শিশু দিৱস উপলক্ষেঃ পৰিবৰ্তিত সময়ত আমাৰ কৰণীয়
আজিৰ শিশুৱেই ভৱিষ্যতৰ নাগৰিক বুলি কোৱা হয় সততে। তেওঁলোকক ভৱিষ্যতৰ মানৱ সম্পদ হিচাপে গঢ় দিয়াতো অভিভাৱক, শিক্ষক আৰু সমাজৰ গুৰুত্বপূৰ্ণ দায়িত্ব। সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন বোৰ খুব খৰতকীয়াকৈ হৈছে। পৰম্পৰাগত পদ্ধতি সলনি হৈছে, নতুন ব্যৱস্থাই খোপনি পুতিছে। সেয়েহে সাম্প্ৰতিক পৰিৱৰ্তন বোৰৰ সৈতে খাপ খাই ভৱিষ্যতৰ পৰিকল্পনা কিদৰে কৰিলে আজিৰ শিশুসকল অনাগত সময়ত মানৱ সম্পদ হিচাপে গঢ় লৈ উঠিব সেই সম্পৰ্কে অভিভাৱক সমাজৰ প্ৰতি চমুকৈ কিঞ্চিত আলোচনা আজি শিশু দিৱসৰ দিনা আগবঢ়াইছো।
ক’ভিদ পৰিস্থিতিৰ পিছতেই অসমৰ শিক্ষাবৰ্ষৰ সময়সূচী সলনি হৈছে, ৰাষ্ট্ৰীয় সূচীৰ সৈতে একাত্ম হৈছে। সেয়া সকলোৱে গম পাইছেই। তাৰ সমান্তৰালকৈ পাঠ্যক্ৰমৰ বিশেষ সলনি হোৱা নাই বা হোৱাৰ কোনো প্ৰয়োজনো নাই। পূৰ্বৰ জানুৱাৰী-ডিচেম্বৰ শিক্ষাবৰ্ষৰ সলনি এতিয়া শিক্ষাবৰ্ষ এপ্ৰিল-মাৰ্চ হ’ল। আন শ্ৰেণীসমূহৰ কথা বাদ দি সদ্যহতে দশম শ্ৰেণীৰ কথা আলোচনা কৰোঁ। অসমত মেট্ৰিক আছেই বা দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা আছেই, থাকিবই। যদিও মেট্ৰিক নোহোৱা হৈ যাব বুলি মাজতে আমি বহুতো বাতৰি-উৰাবাতৰি শুনিছিলোঁ।
প্ৰথমে ভাৱিবলগীয়া কথাটো হ’ল এয়ে যে পৰম্পৰাগত চৈধ্যমহীয়া মেট্ৰিক এতিয়া দহমহীয়া হ’ল। অৰ্থাৎ প্ৰাক-ক’ভিদ কালত জানুৱাৰীত আৰম্ভ হোৱা দশম শ্ৰেণীৰ পাঠদান শেষহোৱাৰ পিছত পিছৰ বৰ্ষৰ ফেব্ৰুৱাৰী বা মাৰ্চত মেট্ৰিক হৈছিল। কোনো এটা বছৰৰ গোটেই বাৰমাহ যোৱাৰ পিছত পিছৰ বছৰৰ দুমাহ গৈহে মেট্ৰিক হৈছিল। আমাৰ সময়ত ৩ নে ৭ মাৰ্চত হৈছিল মেট্ৰিক। এই আলোচনা পঢ়িথকা অধিকাংশই সেই ব্যৱস্থাৰে পৰীক্ষা দিয়া। এতিয়া কিন্তু এপ্ৰিলত পাঠদান আৰম্ভ হয় আৰু মেট্ৰিক পৰীক্ষা সাধাৰণতে ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত। গতিকে এতিয়া মেট্ৰিক দহমহীয়া। এইটো