ষ্টাৰলিংক : মাস্কৰ মুকুতাৰ মালা

“ইমান ধুনীয়া মুকুতাৰ মালা, ক’ত পালা তুমি দান” – সৰুতে ৰেডিঅ’ত গানটো শুনা মনত পৰে । গানটো শুনি বৰ ভাল পাইছিলোঁ । গীতিকাৰ, সুৰকাৰ বা গায়ক গৰাকীৰ বিষয়ে একো মনত নাছিল । ইন্টাৰনেট খুছৰি জানিব পাৰিলোঁ, গীতৰ কথা মলিন বৰাৰ, সুৰ কৰিছিল দুৰ্গাপ্ৰসাদ ভূঞাই আৰু গীতত কণ্ঠ নিগৰাইছিল তাৰিকুদ্দিন আহমেদে । দুবৰিত লাগি থকা বা ফেহুঁজালিৰ সময়ত মকৰাৰ জালত লাগি থকা নিয়ৰৰ টোপাল বোৰৰ মাজেৰে বেলিৰ পোহৰ পাৰহৈ আহোঁতে দেখা পোৱা মুকুতাৰ মালা বৰ ধুনীয়া নহয় নে? গল শুৱনি কৰা মুকুতাৰ মালাও কম ধুনীয়া নহয় । অৱশ্যে আজি আমি নিশাৰ আকাশত দেখা এডাল একেই ধুনীয়া মুকুতাৰ মালাৰ কথাহে আলোচনা কৰিবলৈ ওলাইছো । এই ডাল বৰ ৰহস্যময় মালা । এই মালা ডাল আজিকালি সঘনে ওলাবলৈ লৈছে আৰু বহুতেই সেইডালক ইউ এফ অ’ (UFO = Unidentified Flying Object অচিন উৰণীয়া বস্তু) বুলি উৰা বাতৰিও বিলাই ফুৰিছে । UFO মানে বহিৰ্গ্ৰহৰ বস্তু বুলিও আটাহ পাৰি খবৰ বিলাইছে ।  আচলতে সাধাৰণ জনগনৰ মাজত খবৰ বিলাবলৈ যাওঁতে, বিশেষকৈ যিটো বিষয়ত আমাৰ সম্যক জ্ঞান নাথাকে, তেনেকুৱা খবৰ পৰিৱেশন কৰোঁতে আমি সাৱধান হোৱা উচিত । খন্তেক সময় খৰছ কৰি অলপ অধ্যয়ণ কৰিলেই আজিকালি বহুতো নজনা কথাৰ সম্ভেদ পোৱা যায় । শুদ্ধ বাতৰিয়ে জনগনক উৎকণ্ঠিত নকৰে, অৱশ্যে আজিকালি উৎকণ্ঠা অবিহনে যেন বাতৰি বিলোৱা অসাৰ ।

এতিয়া আহোঁ উৎকণ্ঠাৰ কাৰণ বিছাৰি । শেহতীয়াকৈ নিশাৰ আকাশত দেখিবলৈ পোৱা মুকুতাৰ মালাৰ দৰে তৰাৰ লানিটো হৈছে একেশাৰীতে গৈ থকা কৃত্ৰিম উপগ্ৰহৰ সমষ্টি । UFO বুলি হৈ চৈ লগাবলগীয়া একোৱেই নাই ইয়াত । আকাশত কৃত্ৰিম উপগ্ৰহবোৰে বিভিন্ন উদ্দেশ্যেৰে পৃথিৱীক প্ৰদক্ষিণ কৰি থাকে । লানি লানি কৈ গৈ থকা এই উপগ্ৰহ কেইটাৰ উদ্দেশ্য হৈছে গোটেই পৃথিৱীতে অতি উন্নতমানৰ দ্ৰুত ইন্টাৰনেট সেৱা আগবঢ়োৱা । সাধাৰণতে যোগাযোগ ব্যৱস্থাৰ লগত জড়িত উপগ্ৰহ সমূহ পৃথিৱীৰ পৰা প্ৰায় ৩৬০০০ কিলোমিটাৰ উচ্চতাত থকা ভূ – স্থৈতিক কক্ষপথত থাকে, অৰ্থাৎ যোগাযোগ ব্যৱস্থাৰ বাবে ব্যৱহৃত উপগ্ৰহবোৰক পৃথিৱীৰ কোনো এক ঠাইৰ পৰা সদায় একে ঠাইতে দেখা যায় (উপগ্ৰহৰ কক্ষপথ সম্পৰ্কে আমি পৰৱৰ্তী সময়ত সুকীয়াকৈ আলোচনা কৰিম ) । তেনেহ’লে এইকেইটা উপগ্ৰহ কিয় একেঠাইতে নেদেখি ?  