শিক্ষাৰ্থী আৰু সপোন

কিবা এটা হোৱাৰ সপোন সকলোৰে আছে । ঘৰ খনত নতুন শিশু এটাৰ জন্মৰ লগে লগেই জন্ম হয় নতুন সপোন বা নতুন আশাৰ ।সেই সপোনে সময়ৰ সৈতে পোখা মেলে, ঠন ধৰে ।“আমাৰ ছোৱালী ডাঙৰ হ’লে ডাক্তৰ হ’ব, আমাৰ ল’ৰা IPS হ’ব” – জাতীয় সপোন বোৰ ।সৰুতে একো বুজি নোপোৱা

শিশু এটাৰ সন্মূখত সেই সপোনে আহি ধৰা দিয়ে – “ডাঙৰ হ’লে তুমি কি হ’বা?” – বুলি প্ৰশ্নটোৰ ৰূপত ।সিহঁতেও বুজাই নুবুজাই ভাল লগা কিবা এটা উত্তৰ দি দিয়ে ।সেই উত্তৰটোকে আমি লৈ সপোন দেখিবলৈ লওঁ ।সিহঁতো একলা দুকলা কৈ ডাঙৰ হয় ।এদিন আহি পৰে সপোন পূৰোৱাৰ সময় ।কেতিয়াবা আমি নজনাকৈ সময় উকলি যায় বা আকৌ কেতিয়াবা সপোন পূৰাম কেনেকৈ জনা নাযায় ।তেতিয়া সপোনে মানসিক চাপ দিবলৈ আৰম্ভ কৰে ।হতাশা আনিবলৈ আৰম্ভ কৰে, কেতিয়াবা জীৱনো শেষ হৈ যায় ।অৰ্থাৎ, আমি সপোনক দিঠকলৈ নিয়াৰ উপযুক্ত পথ বা সময় নজনাৰ বাবেই সপোন বোৰ সপোন হৈয়ে ৰয় নেকি ? সেই সময়ত আমাক প্ৰয়োজন হয় অৰ্জুনক কুৰুক্ষেত্ৰৰ ৰণত কৰ্মৰ পথ দেখুৱাই দিয়া শ্ৰীকৃষ্ণৰ দৰে এজন পথ পদৰ্শক ।ইয়াত মন্দিৰ বা ফটোত থকা কৃষ্ণৰ শৰণাপন্ন হোৱাৰ কথা কোৱা হোৱা নাই ।সপোন পূৰোৱাৰ আশাত পৰীক্ষাৰ আগত আগবঢ়োৱা শৰাই খনতকৈও প্ৰয়োজনীয় পথ প্ৰদৰ্শক জনৰ কথা কোৱা হৈছে , সেয়া যিকোনো হ’ব পাৰে ।মা, দেউতা, শিক্ষক, কোনোবা আপোন বা চিনাকি, কোনোবা কাকত-আলোচনীৰ প্ৰৱন্ধ বা অনলাইন মাধ্যমৰ কোনোবা বক্তা ইত্যাদি হ’ব সাক্ষাৎ বিশ্বৰূপ ধাৰী শ্ৰীকৃষ্ণ জন ।তেন্তে আহকচোন সপোন পূৰোৱাৰ যাত্ৰাত শিক্ষাৰ্থী সকল কেনেকৈ আগবাঢ়িব অলপ আলোচনা কৰি চাওঁ ।

