গণিত আৰু বিজ্ঞান বিষয় ইমান টান কিয়?

গণিত আৰু বিজ্ঞান বিষয় ইমান টান কিয়?

আমাৰ আজিৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰায় সকলেই উচ্চতৰ মাধ্যমিক পৰ্যায়ত বিজ্ঞান বিভাগত পঢ়াৰ এটি সপোন পুহি ৰাখে মনে মনে, যেন কলা বা বাণিজ্যতকৈ বিজ্ঞানহে ভাল! বা আমাৰ কিছু সংখ্যক অভিভাৱকে এনে দৰে ভাৱে যেন বিজ্ঞান বিভাগত পঢ়িলেহে তেওঁৰ সন্মান জীয়াই থাকিব(ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছো)!(সেই বিতৰ্কলৈ নোযোৱাকৈ) অৱেশ্যেই সন্তানৰ ভাল হোৱাটো প্ৰত্যেকৰে কাম্য কিন্তু আমি কিদৰে সাজো হৈছো সন্তানটোক বিজ্ঞান বিষয়ত পঢ়োৱাবলৈ? কিয় ইমান টান বিজ্ঞান, গণিত এই বিষয়বোৰ? মেট্ৰিকত গণিতত ১০০% পায়ো কিয় উঃমাঃত ৩০% পাবলৈ হাবাথুৰি খাব লগা হয়, পদাৰ্থ বিজ্ঞান বা ৰসায়নৰ কথাবোৰ কিয় আউল লগা ইমান ৮৫% তকৈও অধিক পায় উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে? শিক্ষাদানত জড়িত আমিবোৰ অনুপযুক্ত নেকি, নে আমি জ্ঞানাৰ্জনতকৈ নম্বৰ গোটোৱাত বেছি আগ্ৰহী?
শিক্ষাৰ্থী সকলৰ লগত যোৱা সাতটা বছৰে জড়িত হৈ থকাৰ বিভিন্ন অভিজ্ঞতাৰ পৰা যদি বিশ্লেষণ কৰি চাওঁ, তেন্তে এই কথাবোৰে আমাক চুই যায়--
গণিত আৰু বিজ্ঞানৰ সমস্যা আৰু কাৰণ বোৰ (উঃ মাঃ পৰ্যায়লৈ)—
১) প্ৰায় ৮০%-৮৫% ছাত্ৰ-ছাত্ৰীৰ ল সা গু (L.C.M.), গ সা উ (H.C.F.) ৰ ধূসৰ ধাৰণা
২) ভগ্নাংশৰ যোগ-বিয়োগ
৩) পক্ষান্তৰ কৰণ (Side Changing)
৪) নেওঁতা মনত নথকা, বৰ্গ-ঘন মূলৰ ধাৰণা
৫) সংখ্যাৰ সলনি চলকৰ প্ৰতি ভীতি (2+5-3=4 পাৰিব, কিন্তু 2xy+5xy-3xy=4xy নোৱাৰিবও পাৰে)
৬) BODMAS বা আন বিধিৰ প্ৰয়োগৰ খেলিমেলি (সহযোগ, বিতৰণ ইত্যাদি)
৭) মুখস্থত নিৰ্ভৰ কৰি জ্যামিতিৰ অতিশয় ধূসৰ মৌলিক ধাৰণা
৮) বিজ্ঞানৰ বিভিন্ন কথা বোৰৰ মাজত সম্পৰ্ক বিচাৰিব নোৱাৰা
৯) কেৱল উত্তৰ মুখস্থ কৰি বিজ্ঞান বিষয়ত নম্বৰ গোটাবলৈ চেষ্টা কৰা
এনে আৰু বহুতো, যদিও এইকেইটা অন্যতম
কাৰণ:
১) কেইটামান পাঠ্যপুথিৰ অন্তৰ্গত আৰু পুনৰাবৃত্তি কৰি আহি থকা (Common) অংক কৰি যথেষ্ট নম্বৰ পাই যাব পৰা ব্যৱস্থা

