গণিত শিক্ষণ, প্ৰতিযোগিতামূলক পৰীক্ষা আৰু আমাৰ প্ৰত্যাশা

আপোনালোকৰ প্ৰত্যেকেই হয়তো গণিতৰ শিক্ষক নহয়। কিন্তু জীৱনত অন্ততঃ এজন হ’লেও গণিতৰ শিক্ষকৰ সান্নিধ্য পাইছে। সেই অভিজ্ঞতাৰ পৰা বহুতৰ বাবে হয়তো “অংক ছাৰ” এটা ভয় লগা শব্দ বা বহুতৰে প্ৰিয় শব্দ। ভয় লগাই হওক বা ভাল লগাই হওক, সেই অনুভৱৰ সৈতে জড়িত হৈ আছে ছাৰ বা বাইদেউৰ গণিত শিক্ষণ শৈলী। গণিত আপোনাৰ প্ৰিয় নে গণিত আপোনাৰ বাবে ভয় লগা, সেয়াও কেনেবাকৈ তেখেত সকলৰ শিক্ষণ শৈলীৰ লগত জড়িত। গণিত ভীতি আমাৰ শৈক্ষিক ক্ষেত্ৰ খনৰ এটা প্ৰচলিত সমস্যা। হয়তো পৃথিৱীৰ সকলো দেশতে এই সমস্যাটো আছে। আন দেশৰ তুলনাত আমাৰ পাঠ্যক্ৰম সমূহ কেনেধৰণৰ সেই দিশতকৈ, প্ৰচলিত পাঠ্যক্ৰমৰ কথাখিনি কিদৰে শিক্ষাৰ্থীৰ আগত উপস্থাপন কৰা হয় সেইটোহে গুৰুত্বপূৰ্ণ। সাম্প্ৰতিক সময়ত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত দশম শ্ৰেণীৰ পৰ্যায়ৰ বা তাতকৈ কিঞ্চিত ওপৰৰ পৰ্যায়ৰ গণিতৰ সমস্যা প্ৰশ্ন হিচাপে আহে। সদ্য আয়োজিত “অসম লোকসেৱা আয়োগ”ৰ প্ৰাৰম্ভিক (APSC CCE Prelims - 2020) ৰ দ্বিতীয় প্ৰশ্ন কাকত খনত সংহতি তত্ত্বৰ দুটা প্ৰশ্নৰ লগতে মুঠ ৩৩টা বিভিন্ন ধৰণৰ গাণিতিক সমস্যা অহা দেখা গৈছে। অৰ্থাৎ মুঠ ৮০টা প্ৰশ্নৰ ৩৩টা প্ৰশ্নই গণিতৰ। এইবাৰৰ পৰা APSC য়ে UPSC ৰ আৰ্হিত প্ৰাথমিক বাছনি পৰীক্ষা অনুষ্ঠিত কৰিছে। ই এক যোগাত্মক পৰিৱৰ্তন। একেদৰে SSC – CHSL, CGL, Railway, Banking – RRB, NDA, TET, CTET আদিৰ দৰে পৰীক্ষা সমূহটো গণিতৰ প্ৰশ্নৰ পয়োভৰ দেখা যায়। APSC Prelims – 2020 ৰ পিছত মানুহৰ মুখত শুনিবলৈ পোৱা অতি চিন্তনীয় কথা এটা হ’ল, “দ্বিতীয় প্ৰশ্নকাকত খনত অংকৰ ভয়ত পৰীক্ষা নিদিলোঁ।” ওপৰৰ দফাটোৰ কথা খিনিৰ পৰা নিশ্চয় আমি অনুভৱ কৰিছোঁ যে, অতিকমেও দশম শ্ৰেণী পৰ্যায়ৰ গণিতৰ দখল থকাটো সাম্প্ৰতিক সময়ত অতি জৰুৰী হৈ পৰিছে। কিন্তু এই গণিতৰ বাবেই যদি বহু যোগ্য আৰু মেধাৱী ব্যক্তিয়ে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফলাফলৰ পৰা বঞ্চিত হয়, তেন্তে নিশ্চয় “অংক ছাৰ” বা বাইদেউ সকলে বিশেষ কৌশলৰে নিজকে অভিযোজিত কৰি “ভয় লগা ছাৰ”ৰ ঠাইত “ভাল লগা ছাৰ” হোৱাৰ সময় সমাগত। অংক ভাল লগাৰ লগে লগেই প্ৰতিজন শিক্ষাৰ্থীয়ে ন্যূনতম গাণিতিক জ্ঞান আহৰণ কৰিব পাৰিব। “অংক