কাৰণ এই উপগ্ৰহ কেইটা গড়ে প্ৰায় ৫৫০ কিলোমিটাৰ উচ্চতাৰ কক্ষপথত অতি উচ্চ কক্ষীয় বেগেৰে গতি কৰি থাকে । এনে কক্ষপথক Low Earth Orbit (LEO) বুলি জনা যায় । এই উপগ্ৰহ সমূহৰ নাম হৈছে ষ্টাৰ লিংক (Starlink) । 

টেছলা নামৰ বিদ্যুৎশক্তিৰে চালিত বাহন নিৰ্মাতা সংস্থাটোৰ নাম নিশ্চয় শুনিছে । ইয়াৰ স্বত্ত্বাধিকাৰী হৈছে এলন ৰিভ্ মাস্ক (Elon Reeve Mask) । পহিলা ডিচেম্বৰ, ২০২৩ ৰ হিচাপ মতে ২৫৩ বিলিয়ন আমেৰিকান ডলাৰ পৰিমানৰ ধন – সম্পত্তিৰে বৰ্তমান বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি গৰাকী হৈছে এলন মাস্ক । তেওঁৰ মহাকাশ বিজ্ঞান আৰু অভিযান সম্পৰ্কীয় সংস্থাটো হৈছে “স্পেছ এক্স (SpaceX)” বা স্পেছ এক্সপ্ল’ৰেচন টেকন’ল’জিছ ক’ৰ্প’ৰেচন , যিটোৰ প্ৰতিষ্ঠা হৈছিল ২০০২ চনত । এই স্পেছ এক্স সংস্থাটোৰেই কৃত্ৰিম উপগ্ৰহ প্ৰণালীৰ নাম হৈছে ষ্টাৰ লিংক বা আমি UFO বুলি ভৱা উপগ্ৰহ সমূহ । প্ৰচলিত ধাৰণা মতে ভূ – স্থৈতিক উপগ্ৰহেৰে ইন্টাৰনেট বা যোগাযোগ ব্যৱস্থা সহজ হয়, কাৰণ কোনো একে ঠাইৰ প্ৰেৰক কেন্দ্ৰ বা গ্ৰাহক কেন্দ্ৰ বা গ্ৰাহক যন্ত্ৰই সদায় একে ঠাইৰ পৰা উপগ্ৰহটোৰ লগত প্ৰত্যক্ষ যোগাযোগ পাই থাকে ।৩৬০০০ কিলোমিটাৰৰ উচ্চতাত থকাৰ বাবে একো একোটা উপগ্ৰহে পৃথিৱীৰ বিস্তৃত অঞ্চলত সেৱা আগবঢ়াব পাৰে । কিন্তু এলন মাস্কৰ দৃষ্টিত এই উপগ্ৰহ সমূহ যোগাযোগৰ বাবে উপযুক্ত নহয় । কাৰণ, কোনো সংকেত পৃথিৱীৰ পৰা ইমান উচ্চ উচ্চতাৰ উপগ্ৰহলৈ গৈ আকৌ উভতি আহিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন, সেয়েহে এনে উপগ্ৰহ সমূহ যিমান পাৰি সিমান কম উচ্চতাৰ কক্ষপথত সংস্থাপিত হ’ব লাগে । গতিকে কথা মতেই কাম, স্পেছ এক্সে ২০১৯ চনত প্ৰথম বাৰলৈ ৬০ টা