প্ৰযুক্তিয়ে দিয়া ভেকুলীৰ বিয়াখন

নামটো পঢ়ি নিশ্চয় ভাৱিছে যে কিবা এখন উচ্চ প্ৰযুক্তি সম্পন্ন ভেকুলীৰ বিয়াৰ কথা আছে নেকি বাৰু ইয়াত ! অসমীয়া সমাজত ভেকুলী বিয়া এটা প্ৰচলিত ধাৰণা, হয়তো এক প্ৰকাৰৰ অন্ধবিশ্বাস । অতিমাত্ৰা খৰাং বা কেইবাদিনো বৰষুণ নিদিয়াকৈ থাকিলে এটোপাল বৰষুণৰ আশাত অসমীয়া সমাজত ভেকুলী বিয়া পতাৰ প্ৰথা এটা আছে বা আছিল বা হয়তো ভৱিষ্যতলেও থাকি যাব কোনো কোনো ঠাইত । অৱশ্যে আজিলৈকে সেইখন বিয়াৰ চাক্ষুস অভিজ্ঞতা নাই । সেইখন বিয়াই আমি বিছৰা ধৰণে বৰষুণ দিয়াব পাৰিছে নে নাই নাজানো । হয়তো নাই পৰা, নোৱাৰাৰ সম্ভাৱনাই বেছি বা একেবাৰে ডাঠি ক’ব পাৰি নোৱাৰে, কাৰণ বৰষুণ দিয়াতো মানুহে পতা ভেকুলী বিয়াৰ ওপৰত নিৰ্ভৰ নকৰে, বা ভেকুলীয়ে বিয়াৰ অৰ্থ বুজি পায় জানো? বৰষুণ বা বৰফ পৰা ঘটনাটো আমি সকলোৱে শুনা বা জনা জলচক্ৰ নামৰ প্ৰক্ৰিয়াটোৰ অংশ । ভেকুলীৰ বিয়া আমাৰ সমাজৰ এটা ধেমেলীয়া অন্ধবিশ্বাস । আমি সেইটো কৰি ফুৰ্টিও পাওঁ ।কেতিয়াবা ভেকুলীৰ বিয়া আৰু বৰষুণ কাকতালীয় ভাৱে মিলিহে যায় । কিন্তু সেয়া যিয়েই নহওক কিয়, খৰাঙৰ বাহিৰেও আজিৰ সময়ত আমাক আমাৰ ইচ্ছা বা প্ৰয়োজন অনুযায়ী বৰষুণ লগা হয় । যেন, “ইচ্ছা বৰষুণ”, কেতিয়াবা বৰষুণ জাক লাগে বা কেতিয়াবা নালাগে । উদাহৰণ স্বৰূপে, ডুবাই, আবুধাবি বা সংযুক্ত আৰৱ এমিৰেটছৰ বিভিন্ন ঠাইত এনে বৰষুণৰ প্ৰয়োজন হয় । উপকূলীয় অঞ্চলৰ বাহিৰে সেই দেশৰ অধিকাংশ ঠাইৰে জলবায়ু অত্যন্ত শুকান । বছৰটোত বৰষুণ নহয় বুলিবই পাৰি । কিন্তু উদ্যোগীকৰণৰ ফলত হোৱা প্ৰদূষণ, জনসংখ্যাৰ বৃদ্ধি আৰু ভূগৰ্ভস্থ জলভাণ্ডাৰৰ পৰিমান কমি যোৱাত পানীৰ অভাৱগ্ৰস্ততা বা “জল সুৰক্ষা” ৰ সমস্যাৰ সৃষ্টি হয় ।সেয়েহে তেওঁলোকক “ইচ্ছা বৰষুণ” বা “কৃত্ৰিম বৰষুণ”ৰ প্ৰয়োজন হৈছে । এই প্ৰয়োজন তেওঁলোকে ইতিমধ্যে প্ৰযুক্তিৰ সহায়ত পূৰাইছে । ২০১১ চনৰ, বাৰিষাৰ বতৰত ইংলেণ্ডৰ ৰাজ পৰিয়ালৰ এখন বিয়াত যাতে বৰষুণ নিদিয়ে, তাৰ বাবে আকৌ বৰষুণ ৰখাই থোৱাৰ ব্যৱস্থাও কৰা হৈছিল । ২০০৮ চনৰ বেইজিং অলিম্পিকৰ সময়ত বৰষুণে যাতে বিধি পথালি নিদিয়ে, তাৰ বাবে চীনৰ চৰকাৰে বৰষুণ ৰখাই থোৱাৰ কৃত্ৰিম ব্যৱস্থা কৰিছিল । এই কৃত্ৰিম বৰষুণৰ ইতিহাস ইয়াতকৈও পুৰণি । বিংশ শতিকাৰ ত্ৰিশৰ দশকৰ উদাহৰণো পোৱা যায় । কিন্তু শেহতীয়া ভাৱে এই কৃত্ৰিম বৰষুণৰ যো জা ভাৰততো চলিছে , সেইটোহে একপ্ৰকাৰ চিন্তাৰ বিষয় ।