পদ্ধতিৰে চি বি এছ ইৰ শিক্ষাৰ্থীসকলে আগৰে পৰাই কোনো অসুবিধা নোহোৱাকৈ একেটা পাঠ্যক্ৰমতে পৰীক্ষাত অৱতীৰ্ণ হৈ আহিছে, সেয়েহে আমাৰ বাবে যদিও নতুন, অসুবিধা কিন্তু হ’ব নালাগে। যিহেতু শিক্ষাৰ্থী বা অভিভাৱকক খুব ওচৰৰ পৰা পাওঁ, সেয়েহে ক’ব পাৰোঁ যে আমাৰ বহুতৰে কিন্তু অসুবিধা হৈছে। সেই অসুবিধাটো হৈছে, পাঠ্যক্ৰম বা বাৰ্ষিক শিক্ষাসূচী অনুসৰি সময়ৰ ব্যৱস্থাপনা কৰা। ইয়াৰ মূলতে হৈছে বৰ্তমান আমাৰ অধিকাংশ শিক্ষাৰ্থীৰ এটা অভ্যাস। সেইটো হৈছে শিক্ষকৰ দ্বাৰা পাঠদান শেষ হোৱাৰ পিছতহে বিষয়টোৰ স্বাধ্যায় বা নিজা প্ৰস্তুতি আৰম্ভ কৰা। পুৰণি পদ্ধতিৰে পৰীক্ষা দি অহা অভিভাৱকৰ মতেও সেইটো শুদ্ধ পদ্ধতি, কাৰণ আগতে নৱেম্বৰত বিদায় সভাৰ পিছত বাছনি পৰীক্ষা হয়। তাৰপিছতহে গুহাত সোমাই যোৱাৰ দৰে ভাল ৰিজাল্টৰ বাবে আঢ়ৈ-তিনিমাহৰ ঘৰতে থাকি কৰা প্ৰস্তুতি। কেতিয়াবা বাছনি পৰীক্ষাত কম নম্বৰ পোৱা কোনোবাই মেট্ৰিকত সাংঘাতিক ভাল কৰাৰ অলেখ উদাহৰণ হয়তো আমাৰ ওচৰত আছে। তেতিয়া সেয়াই শুদ্ধ পদ্ধতি আছিল, কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত পদ্ধতিও সলনি হ’বৰ হ’ল। এতিয়া কোনো এক পাঠ্যক্ৰম শেষ হোৱালৈ বাটচোৱাটো একেবাৰে অনুচিত। প্ৰতিটো অধ্যায় শেষহোৱাৰ লগেলগেই সেই অধ্যায় ছাত্ৰয়ো নিজাকৈ পঢ়ি শেষ কৰিব লাগে বা আয়ত্ত কৰিব লাগে, পিছত ভালকৈ পঢ়িম বুলি থৈ দিব নালাগে। সেই পিছৰ সময়তো কেতিয়াও নাহে। এনেদৰে পঢ়িব লাগে যাতে, ১৫-২০ দিনৰ বন্ধ যদিও পোৱা যায়, তেতিয়াও যাতে পুনঃ অনুশীলন কৰি পৰীক্ষাত আত্মবিশ্বাসেৰে অৱতীৰ্ণ হ’ব পৰা যায়। অৰ্থাৎ শিক্ষকৰ পাঠদানত যিমান শেষ, সিমান শতাংশ ছাত্ৰৰো শেষ। সেয়েহে বিদ্যালয়ত পাঠদান শেষ হোৱাৰ লগে লগেই যাতে ১০-১৫ ভিতৰতে বাছনি পৰীক্ষাৰ বাবে সাজু হ’ব পাৰে। এইটোহে বৰ্তমানৰ ফলপ্ৰসূ পদ্ধতি বুলি মোৰ অনুমান হয়, ইতিমধ্যে শিক্ষাৰ্থীৰ সৈতে এই পদ্ধতি প্ৰয়োগ কৰি তেওঁলোকৰ সফলতা দেখিছোঁ। অষ্টম-নৱম