তেখেত সকলৰ সমালোচনাৰ অন্তৰ্নিহিত উদ্দেশ্য বুজাৰ চেষ্টা কৰিব বা তেখেত সকলে আপোনাৰ কিমান ভাল হোৱাটো বিচাৰে তাক অনুধাৱন কৰাৰ চেষ্টা কৰিব। সেই সমালোচনাত্মক মন্তব্যবোৰক গাত পাতি নলৈ আপোনাৰ প্ৰতিক্ৰিয়া মুকলিকৈ আৰু ভদ্ৰভাৱেৰে প্ৰকাশ কৰক।
🔸গঠনমূলক সমালোচনাকাৰীক আপোনাৰ কৃতজ্ঞতা প্ৰকাশ কৰক
অলপ দকৈ ভাৱিলে আপুনি বুজিব যে গঠনমূলক সমালোচনাকাৰীয়ে আপোনাৰ ভাল হোৱাটো বিচাৰে। সেয়ে তেওঁলোকে আপোনাৰ ভুল বা আসোঁৱাহ দেখামাত্ৰেই আপোনাক জনায়। কেতিয়াবা এই সকল ব্যক্তিয়ে আপোনাৰ ভুল আঙুলিয়াই দিয়াত আপুনি মনত আঘাত পাবও পাৰে, কিন্তু তেওঁলোকৰ উদ্দেশ্যটো বুজাৰ চেষ্টা কৰক। আপুনি বেয়া পাব পাৰে বুলি জানিও আপোনাক কথাটো কোৱাৰ অৰ্থই হ'ল তেওঁলোকে আপুনি প্ৰকৃতাৰ্থত সফল হোৱাটো বিচাৰে। সেয়ে আপুনি কৃতজ্ঞতা প্ৰকাশ কৰা উচিত।
🔸সমালোচনাৰ প্ৰত্যুত্তৰ দিওঁতে আৱেগিক নহ'ব
কেতিয়াবা আপোনাৰ বিষয়ে ভুল মন্তব্য বা সমালোচনা শুনাৰ লগে লগে খঙেৰে প্ৰত্যুত্তৰ নিদিব। আপোনাৰ উগ্ৰ প্ৰতিক্ৰিয়াই সেই কথা সমূহৰ শুদ্ধাশুদ্ধ নিৰূপণ নকৰে। কিন্তু আপোনাৰ প্ৰতিক্ৰিয়াৰ বাবে আপুনি নিজেই কোনোবা সময়ত লজ্জিত হ'ব।
আনহাতে আপুনি কেতিয়াও আপোনাৰ স্বাভিমান হানিৰ সুযোগ আনক নিদিব। আপুনি সমালোচনাৰ যুক্তি সম্পন্ন স্পষ্টিকৰণ বিচাৰক। তেতিয়া আপুনি দেখিব, অসৎ উদ্দেশ্যেৰে কৰা সকলোবোৰ সমালোচনাই ভিত্তিহীন বুলি প্ৰতিপন্ন হ'ব। সেয়ে, প্ৰত্যুত্তৰ দিওঁতে আৱেগক একাষৰীয়া কৰি স্থিৰ বিচাৰ বুদ্ধিৰে দিয়াৰ চেষ্টা কৰিব।
🔸আপোনাৰ দুৰ্বলতা সমূহৰ বাবে ক্ষমা খোজক
আপুনি আপোনাৰ ভুলৰ বাবে ক্ষমা খুজিব পৰাটো অতি ডাঙৰ কথা। আপুনি যে দায় সাৰিব নিবিচাৰি ভুলৰ দায়িত্ব স্বীকাৰ কৰিছে সেই কথাই সমালোচনাকাৰীৰ আপোনাৰ প্ৰতি থকা ঋণাত্মক মনোভাৱ সলনি কৰিব।
🔸উপদেশ বা মতামতক গুৰুত্ব দিয়ক, কথাৰ সুৰ বা স্বৰটোক নহয়
কেতিয়াবা কোনোবা ব্যক্তিয়ে বহুতো মূল্যৱান উপদেশ দিয়ে কিন্তু তেওঁলোকৰ কথা কোৱাৰ স্বৰ বা ধৰণটোৱে আপোনাক আমনি কৰিব পাৰে। সেয়েহে তেনে পৰিস্থিতিত মানুহ গৰাকীৰ কথা কোৱাৰ ধৰণটোক আওকাণ কৰি পৰামৰ্শক গুৰুত্ব দিয়া উচিত। পৰামৰ্শৰ সুৰ আৰু পৰামৰ্শ দুয়োটাকে পৃথক কৰি মূল্যৱান কথা কেইটাত গুৰুত্ব দিব লাগে।
🔸সমালোচনা ব্যক্তিগত আক্ৰমণ নহয়