কৃত্ৰিম বৰষুণৰ প্ৰযুক্তিৰ বিষয়ে আলোচনা কৰাৰ আগতে বৰষুণ হোৱাৰ প্ৰাকৃতিক পদ্ধতিটোৰ বিষয়ে অলপ মনত পেলাই লওঁ । আমাৰ চৌপাশৰ জলাশয়বোৰৰ পানী সূৰ্যৰ তাপত ভাপ হয় অৰ্থাৎ পানী জুলীয়াৰ পৰা গেছীয় অৱস্থালৈ সলনি হয় । গেছীয় হোৱাৰ লগে লগে পাতল হয়, মানে জুলীয়া অৱস্থাত পানীৰ কণিকাবোৰ ইটোৱে সিটোৰ কাষত ঘনকৈ থাকে কিন্তু গেছীয় হোৱাৰ লগে লগে কণিকাবোৰৰ মাজৰ ব্যৱধান কমি আহে বা পানী পাতল হয় ।ফলত আকাশৰ ফালে উৰিবলৈ লয় । কিন্তু ওপৰলৈ গৈ থাকোঁতে সেই পানীৰ ভাপ সমূহ ঠাণ্ডা হ’বলৈ লয় । ঠাণ্ডা হোৱাৰ লগে লগেই ভাপৰ ঘণীভৱণ হয় মানে ভাপৰ কণিকাবোৰ আকৌ কাষ চাপিবলৈ লয় । তেনেতে বায়ুমণ্ডলত থকা ধূলি বা আন গোটা কণিকাৰ গাত লাগিবলৈ ধৰে , যেনেকৈ দুবৰিৰ গাত লাগি পানীৰ টোপাল হয়গৈ । আকাশৰ এই ঘণীভূত ভাপ সমূহেই ডাৱৰ । শীতকালত এটা কথা নিশ্চয় মন কৰিছে । আবেলি বা সন্ধিয়া বগা পাতল ধোঁৱাৰ দৰে হিম পৰে । লাহে লাহে সেই বোৰ বাহিৰত থকা বস্তুত লাগে । কাপোৰত লাগিলে কাপোৰ সেমেকে, কিন্তু নিতিতে । বাইক – চাইকেলৰ ছিট বা বহা আসনত মোহাৰি দিলে হাতত পানী লাগি আহে । সময় বাগৰি যোৱাৰ লগে লগে ঘৰৰ টিংৰ তলত সেইবোৰেই পানীৰ টোপাললৈ সলনি হয় আৰু টোপ টোপ কৈ পৰিবলৈ লয় । কিন্তু প্ৰথমেই তেনেকৈ নপৰে কিয় ? কাৰণ তললৈ সৰি পৰিব পৰাকৈ পৰ্যাপ্ত পানীৰ কণিকা সেইঠাইত ঘণীভূত হোৱা নাছিল, নহয়নে ! আকাশতে একেদৰে ডাৱৰ সৃষ্টি হ’ল বুলিয়েই বৰষুণ নহয় । বৰষুণ হ’ব পৰাকৈ যথেষ্ট পৰিমানৰ ভাপ জমা হ’ব লাগিব, তেতিয়াহে বৰষুণ দিব আৰু প্ৰকৃতিৰ জলচক্ৰটো সম্পূৰ্ণ হ’ব । এইখিনিতে প্ৰযুক্তিয়ে এটা সুযোগ পায় । যদি আগৰে পৰাই অলপ ডাৱৰ কোনো ঠাইৰ ওপৰৰ আকাশত আছে, কিন্তু বৰষুণ দিব পৰাকৈ অপৰ্যাপ্ত, তেন্তে প্ৰযুক্তিয়ে সেই ডাৱৰক বৰষুণ দিব পৰা ডাৱৰলৈ সলনি কৰিব পাৰে । এই প্ৰযুক্তিয়েই হৈছে কৃত্ৰিম বৰষুণৰ প্ৰযুক্তি বা ক্লাউদ ছিডিং (Cloud Seeding) ।

