Posts

Showing posts from November, 2024

শিশু দিৱস উপলক্ষেঃ পৰিবৰ্তিত সময়ত আমাৰ কৰণীয়

Image
আজিৰ শিশুৱেই ভৱিষ্যতৰ নাগৰিক বুলি কোৱা হয় সততে। তেওঁলোকক ভৱিষ্যতৰ মানৱ সম্পদ হিচাপে গঢ় দিয়াতো অভিভাৱক, শিক্ষক আৰু সমাজৰ গুৰুত্বপূৰ্ণ দায়িত্ব। সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন বোৰ খুব খৰতকীয়াকৈ হৈছে। পৰম্পৰাগত পদ্ধতি সলনি হৈছে, নতুন ব্যৱস্থাই খোপনি পুতিছে। সেয়েহে সাম্প্ৰতিক পৰিৱৰ্তন বোৰৰ সৈতে খাপ খাই ভৱিষ্যতৰ পৰিকল্পনা কিদৰে কৰিলে আজিৰ শিশুসকল অনাগত সময়ত মানৱ সম্পদ হিচাপে গঢ় লৈ উঠিব সেই সম্পৰ্কে অভিভাৱক সমাজৰ প্ৰতি চমুকৈ কিঞ্চিত আলোচনা আজি শিশু দিৱসৰ দিনা আগবঢ়াইছো।  ক’ভিদ পৰিস্থিতিৰ পিছতেই অসমৰ শিক্ষাবৰ্ষৰ সময়সূচী সলনি হৈছে, ৰাষ্ট্ৰীয় সূচীৰ সৈতে একাত্ম হৈছে। সেয়া সকলোৱে গম পাইছেই। তাৰ সমান্তৰালকৈ পাঠ্যক্ৰমৰ বিশেষ সলনি হোৱা নাই বা হোৱাৰ কোনো প্ৰয়োজনো নাই। পূৰ্বৰ জানুৱাৰী-ডিচেম্বৰ শিক্ষাবৰ্ষৰ সলনি এতিয়া শিক্ষাবৰ্ষ এপ্ৰিল-মাৰ্চ হ’ল। আন শ্ৰেণীসমূহৰ কথা বাদ দি সদ্যহতে দশম শ্ৰেণীৰ কথা আলোচনা কৰোঁ। অসমত মেট্ৰিক আছেই বা দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা আছেই, থাকিবই। যদিও মেট্ৰিক নোহোৱা হৈ যাব বুলি মাজতে আমি বহুতো বাতৰি-উৰাবাতৰি শুনিছিলোঁ।  প্ৰথমে ভাৱিবলগীয়া কথাটো হ’ল এয়ে যে ...

পদাৰ্থ বিজ্ঞানৰ পাঠদানত প্ৰত্যাহ্বান

Image
আলোচনা কৰিবলৈ লোৱা কথাখিনি এটা দীঘলীয়া সময়ৰ অনুভৱ, শিক্ষক হিচাপে মোৰ নিজা দৃষ্টিভংগীহে মাথোন। সদাশয় পাঠকৰ মতবিৰোধ থাকিব পাৰে। কথাখিনি হয়তো সেইসকল সচেতন অভিভাৱকৰ কামত আহিব, যিসকলৰ সন্তানে এতিয়াও মাধ্যমিক পৰ্যায়ত বিদ্যালয়তে পঢ়ি আছে, উচ্চতৰ মাধ্যমিকলৈ অহা নাই বা হয়তো প্ৰথম বৰ্ষত পঢ়ি আছে।  প্ৰায় সপ্তম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিকলৈ মূলতঃ বিজ্ঞানৰ মূল ভাগ তিনিটা - ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান। তিনিওটা ভাগৰে অধ্যয়নৰ কৌশল, প্ৰশ্নোত্তৰ উপস্থাপনৰ ধৰণ বা অনুশীলনৰ ধৰণ সাংঘাতিকভাৱে সুকীয়া। লগতে প্ৰয়োজন হয় দৈনন্দিন জীৱনৰ ঘটনা সমূহৰ পৰ্যবেক্ষণৰ সূক্ষ্মতা, যুক্তিৰে বিশ্লেষণ কৰাৰ সামৰ্থ্য, স্পষ্টকৈ নিয়মবোৰ মনত ৰখাৰ কৌশল ইত্যাদিৰ। আমি কেৰিয়াৰ বা প্ৰতিযোগিতাৰ পৰিৱেশটো নিশ্চয় দেখিছোঁ। সেয়েহে বিজ্ঞান বিষয়ক কেৰিয়াৰ ভৱিষ্যতে হ’বনে নাই সেই সন্দৰ্ভত অভিভাৱক আগতীয়াকৈ সচেতন হোৱাৰ প্ৰয়োজন, আগতীয়া মানে ষষ্ঠ-সপ্তম শ্ৰেণীৰ পৰাই। সাধাৰণতে ষষ্ঠ-সপ্তম-অষ্টমৰ দৰে সৰু শ্ৰেণী সমূহত বিজ্ঞান মূলতঃ প্ৰশ্নোত্তৰ মুখস্থ কৰিয়েই পাছ কৰিব বা ৯০% তকৈও অধিক নম্বৰ পাব পাৰি। আমাৰ প্ৰথম ভুল সেইখিনিতেই হয়...