ছাৰ” সকলৰ শিক্ষণ প্ৰক্ৰিয়াত যোগাত্মক পৰিৱৰ্তনে অংক ভীতি নোহোৱা কৰি ইতিবাচক সামাজিক পৰিৱৰ্তন আনিব পাৰিব। ইয়াত কেৱল “অংক ছাৰ”ৰ পৰিৱৰ্তন মানে বিদ্যালয়ৰ বা টিউচনৰ ছাৰ বা বাইদেউ সকলৰ পৰিৱৰ্তনক বুজোৱা নাই। অতি আচৰিত ধৰণে বিগত সময় চোৱাত নম্বৰ পোৱাই দিয়াৰ দৌৰত “গণিত শিক্ষণ”এ এক বেলেগ ৰূপ লৈছে। পৰিৱৰ্তন হ’ব লাগিব শিক্ষাৰ্থীৰ অভিভাৱকৰ দৃষ্টিভংগীৰ। “নম্বৰ নহ’লে একো নহয় আজিকালি” বুলি দিয়া যুক্তিটো অলপ দকৈ ফঁহিয়াই চাব লাগে। কেৱল নম্বৰে একোৱেই সহায় নকৰে। নম্বৰো লাগিব, জ্ঞানো লাগিব। জ্ঞানৰ লগতে ভাল নম্বৰ পোৱাৰ কৌশল আৰু নিখুঁত পৰিকল্পনাই সামগ্ৰিক সফলতা দিয়ে। কিন্তু “নম্বৰ পোৱাই দিয়া”ৰ সামাজিক চাপত বহু শিক্ষকক শিক্ষণ প্ৰক্ৰিয়া সলাবলৈ বাধ্য কৰিছে নেকি! B.Ed. বা D.El.Ed. ত শিকি অহা শিক্ষণ পদ্ধতি সঁচা অৰ্থত প্ৰয়োগ কৰিবলৈ সুযোগ পোৱা যায়নে? গণিত প্ৰথমে এক আয়ত্ত কৰা বিষয়, তাৰ পিছত প্ৰয়োগ আৰু সমাধানৰ কথা আহে। পোনে পোনেই সমাধানৰ দিশে গৈ থাকোঁতেই বহু শিক্ষাৰ্থীয়ে বিষয়টোৰ সৈতে সংযোগ অনুভৱ নকৰা হয়। ইয়াৰ পিছতেই আৰম্ভ হয় গণিত ভীতি। সাধাৰণতে নৱম-দশম শ্ৰেণী পৰ্যায়ত গণিতৰ নম্বৰৰ প্ৰতি অভিভাৱক সকল যিদৰে সচকিত হোৱা দেখা যায়, সেই সচেতনতা চতুৰ্থ শ্ৰেণী বা তাৰ সমপৰ্যায়ৰ পৰা আৰম্ভ হোৱা উচিত। প্ৰাথমিক পৰ্যায়ৰ পৰাই চৰকাৰী-বেচৰকাৰী বিদ্যালয় নিৰ্বিশেষে গণিতৰ গুণগত চৰ্চা হোৱাৰ প্ৰয়োজন। শতাধিক শিক্ষাৰ্থী থকা এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত থকা ১ বা ২জন শিক্ষকৰ পৰিৱেশটো অত্যন্ত ভয়ানক। সেই একেদৰেই ভয়ানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মালিক সকলৰ “সুলভ মূল্য” ৰ প্ৰাথমিক পৰ্যায়ৰ গণিত শিক্ষক বিছৰাৰ প্ৰৱণতা। শিক্ষাৰ্থীৰ পৰা মাচুল আদায় নিয়মিত হোৱাৰ লগতে বিভিন্ন কাৰণত বছৰটোত ৪-৫ বাৰ পৰ্য্যন্ত গণিতৰ শিক্ষক নিয়মিত ভাৱে সলনি হোৱাৰ সমস্যাটোও অতিশয় ভয়ানক। ইয়াত ভুক্তভোগী কেৱল কণ কণ শিক্ষাৰ্থী সকল। চৰকাৰী বিভাগ বা মালিকৰ ক্ষতি একোৱেই নহয়। ধৰাহওক, এগৰাকী পকা মিস্ত্ৰীয়ে ইটা বোৰ বেঁকাকৈ গাঁঠিলে। ধৰা পৰাত ক’লে, “প্লাষ্টাৰ কৰাৰ সময়ত মিলি যাব।” তেতিয়াও বেঁকাবোৰ মিলাব নোৱাৰিলে। তেতিয়া ক’লে ৰঙৰ মিস্ত্ৰীয়ে মিলাব। সেই যে, পিছৰ জনে মিলাব বুলি