শ্ৰেণীৰ অভিভাৱকে এই পদ্ধতি নিজ সন্তানক এতিয়াৰ পৰাই প্ৰয়োগ কৰিবলৈ উৎসাহিত কৰিব পাৰে। পৰীক্ষাৰ তাৰিখ দিলে বা পৰীক্ষাৰ আগত হুৰমূৰকৈ পঢ়াৰ অভ্যাসটো আতৰাব পাৰিলে যথাসময়ত উপকৃত হ’ব। পুৰণি পদ্ধতিৰ অভ্যাস আতৰাব লাগিব অভিভাৱক-শিক্ষকে মিলি। হয়তো মনতে এনে এটা যুক্তিও আহিব পাৰে যে দশমশ্ৰেণীৰ ক্লাছ সমূহ খৰতকীয়াকৈ কৰি শেষ কৰিব নোৱাৰিনে? ইয়াতেই ভূমুকি মাৰে দ্বিতীয়টো পৰিৱৰ্তিত ব্যৱস্থাই।
এই দ্বিতীয়তে ভাবিবলগীয়া কথাটো হ’ল প্ৰশ্নৰ ধৰণ সম্পৰ্কীয়। আপোনালোক অৱগত যে অসমত নৱম শ্ৰেণীৰ পৰা সদ্যহতে একাদশ শ্ৰেণীলৈ নিৰ্বাচিত অধিকাংশ বিষয়তে ৫০% বস্তুনিষ্ঠ বহুবিকল্পী প্ৰশ্নৰ বাধ্যতামূলক অৱতাৰণা কৰা হৈছে। নৱম-দশমত গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, ইংৰাজী বিষয় চাৰিটাত বহুবিকল্পী প্ৰশ্ন থাকে ৫০%। সেই প্ৰশ্ন সমূহ ‘অমুকৰ দেউতাকৰ নাম কি, কোন চনত ঢুকাল, বলৰ একক কি, দ্বিঘাত সমীকৰণৰ মূল কেইটা’ জাতীয় চিধাচিধি প্ৰশ্ন নহয় যে শিক্ষাৰ্থীয়ে কিতাপখন মুখস্থ মাৰি যাব আৰু পৰীক্ষাত এফালৰ পৰা লিখি যাব বা গোল কৰি যাব অ’ এম আৰ শ্বিটখনত। মোৰ ধাৰণাত নতুন প্ৰশ্নৰ পদ্ধতিত কেৱল মুখস্থ বিদ্যাত বিশ্বাসীসকলে মুখঠেকেঁচাহে খাব আগন্তুক পৰীক্ষাত। সেই প্ৰশ্ন সমূহৰ উত্তৰ কৰিবলৈ প্ৰয়োজন হ’ব যুক্তিৰ, পাঠৰ সম্যক জ্ঞানৰ, বোধগম্যতাৰ, বিশ্লেষণাত্মক চিন্তাশক্তিৰ, প্ৰত্যুৎপন্নমতিতাৰ। আনহাতে বহলাই লিখিব লগীয়া ৫০% প্ৰশ্নৰ বাবেও প্ৰশ্নপ্ৰস্তুতকৰ্তা কিছু বিপাঙত পৰিব। কোনো পাঠৰ পৰা আগতে লিখিত প্ৰশ্ন যিমান নম্বৰৰ আহে, নতুন নিয়মত তাৰ আধা আহিব। সেয়েহে সততে প্ৰশ্ন ‘কমন’ পৰাটো লাহেকৈ কমিব, এই ফালেও কেৱল মুখস্থবিদ্যাত বিশ্বাসীসকলে কষ্ট পাব। গতিকে এই নতুন পদ্ধতিমতে শিক্ষাৰ্থী এজনক পৰীক্ষাৰ বাবে সাজু কৰোঁতে শিক্ষকক হয়তো আগতকৈ অলপ বেছি সময়হে লাগিব, কম নহয়। তেনেস্থলত ঘৰত পঢ়িবলৈ সময় উলিয়াই দিয়াৰ চিন্তাত যদি খৰধৰকৈ পাঠদান শেষ কৰা হয়, তেন্তে শিক্ষাৰ্থীয়ে বহুবিকল্পী প্ৰশ্নৰ বাবে পাঠজ্ঞান সহ যুক্তিযুক্ততাৰে সাজু কেনেকৈ হ’ব? সেইসমূহ হুৰমূৰকৈ শিকালে হিতে বিপৰীত হোৱাৰহে অৱকাশ আছে। এইটো অৱশ্যে মোৰ নিজা অনুভৱহে।
