ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অভিভাৱক সভা

এটা দশক কাল ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠান সমূহৰ লগত জড়িত হৈ থকাৰ অভিজ্ঞতাৰ পৰা মনলৈ অহা কিছুমান কথা আলোচনা কৰিবলৈ ওলাইছো। যিহেতু চৰকাৰী খণ্ডৰ ব্যৱস্থাৰ সৈতে বৰ বিশেষ সম্পৰ্ক হোৱা নাই, সেয়েহে সেই সম্পৰ্কে কিবা অলপ ক'বলৈ অসুবিধা হ'ব। 


কণ কণ শিশু ওমলিবলৈ যোৱা স্কুল (Play School) ৰ পৰা আৰম্ভ কৰি কণিষ্ঠ মহাবিদ্যালয় (Junior College) পৰ্যায়লৈ অসমৰ শিক্ষা জগতত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহে যোৱা দুই দশকৰো অধিক সময় "শিক্ষাদান সেৱা" আগবঢ়াই আহিছে। মাতৃভাষাৰ মাধ্যমৰে হওক বা ইংৰাজী মাধ্যমৰে হওক, আমাৰ চৌপাশে এনে বহুতো শিক্ষানুষ্ঠান দেখিবলৈ পাঁ‌ও। হয়তো আপোনাৰ সন্তান বা পৰিয়ালৰ শিশুও তেনে অনুষ্ঠানৰে শিক্ষাৰ্থী। সংখ্যাত চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠানৰ সমানে বা কোনো অঞ্চলত তাতোকৈ বেছিকৈয়ে শিক্ষানুষ্ঠান সমূহ আছে। কিয় ইমান সংখ্যক শিক্ষানুষ্ঠানৰ জন্ম হৈছে? যদি এই প্ৰশ্নৰ উত্তৰ বিচাৰো, তেন্তে যোগাত্মক বা বিয়োগাত্মক বিভিন্ন কথা মনলৈ আহিব পাৰে আমাৰ মনলৈ। সেয়া বৰ বিশেষ আলোচনা নকৰো যদিও, তলৰ কথা খিনিত এই প্ৰশ্নটোৰো ভূমিকা আছে।


কথা খিনি আমাৰ অভিজ্ঞতাৰ পৰা আলোচনা কৰিবলৈ লোৱা হৈছে। এয়া আপোনাৰ দৃষ্টিত শুদ্ধ নহ'বও পাৰে। বিতৰ্কৰো সূচনা হ'ব পাৰে। মাত্ৰ এই কথাবোৰ আলোচনাৰ মাধ্যমলৈ আহক বুলিয়ে ক'বলৈ ওলাইছো।


সাধাৰণতে এটা শৈক্ষিক ন্যাসৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠান সততে দেখিবলৈ পাঁ‌ও - সেই ন্যাস কেতিয়াবা প্ৰকৃতাৰ্থত থাকে বা কেতিয়াবা কেৱল কাগজতো থাকিব পাৰে বা নাথাকিবও পাৰে। সেয়া ওচৰে পাজৰে চকু ফুৰালে আপোনালোকৰ দৃষ্টি গোচৰ হ'ব। কেতিয়াবা আকৌ এখন কেন্দ্ৰীয় বা ৰাজ্যিক শৈক্ষিক সমিতিৰ অধীনতো কোনো শিক্ষানুষ্ঠান থাকিব পাৰে। আমাৰ দৃষ্টিত স্থানীয় এখন ন্যাসৰ দ্বাৰা যদি ২-৩ খনতকৈ অধিক শিক্ষানুষ্ঠান পৰিচালিত নহয়, তেন্তে সেই শিক্ষানুষ্ঠান সমূহৰ শৈক্ষিক সিদ্ধান্ত সমূহ দুই এজন ব্যক্তিৰ দ্বাৰা নিৰ্ধাৰিত হয়। ইয়াৰ ভাল-বেয়া দুয়োটা দিশেই থাকিব পাৰে। আনহাতে কেন্দ্ৰীয় শৈক্ষিক সমিতিৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠান সমূহৰ শৈক্ষিক সিদ্ধান্ত সমূহ কেন্দ্ৰীয় ভাৱে সকলো অনুষ্ঠানৰ বাবেই প্ৰায় প্ৰযোজ্য হয়।


