মোৰ সন্তানটোৱে Science ল'ব পাৰিব নে?
আমি পঢ়া-শুনা কৰো। আমি কেৰিয়াৰ বনাও। এই কেৰিয়াৰ বনোৱা কামটো অত্যন্ত দীঘলীয়া। অতি ধৈৰ্যৰে আৰু যুক্তি সহকাৰে চিন্তা কৰাৰ পিছত লোৱা কিছুমান সিদ্ধান্ত আৰু পদক্ষেপৰ সংমিশ্ৰণ হৈছে কেৰিয়াৰ এটা। কোনো আৱেগ জড়িত ক্ষন্তেকীয়া ঢৌত লোৱা সিদ্ধান্তই কেৰিয়াৰ গঢ়িব নোৱাৰে। ভাল কেৰিয়াৰৰ গৰাকী মানে অজস্ৰ সম্পত্তিৰ গৰাকী হোৱা নুবুজায়। কেৰিয়াৰ গঢ়াৰ আৰম্ভণিতে কিছুমান অতি গুৰুত্বপূৰ্ণ শৈক্ষিক জীৱনৰ সিদ্ধান্তই পিছলৈ বহুত প্ৰভাৱ পেলায়।
কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত কেইটামান অতি দৰকাৰী বিষয় আছে, যাৰ প্ৰতি আমি সচকিত হ'ব লাগে। যেনে -
১) কি কেৰিয়াৰ নিৰ্বাচিত হ'ব?
২) কি ভিত্তিত সেই নিৰ্বাচন হ'ব?
৩) কোনে সেই নিৰ্বাচন কৰিব?
৪) সেই লক্ষ্যত উপনীত হোৱাৰ বাবে কি অনুষ্ঠান বা শিক্ষানুষ্ঠান সহায়ক হ'ব?
৫) কেৰিয়াৰ গঢ়াৰ সেই যাত্ৰাত আৰ্থিক হেঙাৰ থাকিব পাৰে নেকি?
এইকেইটাৰ বাহিৰে আন বিষয় থাকিব পাৰে যদিও, মূলতঃ এইকেইটাই আমি আলোচনা কৰো-
আজিৰ এই আলোচনাটো সীমাবদ্ধ ৰাখিম কেৱল মেট্ৰিকৰ পিছৰ পৰ্যায়লৈকে। পৰৱৰ্তী সময়ত ইয়াৰ পিছৰ খিনিও আলোচনা কৰিম।
অহা কেইটামান দিনৰ ভিতৰতে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব। ইতিমধ্যে অভিভাৱক সকলৰ উৎকণ্ঠা বাঢ়িছেই ।
বহুলোকে কোৱা শুনো, "তোমাৰ অপূৰ্ণ লক্ষ্য সমূহ তোমাৰ সন্তানেই পূৰ্ণ কৰিব।" মই বোলো, "সি মোৰ লক্ষ্য কিয় পূৰা কৰিব, সি তাৰ নিজৰ লক্ষ্য পূৰা কৰিব। মই তাক সহায় কৰিম মাত্ৰ।"
আমাৰ সমাজত মাক-দেউতাকৰ লক্ষ্যৰ লগতে খুড়া-মামা হঁতৰ লক্ষ্যও পূৰ কৰাত ব্যস্ত হোৱা দেখা যায় ছাত্ৰ-ছাত্ৰীয়ে । বৰ ঋণাত্মক এই প্ৰথাটো। ই সম্পদতকৈ বেছি আৱৰ্জনাহে সৃষ্টি কৰা যেন লাগে।
অভিভাৱকে জোৰকৈ কেৰিয়াৰ নিৰ্ধাৰণ কৰাতকৈ কেৰিয়াৰ নিৰ্ধাৰণ কৰাত সহায় কৰাহে উচিত।
মেট্ৰিকৰ পিছতে আমাৰ সন্মুখত থকা Option সমূহ হ'ল -
• কলা (ARTS বা HUMANITIES)
• বাণিজ্য (Commerce)
• বিজ্ঞান (Science)