মানুহে সাধাৰণতে সমালোচনাক ব্যক্তিগত আক্ৰমণ বুলি গ্ৰহণ কৰে। কিন্তু পাহৰি যায়, তেওঁলোকেও আনক ঘোৰ সমালোচনা কৰে। সমালোচনাই শত্ৰুতা নুবুজায়। গতিকে সমালোচনাক কেতিয়াও ব্যক্তিত্বৰ ওপৰত আক্ৰমণ বুলি গ্ৰহণ কৰিব নালাগে। সমালোচনা মাথো কাৰোবাৰ ওপৰত কৰা কিছুমান মন্তব্যহে।
🔸এটি মিছিকীয়া হাঁহি
সমালোচনাৰ সন্মুখীন হওঁতে বা আপোনাৰ সমালোচনাকাৰীৰ সন্মুখত মুখত এটা মিছিকীয়া হাঁহি ৰাখিব পাৰিলে ভাল, লাগিলে সেইটো মিছায়ে হওক। ই আপোনাক সুস্থিৰ ৰখাত সহায় কৰে। এটা হাঁহিয়ে এক যোগাত্মক অনুভূতি জগায় আৰু অতি গম্ভীৰ পৰিস্থিতিক পাতল কৰি তোলে। সেয়ে হাঁহিটোৱে আপোনাক মানসিক শক্তি যোগোৱাৰ লগতে সমালোচনাকাৰীৰ উৎসাহ কিছু পৰিমানে কমায়।
🔸যোগাত্মক মতামতক গুৰুত্ব দিয়ক
সমালোচনাৰ পৰা আপুনি নিজকে শুদ্ধ কৰিবলগীয়া বিন্দু সমূহ উলিয়াই লওক। ভুল শুধৰণি কৰাৰ পৰিকল্পনা কৰক। মনত ৰাখিব, প্ৰায়বোৰ সমালোচনাতে কিঞ্চিত হ'লেও সত্যতা থাকে। আনৰ দৃষ্টিৰ তুলাচনীত আপোনাৰ আসোঁৱাহ ধৰা পৰিবই। সেয়েহে যদিও শুনিবলৈ বেয়া লগা হওক, তথাপিও সেইবোৰৰ পৰা শুধৰণি কৰাৰ প্ৰয়াস কৰিব লাগে। এই সমালোচনাবোৰেই আপোনাৰ উত্তৰণৰ চাবিকাঠি। সেয়েহে সমালোচনাৰ পৰা নিজকে উন্নত কৰাৰ সুযোগ সমূহ গ্ৰহণ কৰক।
🔸সমালোচনাকাৰীক উত্তৰহীন কৰক
কেতিয়াবা সমালোচনাকাৰীক নিশ্চুপ কৰিব লগা হ'ব পাৰে। গঠনাত্মক সমালোচনাকাৰীক পৰৱৰ্তী সময়ত তেখেত সকলৰ প্ৰত্যাশা পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দি নিশ্চুপ কৰিব পাৰে। আকৌ, কথাবোৰ চালে-বেৰে কোবাই আপোনাক ঋণাত্মক সমালোচনাকাৰীক তেওঁলোকৰ অসন্তুষ্টি বা কথাবোৰ যুক্তিৰে বিন্দু আকাৰে জনাবলৈ ক'ব পাৰে। কি কৰিলে তেওঁলোকৰ অভিযোগ সমূহ নোহোৱা হ'ব, সেয়াও বিন্দু আকাৰে বিছাৰক। তেনে কৰিলে তেওঁলোকে পৰৱৰ্তী সময়ত আপোনাৰ বিষয়ে কিবা মন্তব্য কৰাত কিছু সংযত হ'ব।
🔸প্ৰতিপক্ষক বৰ্জন কৰক
কেতিয়াবা কোনো প্ৰত্যক্ষ আলোচনা বা সমালোচনাত অতিস্থ হৈ বৰ্জন কৰিব লগা হ'লেও সংকোচ নকৰিব। প্ৰতিপক্ষক আপুনি জনাওক যে সেই আলোচনাৰ প্ৰতি আপোনাৰ সন্মান আছে, কিন্তু সেই মুহূৰ্তত আপুনি আলোচনাত অংশগ্ৰহণ কৰিব বিছৰা নাই। পৰিৱৰ্তী কোনোবা সময়ত সেই আলোচনা পুনৰ আৰম্ভ কৰিব পৰা যাব বুলিও আপুনি জনাব পাৰে। এই পদক্ষেপৰ ফলত প্ৰতিপক্ষই তেওঁলোকৰ কথা সমূহ পুনৰ্বিবেচনা কৰিব আৰু আলোচনাত আপোনাৰ প্ৰতি আক্ৰমণাত্মক ভাৱ নল'ব।
🔸আপোনাৰ বক্তব্য যুক্তিৰে দাঙি ধৰক
