পদাৰ্থ বিজ্ঞানৰ পাঠদানত প্ৰত্যাহ্বান

আলোচনা কৰিবলৈ লোৱা কথাখিনি এটা দীঘলীয়া সময়ৰ অনুভৱ, শিক্ষক হিচাপে মোৰ নিজা দৃষ্টিভংগীহে মাথোন। সদাশয় পাঠকৰ মতবিৰোধ থাকিব পাৰে। কথাখিনি হয়তো সেইসকল সচেতন অভিভাৱকৰ কামত আহিব, যিসকলৰ সন্তানে এতিয়াও মাধ্যমিক পৰ্যায়ত বিদ্যালয়তে পঢ়ি আছে, উচ্চতৰ মাধ্যমিকলৈ অহা নাই বা হয়তো প্ৰথম বৰ্ষত পঢ়ি আছে। 

প্ৰায় সপ্তম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিকলৈ মূলতঃ বিজ্ঞানৰ মূল ভাগ তিনিটা - ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান। তিনিওটা ভাগৰে অধ্যয়নৰ কৌশল, প্ৰশ্নোত্তৰ উপস্থাপনৰ ধৰণ বা অনুশীলনৰ ধৰণ সাংঘাতিকভাৱে সুকীয়া। লগতে প্ৰয়োজন হয় দৈনন্দিন জীৱনৰ ঘটনা সমূহৰ পৰ্যবেক্ষণৰ সূক্ষ্মতা, যুক্তিৰে বিশ্লেষণ কৰাৰ সামৰ্থ্য, স্পষ্টকৈ নিয়মবোৰ মনত ৰখাৰ কৌশল ইত্যাদিৰ। আমি কেৰিয়াৰ বা প্ৰতিযোগিতাৰ পৰিৱেশটো নিশ্চয় দেখিছোঁ। সেয়েহে বিজ্ঞান বিষয়ক কেৰিয়াৰ ভৱিষ্যতে হ’বনে নাই সেই সন্দৰ্ভত অভিভাৱক আগতীয়াকৈ সচেতন হোৱাৰ প্ৰয়োজন, আগতীয়া মানে ষষ্ঠ-সপ্তম শ্ৰেণীৰ পৰাই। সাধাৰণতে ষষ্ঠ-সপ্তম-অষ্টমৰ দৰে সৰু শ্ৰেণী সমূহত বিজ্ঞান মূলতঃ প্ৰশ্নোত্তৰ মুখস্থ কৰিয়েই পাছ কৰিব বা ৯০% তকৈও অধিক নম্বৰ পাব পাৰি। আমাৰ প্ৰথম ভুল সেইখিনিতেই হয়। চৰকাৰী বা বেচৰকাৰী, যিকোনো শিক্ষানুষ্ঠানতেই যদিহে মূল্যায়নৰ ধৰণটোৱে কেৱল মুখস্থবিদ্যাৰ পৰীক্ষা কৰে তেন্তে শিক্ষাৰ্থীৰ চিন্তা কৰাৰ সামৰ্থ্য্য লোপ পায় বা অব্যৱহৃত হয়, কমি যায়। বিজ্ঞানৰ আন বিভাগ সমূহৰ কথা নকওঁ, কিন্তু পদাৰ্থ বিজ্ঞান হৃদয়ঙ্গম কৰাত প্ৰত্যাহ্বানৰ সন্মুখীন হয় শিক্ষাৰ্থী। নৱম শ্ৰেণীত পদাৰ্থ বিজ্ঞানৰ কলেৱৰ বা পৰিসৰ দেখি ভয় খাবলৈ লয়। যদিহে শিক্ষক গৰাকীয়ে গাণিতিক বিশ্লেষণ আৰম্ভ কৰি দিয়ে, সেয়া অদৰকাৰী বুলি ভাৱিবলৈ লয় বহু শিক্ষাৰ্থীয়ে। তেওঁলোকে মাথোঁ অপেক্ষা কৰে পৰীক্ষাত আহিব পৰা প্ৰশ্নৰ উত্তৰৰ টোকালৈ। যি গাণিতিক বিশ্লেষণ অবিহনে পদাৰ্থ বিজ্ঞান অসম্ভৱ, সেই বিষয়ত মুখস্থ কৰিব পৰা নোটছ বা টোকাহে দৰকাৰী বুলি বিবেচনা কৰে। তেনে অৱস্থাত ছয়মাহিলী বা বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্নখনো যদি মুখস্থ সৰ্বস্ব হয়, তেন্তে তেওঁলোকৰ মনত মুখস্থই শ্ৰেষ্ঠ বুলি প্ৰতিষ্ঠিত হয়। যদিও সকলো শিক্ষাৰ্থীয়ে বিজ্ঞান শাখাত নপঢ়ে ভৱিষ্যতে, তথাপি ইয়াৰ মাজতে কিছু সংখ্যক নিশ্চয় থাকে। শিক্ষাৰ্থীসকলক নৱম শ্ৰেণীত প্ৰকৃতাৰ্থত পদাৰ্থ বিজ্ঞানৰ পাঠদান এক প্ৰত্যাহ্বানেই এনে পৰিৱেশত। দশম শ্ৰেণীত ভাল ফলাফলৰ চাপত মুখস্থ কৰি লিখিব পৰা কৰি দিব পাৰিবই লাগিব, নহ’লে বদনামৰ ভাগ ল’ব লাগিব। অলপতে এগৰাকী শিক্ষাৰ্থীৰ মন্তব্য আছিল এনেধৰণৰ, “ছাৰ, মই মেট্ৰিকৰ সময়ত দুদিনত বিজ্ঞান শেষ কৰি দিছিলোঁ। এতিয়া কি হৈছে নাজানো।” ৯০ ৰ ঘৰত নম্বৰো পাইছিল তেওঁ, কিন্তু সেয়া আছিল বিদ্যালয়ৰ বা ঘৰুৱা শিক্ষকে তৈয়াৰ কৰি দিয়া প্ৰতিটো প্ৰশ্নোত্তৰৰ  মুখস্থ। পাঠ্যপুথিৰ বাক্যবোৰৰ অৰ্থ কিন্তু তেওঁ একেবাৰেই নাজানিছিল। আমি শিক্ষক হিচাপে পৰীক্ষাত আৰু এটা বেয়া কাম কৰোঁ, সেয়া হৈছে প্ৰশ্ন এটাৰ অৰ্থ বুজাই দিওঁ পৰীক্ষা হলত। যাৰ ফলত পিছলৈ ওপৰৰ শ্ৰেণীত শিক্ষাৰ্থী এজনে প্ৰশ্ন বুজি নোপোৱা হয়। একেটা উত্তৰৰ বাবে যদি প্ৰশ্নটোৰ উপস্থাপন আওপকীয়া হয়, তেন্তে সেইজন শিক্ষাৰ্থীয়ে পৰীক্ষাত নোৱাৰিব। প্ৰশ্ন বুজি পোৱাও এটা কৌশল, যিটো আমি শিকোৱাত ব্যৰ্থ হওঁ, যদিহে পৰীক্ষাত বিভিন্ন কাৰণত অৰ্থবোৰ বুজাই দিওঁ বা উত্তৰৰ ইংগিত দিওঁ। এনেদৰেই যেতিয়া মেট্ৰিকৰ দেওনা পাৰ হৈ আহে, ভাল নম্বৰ লৈ আৰু নম্বৰ দেখি হঠাতে সিদ্ধান্ত লয় বিজ্ঞান শাখাত পঢ়িম বুলি, তেতিয়াই হয়তো নকৰিবলগীয়া ভুলটো হয়। 