উপগ্ৰহ উৎক্ষেপন কৰিছিল আৰু যোৱা ২৮ নৱেম্বৰত শেহতীয়াকৈ পঠিওৱা ২৩ টা উপগ্ৰহেৰে বৰ্তমান এই সংখ্যা হৈছেগৈ ৫৫১৪ টা । অকল্পনীয় নহয়নে ? এই সংখ্যা তেওঁলোকে নিকট ভৱিষ্যতত ১২০০০ লৈ বঢ়োৱাৰ লক্ষ্য লৈছে আৰু সুদূৰ ভৱিষ্যতৰ সৰ্বমুঠ লক্ষ্য ৪২০০০ টা ষ্টাৰ লিংক উপগ্ৰহ । সাধাৰণ মানুহৰ কল্পনাৰো অগোচৰ এই সংখ্যা । আলোকীয় তন্তু বা অপ্টিকেল ফাইবাৰ (Optical Fibre) ৰ সহায়ত যদিও আমি দ্ৰুতবেগী ইন্টাৰনেট সেৱা পাওঁ, এতিয়াও কিন্তু পৃথিৱীৰ চুকে – কোণে ইন্টাৰনেট সেৱা উপলব্ধ নহয় বা অতি বেয়া মানৰ লেহেমীয়া ইন্টাৰনেট সেৱা উপলব্ধ । মাস্কৰ লক্ষ্য আছিল পৃথিৱীৰ সকলোৱে কম খৰছতে দ্ৰুত ইন্টাৰনেট সেৱা যাতে লাভ কৰে । আকৌ, যিহেতু ষ্টাৰ লিংক উপগ্ৰহ একোটা যথেষ্ট নিম্ন উচ্চতাত থাকে, সেয়ে তেনে উপগ্ৰহে ভূ – স্থৈতিক উপগ্ৰহৰ দৰে বিশাল ঠাই আগুৰিব নোৱাৰে । সেয়েহে এই অকল্পনীয় যেন লগা কামটোত ইমান বেছি সংখ্যক উপগ্ৰহৰ প্ৰয়োজন হ’ব, যাতে বিশ্বৰ সকলো প্ৰান্তকে আগুৰি দ্ৰুত ইন্টাৰনেট সেৱা আগবঢ়াব পৰা যাব । কোনো এক স্থান সাপেক্ষে উপগ্ৰহ সমূহ গতি কৰি থকাৰ বাবে পৃথিৱীত থকা প্ৰেৰক বা গ্ৰাহক, কোনো যন্ত্ৰই কোনো এক সময়ত ভূ – স্থৈতিক উপগ্ৰহৰ দৰে নিৰ্দিষ্ট এটাউপগ্ৰহৰ লগত যোগাযোগ নাপাব, কিন্তু এই উপগ্ৰহ লানিৰ ইটোৱে সিটোলৈ সংকেত প্ৰেৰণ কৰি এই অসুবিধা নোহোৱা কৰিব । সেয়েহে, ওচৰে ওচৰে থাকিব লগা হোৱাৰ বাবে আমি তলৰ পৰা কেইবাটাও উপগ্ৰহক মুকুতাৰ মালাৰ দৰে লানি লানিকৈ দেখা পাওঁ । মাস্কে কোৱাৰ দৰেই, এটা ভূ – স্থৈতিক উপগ্ৰহলৈ সংকেত গৈ উভতি আহিবলৈ সময় লাগে প্ৰায় ২৪০.২ মিলি ছেকেণ্ড, যি সময়ত ষ্টাৰলিংক উপগ্ৰহলৈ ৭০ বাৰ সংকেত অহা যোৱা কৰে , অৰ্থাৎ ৭০ গুণ দ্ৰুত ইন্টাৰনেট সেৱা । কিন্তু এই ব্যৱস্থাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল বায়ুমণ্ডলৰ দ্বাৰা উপগ্ৰহ সমূহে পোৱা বাধা । উপগ্ৰহবোৰ ভূ – পৃষ্ঠৰ যিমানে ওচৰৰ হয়, সিমানে তীব্ৰ হয় এই বাধা আৰু এই বাধা অতিক্ৰম কৰিবলৈ উপগ্ৰহবোৰক কিছুমান