২) গণিতৰ সমস্যাবোৰ (অংক বোৰ) কেৱল কিতাপত থকা কেইটাই, তাৰ ব্যৱহাৰিক জীৱনৰ প্ৰয়োগৰ প্ৰতি সম্পূৰ্ণ অজ্ঞতা (শিক্ষক হিচাপে অংকৰ কেৱল সমাধান কৰি দিয়াতকৈ এই দিশত আমিও চকু দিয়া উচিত)
৩) এটা শ্ৰেণীৰ অংকৰ ধাৰণা বোৰৰ প্ৰয়োজন যে ওপৰৰ শ্ৰেণীবোৰটো আছে সেইবিষয়ে অজ্ঞতা
৪) মুখস্থ বিদ্যাৰ পয়োভৰ
৫) বিজ্ঞানৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰতে যে গাণিতীক প্ৰয়োগ আছে, সেই বিষয়ে অজ্ঞতা
৬) উঃমাঃ প্ৰথম বাৰ্ষিকত গণিত আৰু বিশেষ কৈ পদাৰ্থ বিজ্ঞানৰ প্ৰতিটো মৌলিক ধাৰণাক অৱহেলা কৰা, গতিকে দ্বিতীয় বাৰ্ষিকত বিষয় কেইটাই তেনে ছাত্ৰ-ছাত্ৰীক অৱহেলা কৰে। আকৌ একাদশত অৱহেলা কৰা ভেক্টৰ বীজগণিত আৰু কলন গণিতে ভালকৈ পানী খুৱায় দ্বাদশত।
৭) পাঠ্যপুথি(Text Book) খনক অৱহেলা কৰা বা প্ৰতিটো বাক্যই পঢ়ি নোচোৱা
৮) বিভিন্ন সহায়ক পুথি বা গাইড বা নোটছ্‌ৰ সহায় লোৱা
৯) বিভিন্ন চাপত নম্বৰ পোৱাৰ প্ৰতিযোগিতাত কেৱল নম্বৰ কেন্দ্ৰিক প্ৰস্তুতি
১০) লেটাৰ পালে বুলিয়েই নিজৰ প্ৰজ্ঞা বা সামৰ্থ্য বিচাৰ নকৰি কিছু সংখ্যকৰ বিজ্ঞান বিভাগত যোৱাৰ ভূল সিদ্ধান্ত
১১) লেটাৰ নম্বৰ পোৱাব নোৱাৰিলে বেয়া শিক্ষক বুলি প্ৰতিপন্ন হোৱাৰ আশংকাত নম্বৰ কেন্দ্ৰিক প্ৰস্তুতিত উদ্গনি যোগোৱা শিক্ষা
১২) কোনো ক্ষেত্ৰত সঠিক কাউন্সেলিঙৰ অভাৱ
১৩) আগতীয়া প্ৰস্তুতি অবিহনে ফলাফল ওলোৱাৰ পিছত লোৱা খৰতকীয়া সিদ্ধান্ত বা আনক অনুকৰন কৰি লোৱা সিদ্ধান্ত
       আৰু বিভিন্ন আছে।
                     ছাত্ৰ-ছাত্ৰী সকলে কি কৰিব পাৰে (অভিভাৱকেও) --
১) চতুৰ্থ শ্ৰেণীৰ পৰাই BODMAS, ভগ্নাংশ আদিৰ ধাৰণা সমূহৰ আৰম্ভনি হয়, মেট্ৰিকৰ সময়ত হৈ চৈ কৰি লাভ নাই, সাজু হওক আগৰ পৰাই।
২) কেৱল মুখস্থৰে জ্যামিতি নহয়, জ্যামিতিৰ ধাৰণা স্কুলতহে পাব, পিছত মাথো প্ৰয়োগহে। ধাৰণা অবিহনে প্ৰয়োগ অসম্ভৱ। মুখস্থই কেতিয়াও ধাৰণা (Concept) নিদিয়ে।
৩) কমন বিচৰা উপায়তো পৰিহাৰ কৰিবলৈ শিকাওক সৰুৰে পৰা ।
৪) পাঠ্যপুথি পঢ়াটো বাধ্যতামূলক কৰক, সন্তানে আনক দেখি সহায়ক পুথি বিচাৰিলে অলপ বিচাৰ কৰক বা বিজ্ঞ জনৰ পৰামৰ্শ লওক