উচ্চতৰ মাধ্যমিকতো আহি বাট চায় শিক্ষকে প্ৰশ্নোত্তৰ নোটছ বা কমন দিব, তাকে পঢ়িম, পাছ কৰিম। পাঠ্যপুথি নতুন হৈয়ে থাকে, অন্ততঃ প্ৰথম বৰ্ষত। প্ৰতিদিনেই গাণিতিক বিশ্লেষণেৰে নতুন নতুন ধাৰণা, সমস্যা শ্ৰেণীত উপস্থাপন হয়। শিক্ষাৰ্থীয়ে আমনি পাবলৈ লয়। তেওঁলোকে বাট চায় নোটছলৈ। ফাৰ্ষ্ট য়েৰ, ৰেষ্ট য়েৰৰ প্ৰভাৱ আছেই। এইবাৰ যি হয় হ’ব, ছেকেণ্ড য়েৰত ভালকৈ পঢ়িম। কিন্তু প্ৰথম বৰ্ষৰ কথাবোৰ, মৌলিক ধাৰণাবোৰ কি হ’ব? ইনষ্টাগ্ৰামৰ দৰে সামাজিক মাধ্যমৰ কি অদ্ভুত প্ৰচলন। হওক, আপত্তি নাই কিন্তু অনিয়ন্ত্ৰিত। সেয়া কোনে নিয়ন্ত্ৰণ কৰিব? বিদ্যালয়ৰ পৰা অহাযোৱা কৰোঁতে কৰা সময়ৰ অপচয়, মন গ’লেই বিদ্যালয়ত অনুপস্থিতি, শ্ৰেণী পৰীক্ষাত অনুপস্থিতি, মোবাইল, মাদক দ্ৰৱ্যৰ অভ্যাস, স্কুটী-বাইকৰ পয়োভৰ, নতুন প্ৰেমৰ সম্পৰ্ক, কেতিয়াবা অভিভাৱকৰ অমনোযোগিতা, বাতৰিত ৰঙা বৃত্তৰ মাজত আহিব লগা হয় বুলি শিক্ষক বা বিদ্যালয়ৰ ভয়তে আওকাণ কৰা আদি কাৰকে কেৱল পদাৰ্থ বিজ্ঞানেই নহয়, সমগ্ৰ পাঠদান প্ৰক্ৰিয়াটোৱেই প্ৰত্যাহ্বানৰ ব্যৱস্থা হৈ পৰিছে। এদিনৰ অনুপস্থিতিয়েই অতি অসুবিধাজনক শিক্ষাৰ্থীৰ বাবে। প্ৰতিদিনেই নিয়মিত অধ্যয়ন কৰিবলগা হোৱাটোও তেওঁলোকৰ অভ্যাসত নাই। কাৰণ পৰীক্ষাৰ আগত পঢ়িয়েই নম্বৰ পাই আহিছে। উচ্চতৰ মাধ্যমিকত তেনেকৈ নোৱাৰিব।

প্ৰথম বৰ্ষত যেনেতেনে ৭০ ৰ ভিতৰত (লিখিত ৭০, ব্যৱহাৰিক ৩০) ১-২-৩ নম্বৰ লৈ পাছ কৰে (অতি বেয়া ব্যৱস্থা এইটো, পাছ কৰাই দিয়াটো) আৰু দ্বিতীয় বৰ্ষৰ আৰম্ভণিৰে পৰা হাবাথুৰি খায় ব্যক্তিগত শিক্ষকৰ সান্নিধ্য বিছাৰি। কাৰণ বিদ্যালয়ত শিক্ষকে আকৌ প্ৰথম বৰ্ষৰ কথাবোৰ আলোচনা নকৰে, যিবোৰ দ্বিতীয় বৰ্ষতো দৰকাৰী। কাৰণ তেনে কৰিলে পাঠ্যক্ৰম নিৰ্দিষ্ট সময়ত শেষ কেনেকৈ হ’ব? ১-২-৩ পাই অহা শিক্ষাৰ্থীয়ে পদাৰ্থ বিজ্ঞান কি শিকিলে সেয়া সহজেই বোধগম্য। প্ৰতিটো ধাপতে ভুল কৰি আহি চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হয় দ্বাদশ শ্ৰেণীত। আমাৰ ওচৰে পাজৰে হিচাপ কৰিলে হয়তো এনে শিক্ষাৰ্থী বহুত ওলাব, অন্ততঃ বিজ্ঞান শাখাৰ ৫০% ৰ অধিক শিক্ষাৰ্থীয়েই এই প্ৰত্যাহ্বান পাইছে বা তেওঁলোকৰ কৰ্মকাণ্ডই শিক্ষকৰ বাবে প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে। তেওঁলোকক পোনচাটেই দোষাৰোপ কৰিব একেবাৰেই নোৱাৰি, কাৰণ প্ৰায় ৫-৬ বছৰৰ কিছুমান ভুল পদক্ষেপৰ শেষৰ চিকাৰ তেওঁলোক। 