আমি আলোচনা কৰা সপোনবোৰকে আমি কেৰিয়াৰ বুলিব পাৰোঁ । অৰ্থাৎ শিক্ষাজীৱনৰ সমাপ্তিৰ পিছতে আমাৰ বৃত্তিগত পৰিচয় কি হ’ব, সেয়াই হৈছে আমি দেখা সপোন ।বৰ্তমান আমি সকলোৱে জানো যে এই সপোনৰ পৰিচয়টো গঢ়াৰ আগত প্ৰায় সকলো ক্ষেত্ৰতে থাকে এটা প্ৰতিযোগিতামূলক পৰীক্ষা ।এই পৰীক্ষাটো উত্তীৰ্ণ হ’ব পাৰিলেই আমাৰ লক্ষ্যৰ দিশত আমি এখোজ আগবাঢ়ো । পৰীক্ষাবোৰৰ নাম আমি নিশ্চয় জানো , নহয় নে? যেনে – চিকিৎসক হ’বল NEET , অভিযন্ত্ৰা বা ইঞ্জিনিয়াৰ হ’বলৈ JEE, প্ৰশাসনিক বিষয়া হ’বলৈ UPSC/APSC ইত্যাদি । আমাৰ বয়স বাঢ়ি যোৱাৰ লগে লগে আমি বহুতো কথা বুজি পোৱা হওঁ, সেয়েহে পিছৰ পৰ্যায়ত পোৱা প্ৰতিযোগিতামূলক পৰীক্ষা যেনে – NET, GATE আদিৰ দৰে পৰীক্ষা বোৰৰ কথা সামৰিব খোজা নাই কিন্তু তলত আলোচনা কৰা কথাবোৰ সেই প্ৰস্তুতিটো উপযুক্ত হ’ব পাৰে ।আমাৰ এই আলোচনাৰ উদ্দেশ্য হৈছে কম বয়সীয়া শিক্ষাৰ্থী সকলে সপোন পূৰোৱাৰ প্ৰস্তুতি ঘৰৰ পৰাই কেনেকৈ কৰিব ? বিদ্যালয়ত পঢ়ি থাকোঁতেই কেনেকৈ মানসিক ভাৱে প্ৰস্তুত হ’ব লাগিব, কোন সময়ত প্ৰস্তুতি আৰম্ভ কৰিব, কি পৰিকল্পনাৰে আগবাঢ়িব, কাৰ পৰা প্ৰস্তুতিত সহায় ল’ব, প্ৰস্তুতিৰ সমান্তৰালকৈ কেনেদৰে নিয়মিত পঢ়া-শুনা কৰি যাব ইত্যাদি কথাবোৰ আমি আলোচনাৰ চেষ্টা কৰিম । আমাৰ অনুভৱ এই কথাবোৰৰ সঠিক আলোচনা নোহোৱাৰ বাবেই আমাৰ মেধাৱী শিক্ষাৰ্থী সকল কেতিয়াবা অসফল হয় ।বিদ্যালয়ত নিয়মিত নম্বৰৰ চাপত থাকোঁতে সপোনৰ পথত কেতিয়াবা আউল লাগে বা সময়তকৈ দেৰিকৈ আৰম্ভ প্ৰস্তুতি । সেয়েহে আধৰুৱা প্ৰস্তুতিৰে দিয়া পৰীক্ষা সমূহত সফলতা নাপায় ।বিদ্যালয়ৰ পৰীক্ষাৰ প্ৰস্তুতি আৰু এনে পৰীক্ষাৰ প্ৰস্তুতিৰ মাজত যথেষ্ট পাৰ্থক্য আছে । সেয়া বুজি উঠাতো অত্যন্ত জৰুৰী ।

