Posts

Showing posts from January, 2024

ষ্টাৰলিংক : মাস্কৰ মুকুতাৰ মালা

Image
“ইমান ধুনীয়া মুকুতাৰ মালা, ক’ত পালা তুমি দান” – সৰুতে ৰেডিঅ’ত গানটো শুনা মনত পৰে । গানটো শুনি বৰ ভাল পাইছিলোঁ । গীতিকাৰ, সুৰকাৰ বা গায়ক গৰাকীৰ বিষয়ে একো মনত নাছিল । ইন্টাৰনেট খুছৰি জানিব পাৰিলোঁ, গীতৰ কথা মলিন বৰাৰ, সুৰ কৰিছিল দুৰ্গাপ্ৰসাদ ভূঞাই আৰু গীতত কণ্ঠ নিগৰাইছিল তাৰিকুদ্দিন আহমেদে । দুবৰিত লাগি থকা বা ফেহুঁজালিৰ সময়ত মকৰাৰ জালত লাগি থকা নিয়ৰৰ টোপাল বোৰৰ মাজেৰে বেলিৰ পোহৰ পাৰহৈ আহোঁতে দেখা পোৱা মুকুতাৰ মালা বৰ ধুনীয়া নহয় নে? গল শুৱনি কৰা মুকুতাৰ মালাও কম ধুনীয়া নহয় । অৱশ্যে আজি আমি নিশাৰ আকাশত দেখা এডাল একেই ধুনীয়া মুকুতাৰ মালাৰ কথাহে আলোচনা কৰিবলৈ ওলাইছো । এই ডাল বৰ ৰহস্যময় মালা । এই মালা ডাল আজিকালি সঘনে ওলাবলৈ লৈছে আৰু বহুতেই সেইডালক ইউ এফ অ’ (UFO = Unidentified Flying Object অচিন উৰণীয়া বস্তু) বুলি উৰা বাতৰিও বিলাই ফুৰিছে । UFO মানে বহিৰ্গ্ৰহৰ বস্তু বুলিও আটাহ পাৰি খবৰ বিলাইছে ।  আচলতে সাধাৰণ জনগনৰ মাজত খবৰ বিলাবলৈ যাওঁতে, বিশেষকৈ যিটো বিষয়ত আমাৰ সম্যক জ্ঞান নাথাকে, তেনেকুৱা খবৰ পৰিৱেশন কৰোঁতে আমি সাৱধান হোৱা উচিত । খন্তেক সময় খৰছ কৰি অলপ অধ্যয়ণ কৰিলেই আজিকালি...