আৰম্ভণিৰে পৰা নিমিলোৱাকৈ গৈ শেষত বেঁকা হোৱাটো ভাল নহ’লগৈ, একেদৰে প্ৰাথমিকৰ পৰা কৰা অৱহেলাই “গণিত ভীতি”ত অৰিহণা যোগায়। সেয়ে শিক্ষণ প্ৰক্ৰিয়াত অভিভাৱক, অনুষ্ঠান, বিভাগ, শিক্ষক বা বহল অৰ্থত আমাৰ সামাজিক ভাৱে চিন্তা ধাৰাৰ পৰিৱৰ্তনে “গণিত শিক্ষণ” অধিক ফলপ্ৰসূ কৰি আমাৰ প্ৰত্যাশা সমূহ পূৰণ কৰিব। শেহতীয়াকৈ JEE – Advanced পৰীক্ষাত পঞ্জীয়ণৰ এক পৰিসংখ্যাৰ পৰা গম পোৱা গৈছে উত্তৰ পূৱ ক্ষেত্ৰত বিহাৰৰ 73% শিক্ষাৰ্থীৰ পৰিৱৰ্তে অসমৰ শিক্ষাৰ্থীৰ পৰিমাণ 11%। এই পৰিসংখ্যাৰ আঁৰত গণিত ভীতিয়েই নহয়টো? IIT বা IISc আদিত ইঞ্জিনিয়াৰিং পঢ়াৰ সপোন দেখা শিক্ষাৰ্থীৰ সংখ্যা কম নেকি? দেশৰ আন প্ৰান্তৰ তুলনাত আমি গণিতত পিছ পৰা নেকি? সদ্যঘোষিত UPSC পৰীক্ষাত অসমৰ পৰা সফল হৈছে মাত্ৰ ১ গৰাকী। কেনেবাকৈ এই পৰিসংখ্যাৰ লগত গণিত ভীতিৰ অৰিহণা আছে নেকি? সাধাৰণীকৰণ কৰাৰ চেষ্টা নাই কৰা, কিন্তু এনে সম্ভাৱনা অগ্ৰাহ্য কৰিব নোৱাৰোঁ। PCM ৰ Physics বা Mathematics বহু শিক্ষাৰ্থীয়ে টান পায় নেকি? পদাৰ্থ বিজ্ঞানৰ তাত্ত্বিক কথাৰ গাণিতিক উপস্থাপন বা বিশ্লেষণ দেখিলেই শিক্ষাৰ্থী উচপ খাই উঠা দেখিছে নেকি? মোৰ তেনে অৱস্থাৰ সন্মুখীন হোৱাৰ অভিজ্ঞতা হৈছে। সেই অভিজ্ঞতা এবাৰ-দুবাৰ নহয়, বছৰি হয়। ইয়াৰ বাবে আমাৰ শিক্ষণ পদ্ধতি জগৰীয়া নে নম্বৰৰ প্ৰতি আমাৰ প্ৰত্যাশা জগৰীয়া? দূৰত্ব – সময়ৰ অংক দেখিলেই UPSC, APSC বা SSC আদিৰ আশা বাদ দিওঁ নেকি? অংকৰ শিক্ষণ অনুশীলনীৰ সমাধানতেই সীমাৱদ্ধ নেকি? চতুৰ্থ শ্ৰেণীৰ সৰল অংকৰ পৰা আৰম্ভ কৰি দশম শ্ৰেণীৰ অংকলৈকে প্ৰতিটো ধাৰণাৰ “কেৰিয়াৰ মূল্য নিৰ্ধাৰণ” কৰাব পাৰিলে গণিতৰ প্ৰতি আগ্ৰহ বাঢ়িব। ষষ্ঠ শ্ৰেণীৰ পৰা গণিত শিক্ষণত NCERT Exempler Problems নামৰ প্ৰশ্ন সম্ভাৰখন ব্যৱহাৰ কৰিবলৈ চৰকাৰী-বেচৰকাৰী সকলো শিক্ষকেই চেষ্টা কৰা উচিত হ’ব। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত থকা শিক্ষাৰ্থীৰ অভিভাৱক সকলে গণিত শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত বা ব্যক্তি গৰাকীৰ শিক্ষণ পদ্ধতিৰ মানদণ্ডৰ ওপৰত চকু ৰখা উচিত হ’ব। বিদ্যালয়ত ভালকৈ নপঢ়ায় বুলি ঘৰুৱা শিক্ষকৰ ওচৰত সমৰ্পিত হোৱাৰ সলনি বিদ্যালয় কৰ্তৃপক্ষক প্ৰশ্ন কৰাৰ সাহস গোটাওক। অভ্যন্তৰীণ মূল্যায়নৰ ১০ বা ২০ নম্বৰৰ ভয়ত