• কণিষ্ঠ অভিযন্ত্ৰণ (Diploma in Engineering বা Polytechnic, আমি Poly পঢ়া বুলি কওঁ)
• কেতিয়াবা Paramedical বা Nursing
এই কেইটা হ'ল প্ৰথম প্ৰশ্নটোৰ অতি চমু উত্তৰ।
দ্বিতীয় প্ৰশ্নটোৰ উত্তৰটো অতি জৰুৰী। কি ভিত্তিত কেৰিয়াৰ এটা নিৰ্বাচন কৰা হয়? পৰিয়ালৰ অপূৰ্ণ আশা সম্পূৰ্ণ কৰিবলৈ নেকি? নে আন কাৰোবাৰ লগত অঘোষিত প্ৰতিযোগিতাত নামিবলৈ সন্তানৰ ওপৰত জাপি দিয়া এটা সিদ্ধান্ত! "বৰুৱাৰ ছোৱালীয়ে Science ত লৈছে, তই কিয় নোৱাৰিবি?" নোৱাৰিবও পাৰে, কাৰণ তাই বৰুৱাৰ ছোৱালী নহয়। তাই আপোনাৰ ছোৱালী। তাইৰ হয়টো পাৰদৰ্শিতা বেলেগ ক্ষেত্ৰত আছে। গতিকে ভিত্তি হ'ব লাগে শিক্ষাৰ্থী জনৰ পাৰদৰ্শিতা, ইচ্ছা, বৌদ্ধিক সামৰ্থ্য ইত্যাদি। বিশেষকৈ বিজ্ঞান শাখাৰ বাবে অতি প্ৰয়োজন গাণিতীক বিশ্লেষনাত্মক দৃষ্টিভংগী, যুক্তিবাদী মন, সমস্যা সমাধানৰ নিজা কৌশল উদ্ভাৱনৰ সামৰ্থ্য, প্ৰখৰ স্মৃতিশক্তি, কঠোৰ পৰিশ্ৰম কৰিব পৰা মানসিক দৃঢ়তা ইত্যাদি। যদি এনে গুণ সমূহ আছে, তেন্তে শিক্ষাৰ্থী জন উপযুক্ত। এইটো শিক্ষাৰ্থীজনে নিজেই জানে বা ২৪ ঘণ্টাই জন্মৰে পৰা দেখি থকা অভিভাৱকে জানে। ইয়াত "বৰুৱাৰ ছোৱালী" কোনোপধ্যেই কাৰক হ'ব নোৱাৰে, বৰঞ্চ ই মানৱ সম্পদ গঢ়াৰ পথত এটা অপৰাধহে হ'ব।
যোৱা এটা দশক কাল ছাত্ৰ-ছাত্ৰীৰ লগত পাৰ কৰা অভিজ্ঞতাৰ পৰা ক'ব পাৰো, বহুতেই ভুল সিদ্ধান্ত লৈ বিজ্ঞান শাখাত নামভৰ্তি কৰে। তেওঁ মেট্ৰিকত পোৱা নম্বৰটোকে কেৱল ভিত্তি হিচাপে লৈ বিজ্ঞান শাখাত নামভৰ্তি কৰি শলঠেকত পৰে। আমিও নিৰুপায় হঁও পাঠদানৰ সময়ত। এজোপা তামোল গছত সকলোৱে বগাব নোৱাৰে, কোনোবাই ডাল থকা গছত বগায়ো শীৰ্ষাৰোহণ কৰিব পাৰিব । অৰ্থাৎ, কেৰিয়াৰৰ এটাই মাত্ৰ পথ নাথাকে, সামৰ্থ্য অনুযায়ী পথ বেলেগ হ'লেও সফল হ'ব পাৰি, যদিহে অতিমাত্ৰা Bank Balance এৰে সফলতা জোখা নাযায়।
এই কেৰিয়াৰ কোনে নিৰ্বাচন কৰিব, সেয়াও নিশ্চয় আমি গম পাইছো। কেৰিয়াৰ নিৰ্বাচনৰ আলোচনাত অংশগ্ৰহণ কৰাৰ অধিকাৰ আছে শিক্ষাৰ্থীজন, তেওঁৰ অভিভাৱক আৰু কেতিয়াবা তেওঁৰ শিক্ষকৰ। শেষ সিদ্ধান্তৰ সিংহভাগ কিন্তু ছাত্ৰ বা ছাত্ৰী গৰাকীৰ নিজৰ। অভিভাৱকৰ দায়িত্ব হ'ল, সেই লক্ষ্যত উপনীত হোৱাত সন্তানটোক যৎপৰোনাস্তি সহায় কৰা, এক জাগ্ৰত প্ৰহৰীৰ দৰে।