এই শৈক্ষিক সিদ্ধান্ত সমূহনো কি? এইবোৰ বিভিন্ন ধৰণৰ হ'ব পাৰে, মূলতঃ এই সিদ্ধান্তবোৰত জড়িত হৈ আছে শিক্ষাৰ্থীৰ ভৱিষ্যৎ। উদাহৰণ স্বৰূপে অষ্টম শ্ৰেণীলৈকে ব্যৱহাৰ হ'বলগীয়া পাঠ্যপুথি সমূহ কোনটো প্ৰকাশনৰ হ'ব বা কোনজন ৰচয়িতাৰ হ'ব, অতিৰিক্ত দুই এটা বিষয় কি কি হ'ব, মূল্যাংকন বা পৰীক্ষাৰ প্ৰশ্ন সমূহ কি ধৰণৰ হ'ব, শৈক্ষিক ভ্ৰমণত কেৱল ঠাই ফুৰিবলৈ যাব নে সঁ‌চাকৈ কিবা অলপ শিকিবলৈ যাব, গৃহাকাৰ্যৰ পৰিমাণ, অন্যান্য কি কি বিদ্যায়তনিক কাৰ্যকলাপ কি হ'ব, অধ্যয়ণৰ সময়সূচী কেনে ধৰণৰ হ'ব, টিউচনৰ প্ৰয়োজনীয়তা আছেনে, কেৰিয়াৰ সম্পৰ্কে সজাগতা ইত্যাদি।


ইয়াত 'অষ্টম শ্ৰেণীলৈকে' বুলি লিখাৰ অৰ্থটো হ'ল যে ভাৰতৰ CBSE আৰু বিভিন্ন ৰাজ্যৰে ৰাজ্যিক শিক্ষা সংসদ সমূহৰ বিদ্যালয় (চৰকাৰী আৰু বেচৰকাৰী) সমূহে নৱম আৰু দশম শ্ৰেণীত ইংৰাজী, সমাজ বিজ্ঞান, বিজ্ঞান, গণিত ( অসমত অসমীয়া বিষয়টোও) ৰ একেকেইখন পাঠ্যপুথিয়ে ব্যৱহাৰ কৰে। একেদৰে একাদশ আৰু দ্বাদশ শ্ৰেণীটো একে পাঠ্যপুথিয়েই গোটেই ভাৰততে প্ৰচলিত। কেৱল ICSE ৰ পাঠ্যপুথি সমূহ বেলেগ। এই শিক্ষা সংসদৰ বিদ্যালয় অসমত আঙুলি মূৰত গণিব পৰা। আকৌ আপোনালোকে ব্যস্ততাৰ মাজত যদি সময় উলিয়াই আপোনাৰ অষ্টম শ্ৰেণীৰ ভিতৰত থকা সন্তানৰ মূল বিষয় সমূহৰ এটাৰ এখন পাঠ্যপুথি মেলি আগ-কথা বা পাতনি পঢ়ি চায়, তাত "ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (NCERT) প্ৰস্তুত কৰি উলিওৱা ৰাষ্ট্ৰীয় কাৰিকুলাম আধাৰ ২০০৫ (NCF 2005) ত এই পাঠ্যপুথি খন প্ৰস্তুত কৰা হৈছে" - জাতীয় বাক্য এষাৰী দেখিবলৈ পাব। ইয়াত মূল কথাটো হ'ল পাঠ্যপুথিৰ প্ৰণেতা যিয়েই নহওক, সেইখন NCERT ৰ NCF 2005 ৰ ভিত্তিতে সাজি উলিওৱা হৈছে। সেয়েহে বাহ্যিক সকলো কথা বাদ দি অভিভাৱক হিচাপে আপোনালোকে জানিব লগা কথাটো হ'ল যে, আপোনাৰ সন্তান যিখন বিদ্যালয়তে নপঢ়ক কিয়, সকলোৰে নিৰ্দিষ্ট এটা শ্ৰেণীত শিকিব লগীয়া বিষয় বস্তু একে খিনিয়েই। সেয়েহে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত আপোনাৰ সন্তানৰ নামভৰ্তি কৰাৰ সময়ত বা সন্তান পঢ়ি থকাৰ সময়ত আপোনালোকে চকু দিব লগা এটা দৰকাৰী কথা হ'ল পাঠ্যপুথি কেইখনৰ সৱিশেষ। কিয় এইয়া ক'ব লগা হৈছে জানেনে, আজিলৈকে কোনো এখন এনে পাঠ্যপুথিত মই ১০০% শুদ্ধ তথ্য পোৱা নাই। এইয়া মুদ্ৰণ ভুল (Printing Mistake) ৰ দোহাই দিবলগীয়া ভুল নহয়, এই ভুলৰ পৰিমাণ অতি বেছি। যদি পাঠদান কৰা শিক্ষক বা অভিভাৱক সচেতন নহয় তেন্তে এই ভুলে শিক্ষাৰ্থীৰ মাৰাত্মক ক্ষতি কৰিব। আমাৰ দৃষ্টিত NCERT য়ে প্ৰৱৰ্তন কৰা পাঠ্যপুথি সমূহেই সকলোৰে বাবে উপযুক্ত। এখন NCERT ৰ পাঠ্যপুথিৰ প্ৰণেতা সকলৰ তালিকা খন চাবলৈ এই চেগতে অনুৰোধ কৰিলো।