থিয়কৈ ৰখা হাংগৰ (Shark Fin) ৰ ফিছাৰ দৰে আকৃতিত সজোৱা হয়, যাতে ধাৰ থকা ফিছাৰ আকৃতিটোৱে বতাহ কাটি আগুৱাই যাব পাৰে । গড়ে ৫ বছৰৰ আয়ুস থকা এনে একোটা ষ্টাৰলিংক উপগ্ৰহৰ ভৰ প্ৰায় ২৫০ কেজি, কিন্তু শেহতীয়াকৈ পঠিওৱা উপগ্ৰহ সমূহৰ এটাৰ ভৰ প্ৰায় ৮০০ কেজি । অৱশ্যে, কেতিয়াবা ভূ – চুম্বকীয় ধুমুহাই এই উপগ্ৰহ সমূহৰ অকাল মৃত্যুও ঘটোৱাৰ উদাহৰণ আছে । যিমানেই দুৰ্গম নহওক কিয়, পৃথিৱীৰ যিকোনো ঠাইৰ পৰাই এখন বিশেষ ধৰণৰ এন্টেনাৰ সহায়ত উপভোক্তা এগৰাকীয়ে এই উপগ্ৰহ সমূহৰ লগত যোগাযোগ স্থাপন কৰি ইন্টাৰনেট সেৱা লাভ কৰিব পাৰে । যুদ্ধ জৰ্জৰ ইউক্ৰেইনৰ জৰুৰীকালীন অৱস্থাত ষ্টাৰলিংকে সাংঘাতিক সহায় আগবঢ়ায়, যেতিয়া তাত যোগাযোগৰ সকলো মাধ্যম অচল হৈ গৈছিল । স্পেছ এক্সৰ ৱেবছাইটত প্ৰকাশিত তথ্য মতে সাগৰ – মহাসাগৰৰ ওপৰতেই হওক বা কোনোবা ভিতৰুৱা ঠায়েই হওক, য’লৈ তাঁৰৰ সহায়ত ইন্টাৰনেট সেৱা নিব পৰা নাযায়, তেনে ঠাইতো, নূন্যতম ২০ মিলিছেকেণ্ডৰ ভিতৰতে পাব পৰাকৈ, ১০০ ৰ পৰা ২০০ মেগাবাইট প্ৰতিছেকেণ্ড হাৰত ডাউনল’ড কৰিব পৰাকৈ ইন্টাৰনেট সেৱা পোৱা যায় আৰু । অৱশ্যে আইনী কাৰনত ভাৰতত এই সেৱা এতিয়ালৈকে আৰম্ভ হোৱা নাই, কিন্তু আমি আমাৰ ওপৰেৰে উপগ্ৰহ সমূহ পাৰ হৈ যোৱা দেখিয়েই থাকোঁ । আকৌ চীন, ৰাছিয়া, উত্তৰ কোৰিয়া আৰু কিউবাত এই সেৱা বিলোৱাৰ কোনো পৰিকল্পনাই হেনো স্পেছ এক্সৰ নাই, যাৰ কাৰণ সহজেই অনুমেয়।

অৱশ্যে এই উপগ্ৰহ সমূহ বহুতৰে বাবে চিন্তাৰ কাৰণ হিচাপে পৰিগণিত হৈছে , লগতে যথেষ্ট সমালোচনাৰো সন্মুখীন হৈছে । প্ৰতিটো উপগ্ৰহকে সক্ৰিয় হৈ থাকিবলৈ শক্তিৰ প্ৰয়োজন আৰু এই শক্তিৰ চাহিদা পূৰণ কৰে সৌৰশক্তিয়ে । সৌৰশক্তি লাভ কৰিবলৈ সাধাৰণতে উপগ্ৰহ সমূহত ডেউকাৰ দৰে এখন বা দুখন সৌৰ ফলক থাকে । ষ্টাৰলিংকৰ সৌৰ ফলক সমূহে সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ সময়ত বেলিৰ পোহৰক প্ৰতিফলিত কৰি পপীয়া তৰাৰ দৰে পোহৰৰ চমকৰ সৃষ্টি কৰে, যাৰ বাবে জ্যোতিৰ্বৈজ্ঞানিক পৰ্যবেক্ষণ বিলাকত যথেষ্ট অসুবিধা হয় । স্পেছ এক্সে এই অসুবিধা আতৰাবলৈ চেষ্টা চলাই আছে, যাতে সেই ফলক সমূহৰ পৰা প্ৰতিফলন কম হয় ।