ইতিমধ্যে আমি অনুমান কৰিছো যে ক্লাউড ছিদিং হৈছে বতৰ সলনি কৰা এটা বৈজ্ঞানিক প্ৰক্ৰিয়া , যাৰ দ্বাৰা বৰষুণ দিব পৰা ডাৱৰ সৃষ্টি কৰিব পাৰি আৰু অৱশেষত বৰষুণ হয় । তেন্তে কেনেকৈনো বৰষুণ দিব পৰা ডাৱৰৰ সৃষ্টি কৰিব পাৰি । ইয়াৰ বাবে আকাশত আগৰ পৰাই ডাৱৰ বা পৰ্যাপ্ত জলীয় বাষ্প থকা প্ৰয়োজন । কেতিয়াবা কেলছিয়াম অক্সাইড, ইউৰিয়া আৰু এম’নিয়াম নাইট্ৰেটৰ যৌগ বা কেলছিয়াম কাৰ্বনেট আদি ব্যৱহাৰ কৰি কম ঘণীভূত বাষ্প ঘনীভূত হোৱাত সহায় কৰি ডাৱৰ সৃষ্টি কৰি লোৱা হয় ।এনেদৰে ঘণীভূত হোৱা বা আগৰে পৰা থকা ডাৱৰত ছিলভাৰ আয়’ডাইড বা ছিলভাৰ ক্ল’ৰাইডৰ দৰে নিমখৰ গুড়ি চটিওৱা হয় । খোৱা নিমখ বা শুকান বৰফ (শুকান বৰফ মানে আমি দেখা বৰফ নহয়, ই হৈছে গোট মাৰি থকা কাৰ্বন ডাই অক্সাইড গেছ) ৰ প্ৰয়োগো যথেষ্ট জনপ্ৰিয় আৰু কম খৰচী । নিশ্চয় এইবোৰ কেনেকৈ চটিয়াই বুলি প্ৰশ্ন হৈছে নহয়নে? উত্তৰ তেনেই সহজ, তলৰ পৰা কোনোবা সৰু ৰকেটৰ সহায়ত ডাৱৰৰ ফালে মাৰি পঠিয়ায় বা বিমানেৰে ডাৱৰৰ ওপৰত চটিয়ায় এই কাম কৰা হয় । এই শুকান বৰফ বা ছিলভাৰৰ যৌগ সমূহ ডাৱৰত চটিয়ালে কি লাভ হয় বাৰু ? ছিলভাৰ ব্ৰ’মাইড বা ছিলভাৰ ক্ল’ৰাইডৰ কণিকাবোৰৰ গঠন বৰষুণ দিব পৰা ডাৱৰত প্ৰাকৃতিক ভাৱে থকা বৰফৰ কণিকাৰ গঠনৰ সৈতে প্ৰায় মিলে । সেয়েহে এই যৌগৰ কণিকাবোৰে বৰষুণৰ টোপালৰ কেন্দ্ৰ বা আধাৰ হিচাপে কাম কৰে । মানে, এই কণিকাবোৰ ডাৱৰৰ মাজত সোমোৱাৰ লগে ঠাণ্ডা জলীয় বাষ্পৰ কণিকাবোৰ ইহঁতৰ গাত লাগিবলৈ ধৰে, যিদৰে ধূলিকণাত লাগি ধৰে, অধিক ঘণীভূত হয়, থিক অলপ আগতে কোৱা দুবৰিত লগা নিয়ৰৰ টোপাল বা টিঙৰ তলত সৃষ্টি হোৱা টোপালবোৰৰ দৰেই । শুকান বৰফেও একেদৰে অধিক ঘণীভূত হোৱাত সহায় কৰে । এতিয়া নিশ্চয় অনুমান কৰিছে যে, ঘণীভৱণ অধিক হোৱাৰ ফলত পানীৰ টোপালৰ সৃষ্টি হয় আৰু পৰ্যাপ্ত ভাৱে গধুৰ হোৱাৰ লগে লগেই বৰষুণ হিচাপে তললৈ সৰি পৰে । অৰ্থাৎ এই ৰাসায়নিক যৌগ বোৰে বৰষুণ হোৱা প্ৰক্ৰিয়াটো খৰতকীয়া কৰি দিয়ে বা নোহোৱা বৰষুণ হোৱাই দিয়ে, যেন বৰষুণৰ অনুঘটকহে ।

ভাৰতত সাধাৰণতে খৰাং নহয় । তেন্তে কৃত্ৰিম বৰষুণৰ প্ৰয়োজনীয়তা কি ? আমি ভাৰতীয়ই পৰম্পৰা ৰক্ষাৰ নামত পোহৰৰ উৎসৱ দীপাৱলীক বাৰুদৰ উৎসৱলৈ ৰূপান্তৰিত কৰিছো । অসমীয়া বিয়াত ফটকা ফুটোৱাৰ ইতিহাস কিমান শতিকা পুৰণি সেয়া লেখকৰ জ্ঞাত নহয় । ঢোল – তালৰ মাতত দৰা আদৰে বুলিহে পৰম্পৰাগত ভাৱে দেখিছো । দেৱালীত চাকি জ্বলোৱা হয় । এই উৎসৱ উদযাপনৰ ইতিহাসত অযোধ্যা বাসীয়ে ৰামক আদৰিবলৈ ফটকা ফুটাইছিল