বছৰি পুনৰাবৃত্তি হোৱা কেইটামান প্ৰশ্ন মুখস্থ কৰি, ‘এন চি আৰ টি ই’ ৰ পাঠ্যপুথিখন একেবাৰে আওকাণ কৰি সেইসকল পৰীক্ষাত অৱতীৰ্ণ হ’ব। তেওঁলোকৰ বিষয়বস্তুৰ জ্ঞান আহৰণ কিন্তু নহ’ল। তাৰ পিছতেই বিভিন্ন অজুহাত দেখুৱাব ঘৰত, কাৰণ নম্বৰ মেট্ৰিকতকৈ কম পাব। মাক-দেউতাকৰ আৰ্থিক সামৰ্থৰ উমান থকাসকলে হয়তো সপোন দেখুৱাই বা ফুচুলাই ধাপলি মেলিব কোচিং কৰিবলৈ ঘৰৰ নিলগৰ কোনো চহৰলৈ। বৰ্তমান দুই-এক ব্যতিক্ৰমৰ বাহিৰে এনে শিক্ষাৰ্থীৰ শেষৰ অৱস্থা কি সকলোৱে নিশ্চয় দেখিছেই। ঈশ্বৰে সুমতি দিলে কেতিয়াবা কাৰোবাৰ ভাল নোহোৱা নহয়, কিন্তু তেনে উদাহৰণ কম। এই সকলোবোৰ প্ৰত্যাহ্বান বা আহুকাল কিন্তু আমিয়েই সৃষ্টি কৰা। 

স্কুল সলাই দিব বুলি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পৰীক্ষাৰ আগতেই প্ৰশ্নৰ উমান দিয়া বা পৰীক্ষাৰ সময়ত উত্তৰৰ ইংগিত দিয়া, চৰকাৰী-বেচৰকাৰী নিৰ্বিশেষে য়পৰীক্ষাৰ প্ৰশ্নত জ্ঞানৰ প্ৰয়োগতকৈ কিমান মুখস্থ আছে, সেই মূল্যায়নৰ প্ৰশ্ন তৈয়াৰ কৰা, চৰকাৰৰ জৱাবদিহি হোৱাৰ ভয়ত বা হকে-বিহকে সাক্ষৰতা বা উত্তীৰ্ণৰ হাৰ বঢ়োৱাৰ স্বাৰ্থত কৰি থকা গুপুত কিন্তু সকলোৱে জনা কিছুমান নীতি বহিৰ্ভূত কাম, আত্মসন্মান হানিৰ স্বাৰ্থত শিক্ষকে বা সমাজে মিলি তৈয়াৰ কৰা অনুশাসনহীনতাৰ পৰিৱেশ আদিয়ে কেৱল প্ৰত্যাহ্বানেই নহয়, আমাৰেই ভৱিষ্যত প্ৰজন্মৰ জ্ঞান অন্বেষণৰ যাত্ৰাটো ধ্বংস কৰিছে আৰু ভৱিষ্যতটো অতি বেয়াকৈ অন্ধকাৰ কৰিছে। তেনেস্থলত সততে শুনিবলৈ পোৱা কিশোৰ-কিশোৰীৰ আত্মহত্যাৰ খবৰবোৰত আমি আচৰিত হ’ব লগা একো নাই। প্ৰদৰ্শনৰ মানসিক চাপত কৰা অনৈতিক কাৰ্যৰ পুলিবোৰ আমিয়েই ৰোপণ কৰি আছোঁ। চিন্তা কৰি চাবচোন এবাৰ।

Comments

Popular posts from this blog

উচ্চতৰ মাধ্যমিকত Physics কিয় টান?

গণিত আৰু বিজ্ঞান বিষয় ইমান টান কিয়?

ফাৰ্ষ্ট ইয়েৰ, ৰেষ্ট ইয়েৰ