আমি সাধাৰণতে কওঁ যে ভাল ফলাফলৰ বাবে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন । আচলতে একৈশ শতিকাৰ সমাজ ব্যৱস্থা বা শৈক্ষিক ব্যৱস্থাই কেৱল কঠোৰ পৰিশ্ৰম নিবিচাৰে ।কঠোৰ শ্ৰমৰ লগতে প্ৰয়োজন SMART শ্ৰমৰ ।প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি ভাতৰ লগত পানী খোৱাৰ দৰে সহজ কেতিয়াও নাছিল ।এক বিশাল পাঠ্যক্ৰম (Syllabus) ক পঢ়ি শেষ কৰাৰ পৰা আৰম্ভ কৰি দেশ জুৰি লাখ লাখ পৰিক্ষাৰ্থীৰ মাজৰ প্ৰতিযোগিতাৰ বাবে প্ৰয়োজন নেৰানেপেৰা চেষ্টা, সঠিক মাৰ্গদৰ্শন বা তত্ত্বাৱধান আৰু কৌশলপূৰ্ণ বা Smart পৰিশ্ৰমৰ ।ইয়াৰ বাবে শিক্ষাৰ্থী এজনে স্কুলত পঢ়ি থকাৰ পৰাই প্ৰস্তুতি চলাব পাৰে । আটাইতকৈ ভাল পদ্ধতিটো হৈছে এনে এক সংমিশ্ৰিত পদ্ধতি য’ত শিক্ষাৰ্থীজনৰ এক নিৰ্দিষ্ট দিনপঞ্জীৰ মতে নিয়মিত পঢ়াশুনা কৰাটো ।এইক্ষেত্ৰত শিক্ষাৰ্থীজনৰ মানসিক শান্তি বৰ্তি থকাটো বা বৰ্তাই ৰখাটো অত্যন্ত জৰুৰী । মানসিক শান্তিৰ কথাটো কিছু গভীৰ, ইয়াত আলোচনা নকৰো । কিন্তু ইয়াত অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষৰ যথেষ্ট ভূমিকা আছে । আজিৰ সময়ত প্ৰায় সকলো শিক্ষাৰ্থীয়েই নিজ লক্ষ্য অনুসৰি কি পঢ়িব লাগে আৰু কেতিয়া পঢ়িব লাগে জানে যদিও কেনেকৈ পঢ়িলে সফল হ’ব সেয়া ভালকৈ নাজানে আৰু সেয়েহে বিষয় বস্তুৰ গভীৰ জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তিৰ সহায়ৰ যথেষ্ট প্ৰয়োজন হয় ।কি পদ্ধতিৰে পঢ়িলে বা প্ৰস্তুতি চলালে সফলতা পাব পাৰি এই কথা স্কুলীয়া শিক্ষা জীৱনত বহুত শিক্ষাৰ্থীয়ে ঠিৰাং কৰিব নোৱাৰে, যাৰ ফলত গতানুগতিক বা আনে পঢ়ি থকা কৌশলকে অৱলম্বন কৰে, সেয়া ফলদায়ক হওক বা নহওক। যাৰ ফলত পঢ়া-শুনাৰ কাম অত্যন্ত কষ্টদায়ক হৈ পৰে ।সেয়েহে এনে আলোচনাৰ জৰিয়তে অধ্যয়নৰ বিশেষ কৌশল আমি শিক্ষাৰ্থীৰ ওপৰত জাপি দিব নোৱাৰোঁ কিন্তু পঢ়া-শুনাত সহায় হ’ব পৰাকৈ কিছুমান কথা আলোচনা কৰিব পাৰোঁ । সেয়া শিক্ষাৰ্থীয়ে বা অভিভাৱকে চালি-জাৰি চাই পৰিকল্পনা কৰিব পাৰে । এনেদৰে আগতীয়া প্ৰস্তুতি আৰম্ভ কৰিলে শিক্ষাৰ্থীয়ে নিজেই ভাল লগা বা বেয়া লগা খিনি যুকিয়াই চাব পাৰিব ।