শিক্ষানুষ্ঠান এখনত অনুষ্ঠিত কৰা মূল্যাংকন সমূহৰ প্ৰশ্ন সমূহৰ মানদণ্ডও অভিভাৱক বিচাৰ কৰিব পৰা বিষয় হয়। এটা অপ্ৰিয় সত্য ক'বলৈ ওলাইছো। আমি অভিভাৱক হিচাপে সন্তানে পোৱা সৰহীয়া নম্বৰ সমূহ ভাল পাঁ‌ও (সকলোৱে নহ'বও পাৰে) । কম নম্বৰে আমাক বেয়া লগায়। গোট পৰীক্ষা বা বিদ্যালয়ে পতা ছমহীয়া বা বছৰেকীয়া পৰীক্ষাত সন্তানে সৰহ নম্বৰ পালে আমি গৌৰৱ কৰো। মনত ৰাখিব, সেই সৰহীয়া নম্বৰ কেইটাই ভৱিষ্যতে একো নকৰে। কোনো কোনো ঠগ প্ৰকৃতিৰ শিক্ষকৰ বৃত্তিত থকা মানুহে কি কৰে জানেনে? ধৰি লওক শিক্ষাৰ্থী সকলক তেওঁ ২০ টা বিশেষ প্ৰশ্ন পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে দিছে। তাৰ মাজৰে ১২ টা প্ৰশ্নকাকত আহিল। পৰীক্ষা ভাল হ'ল, নম্বৰ সৰহ আহিল। কাৰণ ছাৰে কমন দিলে! কেইটামান অধ্যায় বিষদ ভাৱে পঢ়ি বুজি এজন ছাত্ৰই দিব লগা পৰীক্ষাটো মাত্ৰ ২০ টা প্ৰশ্নত সীমাৱদ্ধ কৰি দিলে। ই এক অপৰাধ। আপোনাৰ সন্তানৰ খাতিৰত আপুনি তেনে ধূৰ্ত জনক চিনাক্ত কৰক আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰক। এইক্ষেত্ৰত আপুনি বেছি নম্বৰ ভাল পোৱাৰ সুযোগ গ্ৰহণ কৰা হৈছে।


কেতিয়াবা বিভিন্ন কাৰণত নিৰ্দিষ্ট চিলেবাছ শেষ নহয়। তেতিয়া শেষ নোহোৱা চিলেবাছেৰেই কেৱল পঢ়োৱা খিনিৰ পৰা প্ৰশ্ন দি বাৰ্ষিক পৰীক্ষা পতা হয়। পাঠ্যক্ৰম শেষ নোহোৱাটো বিপদজনক কথা। আপোনালোকে অভিভাৱক হিচাপে চকু দিয়া উচিত।


