Posts

Showing posts from 2023

প্ৰযুক্তিয়ে দিয়া ভেকুলীৰ বিয়াখন

Image
নামটো পঢ়ি নিশ্চয় ভাৱিছে যে কিবা এখন উচ্চ প্ৰযুক্তি সম্পন্ন ভেকুলীৰ বিয়াৰ কথা আছে নেকি বাৰু ইয়াত ! অসমীয়া সমাজত ভেকুলী বিয়া এটা প্ৰচলিত ধাৰণা, হয়তো এক প্ৰকাৰৰ অন্ধবিশ্বাস । অতিমাত্ৰা খৰাং বা কেইবাদিনো বৰষুণ নিদিয়াকৈ থাকিলে এটোপাল বৰষুণৰ আশাত অসমীয়া সমাজত ভেকুলী বিয়া পতাৰ প্ৰথা এটা আছে বা আছিল বা হয়তো ভৱিষ্যতলেও থাকি যাব কোনো কোনো ঠাইত । অৱশ্যে আজিলৈকে সেইখন বিয়াৰ চাক্ষুস অভিজ্ঞতা নাই । সেইখন বিয়াই আমি বিছৰা ধৰণে বৰষুণ দিয়াব পাৰিছে নে নাই নাজানো । হয়তো নাই পৰা, নোৱাৰাৰ সম্ভাৱনাই বেছি বা একেবাৰে ডাঠি ক’ব পাৰি নোৱাৰে, কাৰণ বৰষুণ দিয়াতো মানুহে পতা ভেকুলী বিয়াৰ ওপৰত নিৰ্ভৰ নকৰে, বা ভেকুলীয়ে বিয়াৰ অৰ্থ বুজি পায় জানো? বৰষুণ বা বৰফ পৰা ঘটনাটো আমি সকলোৱে শুনা বা জনা জলচক্ৰ নামৰ প্ৰক্ৰিয়াটোৰ অংশ । ভেকুলীৰ বিয়া আমাৰ সমাজৰ এটা ধেমেলীয়া অন্ধবিশ্বাস । আমি সেইটো কৰি ফুৰ্টিও পাওঁ ।কেতিয়াবা ভেকুলীৰ বিয়া আৰু বৰষুণ কাকতালীয় ভাৱে মিলিহে যায় । কিন্তু সেয়া যিয়েই নহওক কিয়, খৰাঙৰ বাহিৰেও আজিৰ সময়ত আমাক আমাৰ ইচ্ছা বা প্ৰয়োজন অনুযায়ী বৰষুণ লগা হয় । যেন, “ইচ্ছা বৰষুণ”, কেতিয়াবা বৰষুণ জাক লাগে বা কেতিয়...

শিক্ষাৰ্থী আৰু সপোন

Image
কিবা এটা হোৱাৰ সপোন সকলোৰে আছে । ঘৰ খনত নতুন শিশু এটাৰ জন্মৰ লগে লগেই জন্ম হয় নতুন সপোন বা নতুন আশাৰ ।সেই সপোনে সময়ৰ সৈতে পোখা মেলে, ঠন ধৰে ।“আমাৰ ছোৱালী ডাঙৰ হ’লে ডাক্তৰ হ’ব, আমাৰ ল’ৰা IPS হ’ব” – জাতীয় সপোন বোৰ ।সৰুতে একো বুজি নোপোৱা শিশু এটাৰ সন্মূখত সেই সপোনে আহি ধৰা দিয়ে – “ডাঙৰ হ’লে তুমি কি হ’বা?” – বুলি প্ৰশ্নটোৰ ৰূপত ।সিহঁতেও বুজাই নুবুজাই ভাল লগা কিবা এটা উত্তৰ দি দিয়ে ।সেই উত্তৰটোকে আমি লৈ সপোন দেখিবলৈ লওঁ ।সিহঁতো একলা দুকলা কৈ ডাঙৰ হয় ।এদিন আহি পৰে সপোন পূৰোৱাৰ সময় ।কেতিয়াবা আমি নজনাকৈ সময় উকলি যায় বা আকৌ কেতিয়াবা সপোন পূৰাম কেনেকৈ জনা নাযায় ।তেতিয়া সপোনে মানসিক চাপ দিবলৈ আৰম্ভ কৰে ।হতাশা আনিবলৈ আৰম্ভ কৰে, কেতিয়াবা জীৱনো শেষ হৈ যায় ।অৰ্থাৎ, আমি সপোনক দিঠকলৈ নিয়াৰ উপযুক্ত পথ বা সময় নজনাৰ বাবেই সপোন বোৰ সপোন হৈয়ে ৰয় নেকি ? সেই সময়ত আমাক প্ৰয়োজন হয় অৰ্জুনক কুৰুক্ষেত্ৰৰ ৰণত কৰ্মৰ পথ দেখুৱাই দিয়া শ্ৰীকৃষ্ণৰ দৰে এজন পথ পদৰ্শক ।ইয়াত মন্দিৰ বা ফটোত থকা কৃষ্ণৰ শৰণাপন্ন হোৱাৰ কথা কোৱা হোৱা নাই ।সপোন পূৰোৱাৰ আশাত পৰীক্ষাৰ আগত আগবঢ়োৱা শৰাই খনতকৈও প্ৰয়োজনীয় পথ প্ৰদৰ্শক জনৰ কথ...