প্ৰথমে শিক্ষাৰ্থী গৰাকীয়ে নিজৰ বাবে এটা SMART লক্ষ্য স্থিৰ কৰি ল’ব লাগিব । ইয়াত SMART ৰ অৰ্থ হৈছে – S - Specific বা সুনিৰ্দিষ্ট, M- Measurable বা পৰিমাপীয়, A- Attainable বা উপনীত হ’ব পৰা, R- Relevant বা প্ৰাসংগিক, T- Time-bound বা সময় নিবন্ধিত ।অৰ্থাৎ, এক নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰস্ততি সম্পূৰ্ণ কৰি লাভ কৰিব পৰা এনে এটা সুনিৰ্দিষ্ট লক্ষ্য যিটো শিক্ষাৰ্থী গৰাকীৰ ইচ্ছা, জ্ঞান-বুদ্ধিৰে পৰিমাপিত আৰু যিটো পাবলৈ তেওঁৰ অধ্যয়ণ ৰত বিষয়বোৰ প্ৰাসংগিক বা সহায়ক ।অৰ্থাৎ লক্ষ্যটো অলৌকিক নহয় ।সেয়েহে ভাৱি চিন্তি অধ্যয়ণৰ পৰিকল্পনা প্ৰস্তুত কৰোঁতে এই কথাবোৰ মনত ৰখা উচিত ।হঠাতে বা অতি কম সময়ৰ ভিতৰতে সকলো শেষ কৰিম বুলি ভাৱিলে খেলি মেলিহে হয় । সদায় নিজৰ লক্ষ্য অনুযায়ী বিষয়ৰ মৌলিক ধাৰণা সমূহ সুদৃঢ় কৰাত যত্ন কৰিব লাগে ।যেতিয়া শিক্ষাৰ্থী এজনে একেধৰণৰ কথা বহু সময় ধৰি পঢ়ি থাকে, তেতিয়া তেওঁৰ আমনি লাগি একাগ্ৰতা ভাঙিব পাৰে ।কাৰণ তেওঁ কথা খিনিত একো নতুনত্ব নাপায় ।সেয়েহে বিষয় বস্তু বোৰ সানমিহলি কৰি এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পঢ়িলে আমনি নালাগিব আৰু মনতো ৰ’ব ।

এজন শিক্ষাৰ্থীয়ে তলৰ কৌশল সমূহ মানি চলি স্কুলীয়া দিনৰ পৰাই ঘৰতে প্ৰস্তুতি আৰম্ভ কৰিব পাৰে ।অৱশ্যে শিক্ষাৰ্থী জনে নিয়মানুৱৰ্তিতা (Discipline) মানিব আৰু ধাৰাবাহিকতা (Consistency) অক্ষুন্ন ৰাখিব পাৰিব লাগিব ।

  • অধ্যয়নৰ বাবে এখন উপযুক্ত দিনপঞ্জী বা সময় সূচীঃ-

এনে এখন সময়সূচীৰ প্ৰয়োজন যিখনে নিয়মিত পঢ়া শুনাৰ লগতে প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি সমান্তৰাল ভাৱে চলাই নিব পাৰে ।বিদ্যালয় পৰ্যায়ৰ পৰা দিনে অন্ততঃ ৯০ মিনিট সময় বিশেষ প্ৰস্তুতিৰ বাবে ৰাখিব লাগে ।নিয়মিত পঢ়াৰ সময়সূচীত সদায় টান বিষয় এটাৰ লগত সহজ বিষয় এটা ৰাখিব লাগে । এদিনত তেওঁ কিমান খিনি পঢ়িব পাৰিব, সেয়া আগতীয়াকৈ নিৰ্ধাৰিত কৰি পঢ়িব লাগে । একেৰাহে কেইবা ঘন্টা পঢ়াতকৈ পঢ়াৰ সময় খিনিক ৪০-৫০ মিনিটৰ সৰু সৰু অংশত ভাগ কৰি ল’ব লাগে ।প্ৰতিটো অংশৰ মূৰত বিৰতি ল’ব লাগে ।বেছি ভাগৰ লাগিলে ১০-১৫ মিনিটৰ বাবে শুব পৰা (Power Nap) হ’ব লাগে ।