প্ৰশ্ন নোসোধাকৈ নাথাকিব। যিদৰে টিউচনৰ শিক্ষক গৰাকীৰ মানদণ্ড নিৰূপনত মনোযোগ দিয়ে, সেই একে ধৰণে বিদ্যালয়ৰ শিক্ষক গৰাকীতো নজৰ দিয়া উচিত হ’ব। “সুলভ মূল্য”ৰ ব্যক্তিৰ ঠাইত যোগ্য ব্যক্তিৰ নিয়োগ নিশ্চিত কৰিব পাৰিব লাগিব। এই “সুলভ” আৰু সস্তাৰ ধাৰণাটোৱে আপোনাৰ সন্তানৰ জীৱনৰ কিছুমান সপোন হয়তো দুৰ্লভ কৰি দিব। গণিত চোকা মানুহৰ বিষয়তকৈ, দৈনন্দিন জীৱনৰ বিভিন্ন সমস্যা সমাধানৰ আহিলা হ’লেহে গণিত জনপ্ৰিয় হ’ব। অৰ্থাৎ, এইবোৰ প্ৰশ্ন APSC, UPSC ত আহে বা ডাঙৰ হ’লে তাৰ প্ৰয়োজনীয়তাৰ কথা অনুধাৱন কৰাব পাৰিব লাগিব। তেতিয়া বিষয়টোৰ প্ৰতি আগ্ৰহ বাঢ়িব। বিজ্ঞ – অভিজ্ঞ শিক্ষকৰ প্ৰতি উপদেশ দিয়াৰ সামৰ্থ্য আমাৰ নাই যদিও অনুৰোধ কৰিব পাৰোঁ যে, “গণিত ভীতি” আঁতৰ কৰাত আপোনালোকৰ অৰিহণা অতিশয় প্ৰয়োজনীয়। সমাজক প্ৰতিনিধিত্ব কৰা অভিভাৱক সকলৰ অৰিহণা অপৰিহাৰ্য। গণিত অলিম্পিয়াড, মেথলেটিকছ আদিৰ গণিতৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত আমাৰ শিক্ষাৰ্থীৰ যোগদান বঢ়াব পাৰিব লাগিব। গণিত বিষয়ক গৱেষণালৈ যাবলৈ শিক্ষাৰ্থী সকলক সৰুৰে পৰা উৎসাহ যোগাব পাৰিব লাগিব। আজিৰ সময়ত প্ৰকৃত গণিত শিক্ষণ প্ৰক্ৰিয়াৰ অধোমুখী গতি হোৱা যেন অনুভৱ হয়। এক ব্যাপক সামাজিক সচেতনতা অবিহনে শিক্ষণ প্ৰক্ৰিয়াৰ যোগাত্মক পৰিৱৰ্তন আশা কৰিব নোৱাৰি। চৰকাৰী ভাৱে বিদ্যালয় সমূহত অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ সম্বলিত শিক্ষণ সামগ্ৰী যোগান ধৰা দেখা গৈছে। এই খিনিৰ উপযুক্ত প্ৰয়োগ নিশ্চিত কৰিব নোৱাৰিলে সাম্প্ৰতিক সময়ৰ লগত ফেৰ মাৰিব পৰাকৈ শিক্ষণ পদ্ধতি উন্নত নহ’ব। শেষত আমাৰ বহুত আশা-প্ৰত্যাশাই অলীক সপোনৰ ৰূপ ল’ব। “আমাৰ দিন গ’ল, এইবোৰ শিকাৰ” দৰে ধাৰণাৰ পৰা মুক্ত হৈ নিজৰ কৌশল উন্নত কৰি এগৰাকী “ভাল লগা ছাৰ” বা “ভাল লগা বাইদেউ” হোৱাৰ চেষ্টাত ব্ৰতী হ’ব পাৰিলে গণিতো জনপ্ৰিয় হ’ব। অভিভাৱক সকলৰ সচেতনতা বৃদ্ধিয়ে, অনাহক নম্বৰ প্ৰীতি কমিলে গণিতে জনপ্ৰিয়তা লাভ কৰিব। অৰ্থাৎ আমাৰ সামূহিক চিন্তাধাৰাৰ পৰিৱৰ্তনে অনাগত সময়ত “গণিত ভীতি” আঁতৰ কৰি আশাৰ বতৰা কঢ়িয়াই আনিব।

Comments

Popular posts from this blog

উচ্চতৰ মাধ্যমিকত Physics কিয় টান?

গণিত আৰু বিজ্ঞান বিষয় ইমান টান কিয়?

ফাৰ্ষ্ট ইয়েৰ, ৰেষ্ট ইয়েৰ