ইয়াৰ ওপৰিও, মহাকাশত উৰি থকা আন উপগ্ৰহ বা মহাকাশ যান, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ আদিৰ সৈতে ষ্টাৰলিংক উপগ্ৰহ সমূহৰ মূখামূখি সংঘৰ্ষৰ সম্ভাৱনাও আছে, ইতিমধ্যে এনে দুই – এক ঘটনা ঘটিছেও । যেতিয়া এই বৃহৎ সংখ্যক উপগ্ৰহ বেয়া হ’বগৈ তেতিয়া, মহাকাশীয় আৱৰ্জনাৰ পৰিমানো বুজন পৰিমানে বাঢ়িব । এই সমস্যাৰ সমাধান হিচাপে স্পেছ এক্সে ঘোষণা কৰিছে যে, কাৰ্যকাল শেষ হোৱাৰ পিছত প্ৰতিটো বিকল উপগ্ৰহক পৃথিৱীৰ ফালে নমাই অনা হ’ব আৰু বায়ুমণ্ডলত সেইবোৰ জ্বলি শেষ যাব । কিন্তু এই কামে আন এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে, সেইটো হৈছে এনে বুজন সংখ্যক উপগ্ৰহ জ্বলি যোৱাৰ ফলত সৃষ্টি হ’ব লগীয়া গেছীয় আৱৰ্জনা বা অৱশেষ সমূহে বায়ুমণ্ডলৰ ৰাসায়নিক সংযুতি সলনি কৰিব আৰু ই পৃথিৱীত অনাকাংক্ষিত প্ৰভাৱ পেলাব পাৰে । ২০২১ চনৰ মে’ মাহত ছাইণ্টিফিক ৰিপ’ৰ্টছ নামৰ এখন পত্ৰিকাত প্ৰকাশিত, কানাডাৰ গৱেষক এৰ’ন ব’লিৰ এখন গৱেষণা পত্ৰৰ মতে উপগ্ৰহ সমূহ তৈয়াৰ কৰা এলুমিনিয়াম জ্বলাৰ ফলত সৃষ্টি হ’ব লগীয়া এলুমিনিয়াম অক্সাইডে অজ’ন স্তৰৰ অৱক্ষয় ঘটাব আৰু ইয়াৰ পৰিণাম কি আমি সকলোৱে জানো । বিশ্বৰ আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠান সমূহে এই ক্ষেত্ৰত অধিক গৱেষণাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰিছে । যিদৰে আমি প্লাষ্টিকৰ অপকাৰিতাৰ বিষয়ে জানিও, সদায়েই ব্যৱহাৰ কৰি আছো আৰু যাৰ ফলত সাগৰ – মহাসাগৰৰ প্লাষ্টিক প্ৰদূষণ এটা ডাঙৰ সমস্যা ৰূপে দেখা দিছে, সেই একেদৰে বায়ুমণ্ডলৰ ওপৰৰ স্তৰ সমূহৰ প্ৰদূষণেও অনাগত দিনত অকল্পনীয় সমস্যাৰ সৃষ্টি কৰিব বুলি বিজ্ঞানী সকলে মত পোষণ কৰিছে ।