  • পুনৰালোচনা (Rivision) আৰু অনুশীলনত যথেষ্ট সময় দিয়াৰ প্ৰয়োজন

পঢ়ি অহা খিনি নিয়মিত পুনৰালোচনাৰ প্ৰয়োজন । অনুশীলনে প্ৰস্তুতি এটা নিখুঁত কৰে ।তৃণভোজী প্ৰাণীয়ে যিদৰে অলপ খাই কিছু জিৰণি লয় আৰু জিৰণিৰ সময়ত খোৱা খিনি পাগুলি থাকে, থিক একে দৰে জিৰণি সময়ত বা নপঢ়া সময়ত আমি পঢ়ি অহা কথাবোৰ পাগুলিবলৈ চেষ্টা কৰিব লাগে । ইয়াৰ ফলত নপঢ়া সময় খিনি অবাবত নষ্ট নহয় । ইয়াত শিক্ষাৰ্থী জনে পৰীক্ষাত মনত পেলোৱাৰ দৰে পঢ়ি অহা কথাবোৰ মনত পেলোৱাৰ অনুশীলন কৰিব পাৰে । আমি কেৱল পঢ়ি যাওঁ, কিন্তু পৰীক্ষাত মনত পেলাব লগা হয় । সেয়ে এই কৌশলে পৰীক্ষাত কথাবোৰ মনত পৰাত সহায় কৰে । এই কাম নিজ বন্ধু বৰ্গৰ মাজতো ইজনে সিজনক সুধি কৰিব পাৰি ।ই অত্যন্ত লাভদায়ক ।

  • সুবিধা হ’লে Mock Test বা প্ৰস্তুতি পৰীক্ষা সমূহ দিয়া উচিত ।

যদিও বিভিন্ন পৰীক্ষাৰ Mock Test অনলাইন যোগে দিব পাৰি, স্কুল পৰ্যায়ত থাকোতে শিক্ষাৰ্থী সকলে বিভিন্ন প্ৰতিভা সন্ধানী পৰীক্ষা, অলিম্পিয়াড আদিত অৱতীৰ্ণ হৈ নিজকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে  মানসিক ভাৱে সাজু কৰিব পাৰে ।

  • একাগ্ৰতা ভাঙিব পৰা বিষয় সমূহৰ পৰা নিজকে আতৰাই ৰাখিব লাগে ।

বয়স সন্ধিৰ সময়ৰ অন্যান্য বিষয় সমূহ, অত্যধিক টেলিভিছন, ছ’ছিয়েল মেডিয়াৰ ব্যৱহাৰে একাগ্ৰতা ভাঙে, সেয়ে তেনেবোৰ কথাৰ পৰা নিজকে আতৰাই ৰাখিব পাৰিব লাগিব ।

  • ইন্টাৰনেটত বিনামূলীয়াকৈ পোৱা বিভিন্ন শিক্ষানুষ্ঠান বোৰৰ শিকন সামগ্ৰী বোৰ ব্যৱহাৰ কৰিব লাগে

সদব্যৱহাৰ জানিলে ইন্টাৰনেট কিমান লাভদায়ক সেয়া দোহৰাৰ প্ৰয়োজন নাই ।ইন্টাৰনেটত যিকোনো পৰীক্ষাৰে পঠন সামগ্ৰী অতি সহজে আৰু বিনামূলীয়াকৈ পোৱা যায় ।MHRD, NPTel আদি উল্লেখযোগ্য উদাহৰণ ।বিভিন্ন শিক্ষানুষ্ঠানৰ ৱেৱছাইটত প্ৰশ্ন, সমাধান, টোকা আদি pdf, ppt, doc আদি বিভিন্ন ৰূপত সহজে পোৱা যায় ।সেয়া download কৰি print কৰি ল’লে পঢ়িবলৈ সুবিধা হয় ।

  • YouTube ৰ উপযুক্ত ব্যৱহাৰ কৰিবলৈ শিকিব লাগে 

ই কেৱল আমোদ-প্ৰমোদৰ সমল নহয় বা যিকোনো ভিডিঅ’ চাই অবাবত সময় নষ্ট কৰিব লগীয়া আহিলাও নহয় । ইয়াত দেশৰ বিভিন্ন ঠাইৰ বহুতো অভিজ্ঞ শিক্ষকৰ পাঠদান বিনামূলীয়াকৈ পোৱা যায় । একেটা বিষয়ৰ ঢেৰ ভিডিঅ’ চোৱাতকৈ কোনোবা বিশেষ এজনৰ ভিডিঅ’ ক্লাছবোৰকে বাৰে বাৰে চাই বুজিবলৈ যত্ন কৰিব পাৰি ।