তৃতীয়তে অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল কোনো এটা বছৰত মেট্ৰিক পাছ কৰা শিক্ষাৰ্থী এজনে তাৰ ঠিক দুটা বছৰৰ পিছতেই বহুবিকল্পী প্ৰশ্নৰ পয়োভৰ থকা এন ই ই টি, জে ই ই, চি ইউ ই টি, চি ই ই, এম এ টি, চি এ টি আদি পৰীক্ষাৰ পৰীক্ষাৰ্থী হ’ব, যিবোৰ উত্তীৰ্ণ হ’লেহে মন পছন্দৰ কেৰিয়াৰ এটাৰ দিশে যাব পাৰিব। সেই পৰীক্ষাবোৰৰ প্ৰশ্নৰ মানদণ্ড অলপ যুকীয়াই চালেই বহুকথাই বুজি পাব, অনুভৱ হ’ব কেৱল মুখস্থতকৈ পাঠ্যপুথিৰ জ্ঞান কিমান জৰুৰী, অনুভৱ হ’ব মেট্ৰিকটো সিমানো গুৰুত্বপূৰ্ণ নহয় যিমান গ্লেমাৰ আমি সেইটোক দিওঁ। বৰঞ্চ নিজক জুখি চোৱাৰ, প্ৰস্তুতি অনুসৰি ফলাফল কৰি ভৱিষ্যতৰ যুঁজখনৰ বাবে নিজৰ আত্মবিশ্বাস দৃঢ় কৰাৰ এটা সুযোগহে মেট্ৰিক। পৰম্পৰাগত চিন্তা বাদ দি আমি সাজু হ’ব লাগে পৰিৱৰ্তিত পৰিস্থিতিত আমাৰ সন্তানক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিদৰে মানসিক দৃঢ়তা দিব পাৰোঁ, কিদৰে কৌশল শিকাব পাৰোঁ তাৰ অন্বেষণত। মেট্ৰিকৰ নম্বৰটোক বা তাৰ ফলাফলটোক অত্যধিক যশকীৰ্তি নিদিয়াকৈ আমি এটা ক্ৰমাগত উত্তৰণৰ পদ্ধতিক গুৰুত্ব দিব লাগে, কাৰণ এইটোৱেই সময়ৰ আহ্বান। আমি দৈনন্দিন খুব সুন্দৰ নম্বৰৰ মেট্ৰিকৰ ৰিজাল্ট কৰা কিন্তু নিজা চিন্তাশক্তি নথকা শিক্ষাৰ্থীক লগ পাওঁ, সেইখন এখন বেলেগ যুঁজ। মেট্ৰিকত ভাল নম্বৰ লৈয়েই আৰম্ভ হয় অস্তিত্বৰ এখন যুঁজ। সেই বিষয়ে ইয়াত আলোচনা নকৰোঁ। গতিকে সময়ৰ দাবীক সন্মান জনাই আজিৰ শিশুক ভৱিষ্যতৰ মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ এই নতুন যাত্ৰাটোত আহকচোন আমি অপ্ৰয়োজনীয় চাপবিহীন এটা পৰিৱেশৰ সৃষ্টি কৰি তেওঁলোকৰ সহযাত্ৰী হওঁ।
Comments
Post a Comment