ইতিমধ্যে এই আলোচনাৰ পৰা অনুমান কৰিছে যে, ষ্টাৰলিংক কি ? নিশাৰ আকাশত দেখা লানি লানি তৰাবোৰ প্ৰকৃততে এলন মাস্কৰ উপগ্ৰহ কেইটাৰ বাহিৰে একো নহয় । শেহতীয়াকৈ আমি দেখিবলৈ পাইছো যে, সামাজিক মাধ্যমৰ প্ৰসাৰৰ লগে লগে সঁচাই হওক বা মিছাই হওক, চাঞ্চল্যকৰ বা অলৌকিক জাতীয় কথাবোৰ সহজে বিয়পি পৰে । আমি কাল্পনিক কথাবোৰ অতিৰঞ্জিত কৰি প্ৰচাৰ কৰি ভাল পাওঁ, এইটো আগতে আমাৰ সমাজত দুই এজনৰ আছিল । আমাৰ ওচৰে পাজৰে এনে ব্যক্তিক লগ পাওঁ, যি বহুতো মনে সজা কাহিনী কৈ ফুৰে । কিন্তু এই গুণটো যদি বাতৰি পৰিৱেশন কাৰী সকললৈ বিয়পে, তেন্তে সি সমাজত অনাহক চাঞ্চল্য বিয়পায়, অন্ধবিশ্বাস বিয়পায়, অল্পবিদ্যাৰ পৰিৱেশৰ সৃষ্টিও কৰে আৰু আমি জানো যে অল্পবিদ্যা কিমান ভয়ংকৰ । সেয়েহে বাতৰি পৰিৱেশন কৰোঁতা সকলে সামাজিক দায়ৱদ্ধতাটোক অনুভৱ কৰি এনেধৰণৰ বাতৰি বিলোৱাৰ আগতে কোনোবা বিজ্ঞ জনৰ পৰামৰ্শ বা মত যাতে লয়, সেয়া আমাৰ কাম্য । সামাজিক মাধ্যম বা বৈদ্যুতীন মাধ্যমত চাঞ্চল্যই যথেষ্ট দৰ্শক গোটায়, যিটোৱে আৰ্থিক লাভালাভত সহায় কৰে, সেয়া সকলোৱে বুজি পায় । কিন্তু তাৰ স্বাৰ্থত অৰ্ধসত্য, অপবিজ্ঞান, মনে সজা কাহিনী, দুই এখন অতিৰঞ্জিত চিত্ৰৰ প্ৰচাৰে আনক নহ’লেও ভৱিষ্যত প্ৰজন্মক ভুল তথ্যৰ যোগান ধৰিব । বাতৰিত প্ৰকাশ পোৱাৰ লগে লগেই সাধাৰন লোকে তাৰ সত্যাসত্য বিচাৰ নকৰে আৰু বিশ্বাস কৰে, কাৰণ যিটো প্ৰত্যয়েৰে বাতৰি পৰিৱেশন হয়, সহজতে বিশ্বাস কৰাটো স্বাভাৱিক । বাতৰি কাকতৰ জনপ্ৰিয়তালৈ চাই, এই কথাখিনিও কেইজনে পঢ়িব সেয়াও সহজে অনুমেয় । কিন্তু যদিহে কোনোবা বাতৰি পৰিৱেশনৰ লগত জড়িত ব্যক্তিয়ে এইখিনি পঢ়ে, তেন্তে তেখেতে অলপ ধৈৰ্যৰে বিচাৰ কৰিলে মাস্কৰ মুকুতাৰ মাল ডাল যে ইউ এফ অ’ নহয় সহজেই অনুমান কৰিব পাৰিব যে  । সন্দেহত থকা পাঠক সমাজেও নিশ্চয় অনুমান কৰিব পাৰিলে ইউ এফ অ’ ৰ কাহিনী । লগতে জেষ্ঠজনৰ মাধ্যমেৰে নৱপ্ৰজন্ময়ো যদি এইখিনি বুজি পায়, তেন্তে লেখকৰ শ্ৰম সাৰ্থক হ’ব ।

Comments

Popular posts from this blog

উচ্চতৰ মাধ্যমিকত Physics কিয় টান?

গণিত আৰু বিজ্ঞান বিষয় ইমান টান কিয়?

ফাৰ্ষ্ট ইয়েৰ, ৰেষ্ট ইয়েৰ