  • মনৰ খোকোজা লগা কথা বোৰ জনা ব্যক্তিৰ লগত আলোচনা কৰিব লাগে

নিজে পঢ়িলে বহুতো কথাত খোকোজা বা Doubt থাকিব পাৰে । সেয়া এখন বহীত নিয়মিত ডায়েৰী লিখাৰ দৰে লিখি যাব লাগে । যেতিয়া কোনোবা অভিজ্ঞ ব্যক্তিক লগ পোৱা হয়, তেতিয়াই সেয়া সুধি জানি ল’ব লাগে ।

  • দৈনিক বাতৰি কাকত পঢ়াৰ অভ্যাস কৰিব লাগে ।ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি কাকত সমূহৰ অনলাইন সংস্কৰণ অতি সুলভ মূল্যত পোৱা যায় ।প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বহুতো আলোচনী পোৱা যায় ।সেই সমূহ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে ।ইয়াৰ লগতে বিভিন্ন “ইয়েৰ বুক” সমূহ পঢ়িব লাগে ।

  • অধিক চাপ নোলোৱাকৈ নিজৰ ওপৰত বিশ্বাস ৰাখি নিৰন্তৰ চেষ্টা চলাই যাব লাগে

ই এক মানসিক কথা ।যদিহে পৰিকল্পনা মতে কাম সমূহ আগবাঢ়ি গৈ থাকে তেন্তে চাপ আহিবই নোৱাৰে ।কেতিয়াবা বিদ্যালয়ৰ পৰীক্ষাত দুই-এক নম্বৰ কমিব পাৰে, সেয়া চিন্তা কৰি হতাশ হ’ব নালাগে ।মাথো লক্ষ্যক নাপাহৰি নিৰন্তৰ চেষ্টা চলাই যাব লাগে ।

এতিয়া আহোঁ বিষয় বস্তুৰ কথালৈ । স্কুলত আমি কি কি পঢ়িবলৈ পাওঁ? মই কি পৰীক্ষা দিয়াৰ কথা ভাৱিছো? এই প্ৰশ্ন সমূহৰ উত্তৰ বিছাৰিব লাগে ।যদিহে মই বিজ্ঞানৰ শাখাৰ কেৰিয়াৰ বিচাৰিছো, তেন্তে গণিত আৰু বিজ্ঞানৰ প্ৰতিটো কথা খৰচি মাৰি পঢ়িব লাগে । বিদ্যালয়ৰ পৰীক্ষাত নম্বৰ উঠাবলৈ নহয়, ভৱিষ্যতৰ জটিল ধাৰণা সমূহক সহজে বুজিবলৈ তল শ্ৰেণীৰ কথাবোৰ ভালকৈ পঢ়ি আহিব লাগে ।নেওঁতা, সূত্ৰ, সংকেত, ছুটি নিয়মৰ কৌশল সমূহ অনুশীলন কৰি দখল বঢ়াব লাগে যাতে পিছত দীঘল সমাধান বোৰ কৰোঁতে সৰু-সুৰা খেলিমেলিয়ে আমাৰ সময় নষ্ট নকৰে ।Logical Reasoning, Aptitude Test আদিৰ বাবে বহুতো ভাল কিতাপ অনলাইন যোগে পোৱা যায়, সেয়া আনি অনুশীলন কৰিব লাগে সপ্তম শ্ৰেণী মানৰ পৰাই ।প্ৰশাসনিক সেৱা বা অন্যান্য প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় জ্ঞান বা তথ্যৰ বাবে NCERT য়ে প্ৰকাশ কৰা সমাজ বিজ্ঞান, বিজ্ঞানৰ পাঠ্যপুথি সমূহ অত্যন্ত সহায়কাৰী বুলি বিবেচিত হয় ।ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে NCERT ৰ বিভিন্ন বিষয়ৰ পাঠ্যপুথি সমূহে ৰাজনীতি, অৰ্থনীতি, ভূগোল, বুৰঞ্জীৰ অধ্যয়নত যথেষ্ট সহায় কৰে ।বাতৰি কাকত পঢ়োতে এখন বহীত দৈনিক মূল মূল বাতৰি সমূহৰ তথ্য বোৰ টুকি ৰাখিব লাগে ।বাতৰি কাকত খনত প্ৰকাশ পোৱা বহুতো মুখৰোচক আৰু তুলনামূলক ভাৱে অপ্ৰয়োজনীয় বাতৰি আওকান কৰিবলৈ শিকিলে কম সময়তে যথেষ্ট তথ্য আহৰণ কৰিব পৰা যায় ।