৫) নম্বৰ কেন্দ্ৰীক চাপ কেতিয়াও নিদিব, যি জনে পাথ্যপুথিখন খৰচি মাৰি পঢ়িছে, তেওঁক ভাল নম্বৰ পোৱাৰ পৰা কোনেও বিৰত কৰিব নোৱাৰে ।
৬) পৰীক্ষাত কিমান নম্বৰ পালা, তাতকৈ বাকী কেইটা কিয় নাপালা সেই বিষয়ত বেছি গুৰুত্ব দিয়া আৰু উত্তৰ উপস্থাপনৰ শৈলী শিকি লোৱা ।
৭) ষষ্ঠ শ্ৰেণীত মৌল সমূহৰ চিহ্ন প্ৰথম বাৰলৈ পোৱা, তেতিয়াৰ পৰাই মনত ৰাখিবা । (নহ'লে ছডিয়াম S হয়নে Na হয়, চোকা(?) খিনিৰে সমস্যা হোৱা দেখিছো)
৮) অভিভাৱক হিচাপে সন্তানটোৰ চোকা-গেধাৰ তুলনা নকৰিব, চেষ্টা কৰা সকলেই চোকা ।
৯) সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ তাপৰ ধাৰণা একাদশ শ্ৰেণীতহে ওলায়, অষ্টম-নৱম শ্ৰেণীৰ বল-গতি বিজ্ঞান একাদশত ওলায়, অষ্টম-নৱমৰ শব্দৰ কথা একাদশত ওলায়, সপ্তম-অষ্টম-নৱম-দশমৰ মৌল-যৌগ, বিক্ৰিয়া আদিৰ মৌলিক ধাৰণাৰেই উঃমাঃৰ ৰসায়ন, নৱমৰ কাৰ্য-শক্তিৰ ধাৰণাই একাদশ-দ্বাদশৰ কাৰ্য-শক্তিৰ বুনিয়াদ, দশমৰ বিদ্যুৎ-চুম্বকীয় ক্ৰিয়া-পোহৰৰ পৰিঘটনা আদি দ্বাদশত ওলায় ।
            এই ধাৰণা সমূহ উঃমাঃ পৰ্যায়ত দিয়া নহয়, এইবোৰৰ ওপৰত ভিত্তি কৰি বিভিন্ন উচ্চ পৰ্যায়ৰ বা প্ৰায়োগিক জ্ঞান হে দিয়া হয়, গতিকে মুখস্থ কৰি অহা সকলে কথাবোৰ তলকিবই নোৱাৰে। ফলত শিক্ষক জন বেয়া(!) বা পঢ়াব নাজানে(!)। তথাপিও আমি সিহঁতৰ অৱস্থা জানি কথাবোৰ বুজাই দিয়াৰ চেষ্টা কৰো। আচলতে মুখস্থ কৰি আহি বিজ্ঞান শাখাত পঢ়া সকলৰ অৱস্থাটো একেবছৰে ষষ্ঠ-সপ্তম-অষ্টম-নৱম-দশম-একাদশ-দ্বাদশ, মুঠ ৭ টা শ্ৰেণী অলপ অলপ পঢ়াৰ দৰে হয় আৰু নম্বৰো অলপ অলপেই আহে শেষত।
           গতিকে বিজ্ঞান শাখাত পঢ়াৰ হাবিয়াস থকা সকলে অলপ আগৰ পৰা সাজু হ'লে নিশ্চয় দেশৰ আন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে ফেৰ মাৰিব পাৰিব, নহ'লে অতি কমেও বিজ্ঞান আৰু গণিতক ইমান টান বুলি নক'ব ।

Comments

Popular posts from this blog

উচ্চতৰ মাধ্যমিকত Physics কিয় টান?

ফাৰ্ষ্ট ইয়েৰ, ৰেষ্ট ইয়েৰ