সমালোচনাকাৰীক আপোনাৰ মনোভাৱ জনাওক। শান্তিৰে আলোচনা হোৱাটো সদায় মংগলজনক। কিন্তু কাজিয়া হোৱাৰ ভয়ত নিমাত হৈ থকাটোও উচিত নহয়। উপযুক্ত সময় আৰু সুযোগ পালে অতি কৌশলপূৰ্ণ ভাৱে আপুনি মতামত আগবঢ়াব পাৰে। উপযুক্ত সময়ত অতি জটিল সমস্যাও কথাৰে প্ৰকাশ কৰি আপোনাৰ মত ৰাখিব পাৰে।
🔸নিজৰ প্ৰতি সদয় হওক
নিজৰ প্ৰতি সদয় হোৱা উচিত। বিভিন্ন সময়ত আপুনি ঋণাত্মক সমালোচনাৰ সন্মুখীন হ'বই। কিন্তু সেই কথাবোৰেই আপোনাৰ ব্যক্তিত্বক নুবুজায়। সেয়া আন কাৰোবাৰ আপোনাৰ প্ৰতি ধাৰণাহে মাথোন। আপুনি নিজৰ বিষয়ে নিজে ভালকৈয়ে জানে, সেয়ে নিজৰ লগতে কথা পাতক। নিজৰ যোগাত্মক কথা সমূহ সুঁৱৰি নিজকে বুজাওক। নিজকে কিছু সময় দিয়ক।
🔸আৱেগ খিনি কৌশলেৰে প্ৰকাশ কৰক
বিভিন্ন সময়ত আপুনি মানসিক কষ্ট পোৱা বা আপোনাৰ খং উঠাটো স্বাভাৱিক। সেই খং বা বিৰক্তিক লুকুৱাই ৰাখি আপুনি একো সুফল নাপায়। গতিকে আপোনাৰ আৱেগ অনুভূতিক প্ৰকাশ কৰক, কিন্তু কৌশলেৰে। মাৰ্জিত শব্দ বা চিন্তাৰে সেইখিনি প্ৰকাশ কৰক আৰু আপোনাৰ জীৱন বাটত অগ্ৰসৰ হওক।
🔸ক্ষতিকাৰক ব্যক্তিৰ সংস্পৰ্শৰ পৰা আতৰত থাকক বা তেওঁলোকক আওকাণ কৰক
এই সমাজত বিভিন্ন ধৰণৰ মানুহক আপুনি লগ পাব। তাৰে কিছুমানে আপোনাক অনবৰতে বিভিন্ন কথাৰে হিনমন্যতাত ভূগোৱাৰ চেষ্টা কৰি থাকে। তেওঁলোকে মাথো চেলু বিছাৰি ফুৰে কেনেকৈ আপোনাক দুআষাৰ মনত আঘাত কৰিব পৰা কথা ক'ব পাৰি, যাতে আপুনি মানসিক ভাৱে ভাগি পৰে। যদি তেনে ব্যক্তিক লগ পাইছে, তেন্তে অনতিপলমে তেনে ব্যক্তিৰ লগত সম্পৰ্ক শেষ কৰক। সেই ধৰণৰ মানুহৰ সংস্পৰ্শৰ পৰা নিজকে আতৰাই ৰাখক আৰু আপোনাৰ কামত একানপতীয়াকৈ মনোযোগ দিয়ক।
শেষত, এটা কথা মনত ৰাখিব। আপুনি প্ৰতিদিনেই গঠনাত্মকেই হওক বা ঋণাত্মকেই হওক, বিভিন্ন জনৰ পৰা বিভিন্ন বিষয়ত সমালোচনাৰ সন্মুখীন হ'বই, সেয়া হয়তো আপোনাৰ পৰিয়ালৰ কোনোবা, বন্ধু বা সহকৰ্মীও হ'ব পাৰে। কিন্তু আপুনি এই সমালোচনাক ইয়াৰ উদ্দেশ্য বুজি, শান্ত ভাৱে প্ৰত্যুত্তৰ দি বা অসুবিধাজনক ব্যক্তিৰ পৰা নিজকে আতৰাই ৰাখি সফলভাৱেৰে নিজ হিতত ব্যৱহাৰ কৰিব পাৰিব।
সেয়েহে, সমালোচনাৰ কিদৰে সন্মুখীন হ'ব আৰু কোন খিনি সমালোচনাক অগ্ৰাহ্য কৰি কোন খিনি গ্ৰহণ কৰিব, তাতেই নিৰ্ভৰ কৰিব আপোনাৰ সুখী জীৱনৰ সময়বোৰ।
বিঃদ্ৰঃ লেখাটো মৌলিক নহয়। ভাৱানুবাদটো মোৰ নিজা। #সমালোচনা সন্দৰ্ভত বিভিন্ন লেখাৰ এক সংমিশ্ৰিত ভাৱানুবাদ।
Comments
Post a Comment