এটা সৰহীয়া মাচুল পৰিশোধ কৰি আপোনাৰ সন্তানক এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়াইছে। বহুক্ষেত্ৰত দেখা যায়, বিদ্যালয়ত পাঠদান কৰা শিক্ষক জনেই সেই একেটা বিষয়েই বছৰটোত প্ৰতিমাহে টিউচন কৰিব লগা হয়, প্ৰায় আটাই কেইজন ছাত্ৰ-ছাত্ৰীকে। কি যুক্তিত ইয়াৰ প্ৰয়োজনীয়তা আছে? তেখেতে স্কুলত ভালকৈ নপঢ়ায় নেকি নে টিউচনৰ আশাত তেনে কৰে? অতি অসুবিধাজনক পৰিস্থিতিত এক নূন্যতম নিৰীখত বিদ্যালয়ত অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰিব নোৱাৰি নেকি? অসুবিধাজনক পৰিস্থিতি যেনে, বৰ্তমান সময়ত মহামাৰীৰ ফলত হোৱা অসুবিধা। SEBA ৰ মেট্ৰিক পৰীক্ষাত বিষয় কেইটামানত দিয়া ব্যৱহাৰিকৰ ১০ নম্বৰ কমাই দিয়াৰ ভয় দেখুৱাই টিউচন কৰাবলৈ বাধ্য কৰোৱাও আমি দেখিবলৈ বা শুনিবলৈ পাইছো। অভিভাৱক হিচাপে এনে অতি স্পৰ্শকাতৰ বিষয়ত চকু দিয়াৰ দায়িত্ব প্ৰত্যেকৰে আছে। এনে ব্যক্তিও আছে, যি আটাইকেইটা বিষয়তে পাৰ্গত বা পঢ়াব পাৰে বুলি কয়। তেওঁ সঁ‌চাকৈয়ে পাৰেনে? নে কেৱল সকলো বিষয়ৰ উত্তৰ কেইটা কৈ দিয়ে বা পাঠৰ শাৰীবোৰ পঢ়ি কেৱল ভাঙনি কৰি যায়? অভিভাৱকে চকু দিয়াৰ প্ৰয়োজন এই সমূহত। ভয়-শংকাৰ প্ৰয়োজন নাই। আপোনালোকে প্ৰশ্ন কৰিব পাৰে। কেতিয়াবা বিদ্যালয়ত পাঠদান কৰাৰ পিছতো, আপুনি আন এজন শিক্ষকক গোটেই বছৰটোৰ বাবে ঘৰুৱা শিক্ষক হিচাপে নিয়োজিত কৰিব লগা হয়। কিয়?


কেতিয়াবা কোনো কোনো শিক্ষানুষ্ঠানত অতিৰিক্ত বিষয় কিছুমান অন্তৰ্ভূক্ত কৰা হয়। এনে বিষয়ে ছাত্ৰ জনৰ অৱসাদ আনিছে নেকি? দৈনন্দিন অধ্যয়নত অসুবিধা কৰিছে নেকি? এইয়া আলোচনাৰ বিষয়।


আপোনাৰ সন্তানে ঘৰত অধ্যয়ণৰ কাম নিয়াৰীকৈ কৰিছেনে নাই, সেয়াও শিক্ষকে গম পোৱা উচিত। সেয়া শিক্ষকক জনাব অভিভাৱক জনে। যদি ছাত্ৰ জনে অনিয়ম কৰিছে বা পাঠগ্ৰহণত অসুবিধা পাইছে, তেন্তে সেয়া আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ চেষ্টা কৰিব শিক্ষক আৰু অভিভাৱকে যুটীয়াভাৱে।


কেতিয়াবা মালিকানাধীন বিদ্যালয়ত অতি কম মাননীত বহুলোকে সেৱা আগবঢ়ায়। বিদ্যালয়ে মাচুল ঠিকেই আদায় কৰিছে, শিক্ষকজনে উপযুক্ত মাননী পাইছেনে? নে কম মাননীত কাম চলাই যাব পৰা ব্যক্তিৰ নিয়োগেৰে শিক্ষাদান প্ৰক্ৰিয়া বিনষ্ট কৰিছে। এইয়াও আপোনালোকৰ চিন্তাৰ বিষয়। কাৰণ ব্যক্তিৰ আৰ্থিক অৱস্থাই মানসিক অৱস্থাত বিৰূপ প্ৰভাৱ পেলায়, মানসিক ভাৱে কষ্টত থকা ব্যক্তিয়ে সুন্দৰ পাঠদান আগবঢ়াব নোৱাৰিবও পাৰে।


স্কুলীয়া শিক্ষাৰ লগতে ছাত্ৰজীৱনত নৈতিক শিক্ষাৰো প্ৰয়োজন আছে। সেয়াও শিক্ষক-অভিভাৱকৰ আলোচনাত গম পোৱা যায়, কাৰণ শিক্ষকে কেতিয়াবা ছাত্ৰৰ নৈতিক স্খলন হোৱা দেখে। কিন্তু ঘৰত ছাত্ৰ জন যথেষ্ট ভাল, ঘৰৰ বাহিৰত তেওঁৰ প্ৰকৃত স্বৰূপ ওলায়। লুকুৱাই ৰখাতকৈ সেই বিষয়ে আলোচনা হোৱা উচিত।