চতুৰ্থ প্ৰশ্নৰ উত্তৰত আমি সহায় ল'ব লাগিব অভিজ্ঞ ব্যক্তি সকলৰ। ইন্টাৰনেটেও সহায় কৰিব পাৰে। শিক্ষানুষ্ঠান খন আপোনাৰ ঘৰৰ পৰা কিমান দূৰত, তাৰ শৈক্ষিক পৰিৱেশ কেনেকুৱা, পূৰ্বতে ছাত্ৰ-ছাত্ৰীয়ে কি ফলাফল প্ৰদৰ্শণ কৰিছে, ছাত্ৰ-ছাত্ৰীয়ে সন্মুখীন হোৱা সুবিধা অসুবিধা সমূহ, আপোনাৰ সন্তানে সেই পৰিৱেশত খাপ খাব পাৰিবনে নাই তাৰ পূৰ্বানুমান ইত্যাদি । সৎ, অভিজ্ঞ ব্যক্তিয়ে আপোনাক উচিত পৰামৰ্শই দিব। সৎ বুলি কোৱাৰ অৰ্থ হ'ল, আজিকালি "আপুনি ৫ জন ছাত্ৰ admission কৰাব পাৰিলে, ছাত্ৰই প্ৰতি 5% কৈ পাব" জাতীয় চুক্তি কিছুমান থাকে। সেয়েহে "উচিত" সিদ্ধান্ত লঁওতে সাৱধান হোৱা উচিত।
আজিৰ দিনত বহুতো নৈতিক স্খলন দেখিবলৈ পোৱা যায়। সেইক্ষেত্ৰত বয়ঃসন্ধিৰ এই কালচোৱাত ঘৰত থাকি পঢ়া শুনা কৰাব পাৰিলে ভাল যেন অনুমান হয়।
আটাইতকৈ ডাঙৰ সমস্যা আহে, পঢ়োৱাৰ নামত যদি সম্পত্তি বন্ধক দিব লগা হয়। এই কথাষাৰি প্ৰতীকি অৰ্থত কোৱা হৈছে। আমি আমাৰ সামৰ্থ্য অনুযায়ী অতি কম খৰছতে সন্তানক সুশিক্ষা দিব পাৰো। আমি ক'ত খৰছ কৰিব লাগে, জানিব লাগিব।
ছাত্ৰজনৰ ফলাফল ভাল হ'ব যদিহে তেওঁৰ স্বাধ্যায় ভাল হয়, শিক্ষানুষ্ঠান আনুষংগিক হে। কেৱল মাৰ্কশ্বিট খনেই সকলো নহয়। উচ্চতৰ মাধ্যমিকৰ অতি সুন্দৰ ফলাফলৰ পিছতো বহুত ল'ৰা ছোৱালীয়ে প্ৰৱেশ পৰীক্ষা সমূহত একো তলকিবই নোৱাৰে। অপ্ৰিয় হ'লেও সত্য এইটোৱে যে, বৰ্তমান আমাৰ শিক্ষা ব্যৱস্থাত সৰুৰে পৰা প্ৰায় উচ্চতৰ মাধ্যমিকলৈ কেৱল ৰিজাল্ট আৰু নম্বৰ পোৱাৰ দৌৰ চলি আছে, য'ত ক্ষতি হৈ গৈছে ছাত্ৰ-ছাত্ৰী সকলৰ । ধ্বংস হৈ গৈছে কেৰিয়াৰ। আমি বহুতেই ভাৱো, এতিয়া নম্বৰ পালেই হ'ল, পিছত যি হয় হ'ব। মানুহ হোৱাৰ শিক্ষা দিয়াটো পিছৰে কথা। কাৰণ কেৰিয়াৰৰ শেষত সকলোৱে এই সমাজৰে মানুহ হৈ জীয়াই থাকিব লাগিব।
Comments
Post a Comment