পাঠ্যপুথি সমূহ কি দৰে পঢ়িলে প্ৰতিযোগিতামূলক পৰীক্ষাত সেই সমূহৰ পৰা লাভান্বিত হ’ব পাৰি ? তলত আলোচনা কৰা পদ্ধতিয়ে শিক্ষাৰ্থীক সহায় কৰিব পাৰে ।

  • অধ্যায় এটা প্ৰথম বাৰলৈ পঢ়োঁতে পাঠটোৰ বিভিন্ন শিৰোনাম বোৰ, পাতনি আৰু পাঠটোৰ সাৰাংশ পঢ়িবলৈ বা বুজিবলৈ যত্ন কৰিব লাগে যাতে অধ্যায়টোৰ ওপৰত এটা সম্যক ধাৰণা গঢ় লয় ।

  • তাৰ পিছতে পাঠটোৰ মূল বিষয় বস্তু বা Key Point বোৰত মনোযোগ দিব লাগে ।পাঠটোত থকা চিত্ৰ, মন কৰিবলগীয়া কথা, Bold আখৰৰ বা ডাঠ আখৰেৰে লিখা কথা বোৰ, বাকচৰ ভিতৰত দিয়া অধিক জানিব লগীয়া কথাবোৰত বিশেষ গুৰুত্ব দি পঢ়িব লাগে ।

  • ইয়াৰ পিছতে পাঠটো আৰম্ভণিৰ পৰা শেষলৈ সকলোবোৰ পঢ়িব লাগে ।

  • এতিয়া কিতাপ খন সামৰি থৈ পঢ়ি লোৱা কথাবোৰ মনত পেলাই বহী এখনত মূল মূল বিন্দুবোৰ লিখিব লাগে ।এনে কৰিলে নিজৰ স্মৃতি শক্তিৰ ওপৰত এক ধাৰণা গঢ় ল’ব আৰু আত্মবিশ্বাস বাঢ়িব ।

  • নপঢ়াকৈ থকা সময়ত পাঠটোৰ কথাবোৰ মনত পেলাই যুকিয়াই চাই তাৰ অন্যান্য বিষয় বা পাঠৰ সম্পৰ্ক আছে নেকি চাব লাগে । এনে তুলনাই ধাৰনা দৃঢ় কৰাত সহায় কৰে ।

  • বিদ্যালয়ত যিকোনো বিষয়ৰ উত্তৰ সমূহ শিক্ষকে লিখাই দিয়ালৈ বাট চাই নাথাকি নিজে লিখা অনুশীলন কৰিব লাগে ।