ব্যক্তিগত খণ্ডত শিক্ষাগুৰু সকলে বিভিন্ন সময়ত বিভিন্ন ত্যাগৰ মাজেৰে শিক্ষাদান কাৰ্য সমাধা কৰে। অভিভাৱকৰ কিঞ্চিত উৎসাহে তেওঁলোকক উদ্যমী কৰি তোলে। সেয়েহে শিক্ষক-অভিভাৱক সভাৰ প্ৰয়োজন। ভুলৰ সৰু-বৰ নাই যদিও কেতিয়াবা সাধাৰণতে সামান্যতম ভুলতে মাৰিম-কাটিমকৈ থকা অভিভাৱকো আমি দেখিছো। গালিৰে থকা-সৰকাও হয় বহু নিষ্ঠাৱান শিক্ষক, কেতিয়াবা অজানিতে হোৱা ভুলৰ বাবে। তেনেহ'লে ভাল কামত প্ৰশংসাৰে ওপচাই পেলোৱাও অভিভাৱকৰেই দায়িত্ব।


বহুক্ষেত্ৰত অভিভাৱক সভাত অভিভাৱকৰ উপস্থিতি অতি সেৰেঙা দেখা যায়। আপোনাৰ সকলো কামৰ মাজত এই সভাখন কিন্তু অতি গুৰুত্বপূৰ্ণ। ইয়াত আপোনাৰ সন্তানৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ শিক্ষক সকল ৰৈ থাকিব পাৰে। আপোনাৰ অনুপস্থিতি শিক্ষকৰ প্ৰতি অৱজ্ঞাসূচকো হ'ব পাৰে। সভাখনৰ গুৰুত্ব বুজি উপস্থিত হোৱাৰ চেষ্টা কৰা উচিত।


কেতিয়াবা ছাত্ৰ-ছাত্ৰীয়ে ফাঁকিৰ আশ্ৰয় লয়। শিক্ষকৰ সন্মুখত এটা ভাষ্য, আকৌ অভিভাৱকৰ সন্মুখত আন এটা ভাষ্য। যেতিয়া শিক্ষক-অভিভাৱক মিলিত হয়, তেনে কথাৰ সত্যাসত্য নিৰূপন হয়। বিপথে যোৱা সন্তানক শুধৰাব পৰা যায়।


শিক্ষানুষ্ঠান আৰু অভিভাৱক, দুয়োপক্ষই মিলি প্ৰচলিত প্ৰক্ৰিয়াৰ আসোঁ‌ৱাহ সমূহ দূৰ কৰাৰ ই এক সুৱৰ্ণ সুযোগ। 


এনে ধৰণৰ আৰু বহুতো কথা আছে যাৰ বাবে শিক্ষক আৰু অভিভাৱকৰ মাজত মুখামুখি আলোচনাৰ প্ৰয়োজন। নিয়মিত অন্তৰালত অভিভাৱক সভাৰ প্ৰয়োজন। কাৰণ বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক আৰু আৰু অভিভাৱকৰ সম্পৰ্ক যিমানেই দৃঢ় হ'ব, সিমানেই শিক্ষাৰ্থীজনৰ সকলো ফালৰে পৰা উন্নতি হ'ব। শিক্ষাদান সুন্দৰ হ'ব, শিক্ষা ব্যৱস্থাৰ বিকাশ ঘটিব। অভিভাৱকৰ অগোচৰে যদি ক' ৰবাত ভুল হৈছে, সেয়া শুদ্ধ হ'ব। ব্যক্তিগত শিক্ষানুষ্ঠান কেৱল উপাৰ্জনৰ আহিলাৰ সলনি সেৱাৰ আহিলা হ'ব আৰু সামাজিক উৎকৰ্ষ সাধনত ভূমিকা ল'ব।

Comments

Popular posts from this blog

উচ্চতৰ মাধ্যমিকত Physics কিয় টান?

গণিত আৰু বিজ্ঞান বিষয় ইমান টান কিয়?

ফাৰ্ষ্ট ইয়েৰ, ৰেষ্ট ইয়েৰ