বিদ্যালয় পৰ্যায়ৰ পৰাই প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতিৰ ওপৰত আলোচনা কৰা কথা খিনিয়েই শেষ নহয় আৰু একমাত্ৰ নহয় ।ই আমাৰ এক আলোকপাত হে ।শিক্ষাৰ্থী এজনৰ ব্যক্তিত্ব, সামৰ্থ্য, ঘৰুৱা পৰিৱেশ আদিৰ ওপৰতো বহুত কথা নিৰ্ভৰ কৰে ।এনে প্ৰস্তুতিয়ে ধাৰাবাহিকতা বিচাৰে ।অৰ্থাৎ বিদ্যালয়ত থকা শিক্ষাৰ্থী এজনে প্ৰায় ৫-৮ বছৰৰ পিছতহে প্ৰকৃততে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয় ।এনে দীঘলীয়া সময়লৈ শিক্ষাৰ্থী এগৰাকীৰ একাগ্ৰতা বৰ্তি থকাটো সহজ নহয় ।যদিহে শিক্ষাৰ্থী গৰাকীৰ মানসিক দৃঢ়তা থাকে আৰু লক্ষ্য স্থিৰ হয়, তেন্তে নিয়মিত অনুপ্ৰেৰণাই তেওঁলোকক সহায় কৰিব বা দীঘলীয়া সময়লৈ তেওঁলোকে চেষ্টা কৰি যাব ।জটিল প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰয়োজনীয় দৃঢ় মানসিকতা গঢ় দিয়াত এনে আগতীয়া প্ৰস্তুতিয়ে যথেষ্ট সহায় কৰে ।সাম্প্ৰতিক সময়ত চৰকাৰী-বেচৰকাৰী প্ৰতিখন শিক্ষানুষ্ঠানেই শিক্ষাৰ্থীক এনে পৰিৱেশৰ সৈতে চিনাকি কৰাবলৈ কৰ্মশালা, গ্ৰীষ্মকালীন শিবিৰ, আলোচনা চক্ৰ আদিৰ আয়োজন কৰিব পাৰে ।প্ৰতিখন বিদ্যালয়ৰ শিক্ষাগুৰু সকলে তথ্য আহৰণ কৰি শিক্ষাৰ্থী সকলক দিহা পৰামৰ্শ দিয়াটো উচিত, কাৰণ অচিনাকি ব্যক্তি এজনৰ কৰ্মশালাতকৈ চিনাকি শিক্ষক গৰাকীৰ মাৰ্গদৰ্শনে শিক্ষাৰ্থী এগৰাকীক অধিক সহায় কৰিব যেন অনুভৱ হয় ।তেওঁলোকে চিনাকি জনৰ লগত মুকলিকৈ কথাও পাতিব পাৰে, সেয়েহে বিভিন্ন সমস্যা সমাধান কৰিবলৈও সহজ হয় ।প্ৰতিযোগিতা মূলক পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ কোনোবা ব্যয়বহুল প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বাহিৰে আন উপায় নাই জাতীয় ধাৰণাৰ পৰাও তেওঁলোকক মুক্ত কৰিব পাৰিব লাগিব ।ক’চিঙেই একমাত্ৰ উপায় নহয় বুলি বুজাবলৈ নিজা প্ৰচেষ্টাত সফল হোৱা শিক্ষাৰ্থী বা ব্যক্তিৰ সৈতে শিক্ষাৰ্থী সকলৰ অতৰংগ আলাপৰ ব্যৱস্থা বিদ্যালয় কৰ্তৃপক্ষই কৰাব পাৰে ।অভিভাৱকে নিজা প্ৰচেষ্টাত এনে উদ্যোগ ল’ব পাৰে ।ঢেৰ ধন খৰছ কৰাতকৈ কম কিন্তু যুক্তিযুক্ত ভাৱে ব্যয় কৰিলেও প্ৰস্তুতি সম্পূৰ্ণ কৰিব পাৰি ।এইদৰে আমি সকলোৱে নিজ নিজ উদ্যোগ লৈ নতুন প্ৰজন্মক শ্ৰীকৃষ্ণৰ দৰে মাৰ্গদৰ্শন কৰিব পাৰিলে তেওঁলোকৰ সপোনবোৰ দিঠকত পৰিণত হ’ব ।

Comments

Popular posts from this blog

উচ্চতৰ মাধ্যমিকত Physics কিয় টান?

গণিত আৰু বিজ্ঞান বিষয় ইমান টান কিয়?

ফাৰ্ষ্ট ইয়েৰ, ৰেষ্ট ইয়েৰ