বুলি ক’ৰবাত লিখা আছে যদি বিছাৰি পঢ়িব লাগিব । খেল এখন জিকিলেও ফটকা ফুটোৱা হয় । পৰিৱেশ ৰক্ষাৰ বিধেয়ক বনোৱা মন্ত্ৰী – বিধায়কেও নিৰ্বাচন জিকিলে ফটকা ফুটায় । মুঠতে আমি ভাৰতীয়ই ধোঁৱাৰ অবিহনে ফুৰ্টি কৰিব নোৱাৰোঁ । অতীতৰ কথা বাদ দিলেও, বৰ্তমান আমি ভৱিষ্যত প্ৰজন্মৰ বাবে এক বহনক্ষম পৰিৱেশ বা পৃথিৱী উপহাৰ দিয়াৰ কথা চিন্তা কৰাৰ সময় হ’ল । যান – বাহন, কল – কাৰখানা আছেই । এনে কথাবোৰ ক’লে বা লিখিলে বহু শিক্ষিত আৰু সংস্কৃতি, পৰম্পৰা ৰক্ষাৰ গুৰু দায়িত্ব শিৰোধাৰ্য কৰি থকা স্বয়ম্ভূ বিষাৰদে কয় যে কেৱল দেৱালীৰ দিনা ফটকা ফুটোৱাটোহে সমস্যা কৰে নে? কিয় কৰে জানে নে, সেয়া হৈছে দেৱালীৰ দুদিনত এশ চল্লিশ কোটি ভাৰতীয়ৰ অধিকাংশই পৰম্পৰাৰ নামত কোটি কোটি টকাৰ আতচবাজীৰে পৰিৱেশত বিশাক্ত প্ৰদূষক গেছৰ সমাহৰ কৰে । কেতিয়াবা ক’ৰবাত এদিন কৰিলে সিমান চিন্তনীয় প্ৰদূষণ নহয় । সমাজৰ শিশুৰ পৰা আৰম্ভ কৰি সকলোৱেই পৰোক্ষ ভাৱে ধূম্ৰপান কৰে সেই দুদিনত । বায়ুৰ গুণগত সূচ্যাংক (Air Quality Index) সাংঘাতিক ধৰণে সলনি হয় । দেশৰ ৰাজধানী দিল্লীৰ দেৱালীৰ দুদিনৰ এই সূচ্যাংক আছিল সৰ্বোচ্চ ৮৪৯ , অৰ্থাৎ অতিশয় শোচনীয় । এই লেখা প্ৰস্তুত কৰা সময়ত লেখকৰ নিজ ঠাইৰ সূচ্যাংক ২২, তেন্তে অনুমান কৰক ৰাজধানী অঞ্চলৰ অৱস্থা কেনে ধৰনে শোচনীয় । আচলতে দিল্লীৰ সূচ্যাংক মতে সেয়া মানুহৰ বসতিৰ বাবে একেবাৰেই অনুপযোগী । একে বাটেৰে আমাৰ গুৱাহাটী বা অন্যান্য ঠাই সমূহো গৈ আছে, আমি নি আছো । যেতিয়া বায়ুত প্ৰদূষকৰ মাত্ৰা বাঢ়ি যায়, তেতিয়া বৰষুণে সেই প্ৰদূষক সমূহ নোহোৱা কৰাত আটাইতকৈ বেছি সহায় কৰে । আমি খুব ধূলি হ’লে যিদৰে বৰষুণ এজাকৰ আশা কৰোঁ, সেই একেদৰেই বৰষুণে বায়ুৰ প্ৰদূষক বোৰক দ্ৰৱীভূত কৰি বোৱাই নিয়ে, অৱশ্যে জলাশয়ৰ পানীবোৰ প্ৰদূষিত হয় । কিন্তু বায়ু সেৱনৰ উপযোগী হয় । সেয়েহে দিল্লীত শেহতীয়া ভাৱে কৃত্ৰিম বৰষুণৰ প্ৰয়োজন হৈছে ।

দিল্লী চৰকাৰে এই সন্দৰ্ভত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কানপুৰ (IIT Kanpur) ৰ সৈতে ইতিমধ্যে যোগাযোগ কৰিছে । কানপুৰ আই আই টিৰ বিজ্ঞানী সকলে যোৱা ২০ আৰু ২১ নৱেম্বৰত দুটা পৰ্যায়ত কৰিবলৈ পৰিকল্পনা কৰা কৃত্ৰিম বৰষুণৰ অভিযানৰ বাবে প্ৰতি বৰ্গ কিলোমিটাৰৰ প্ৰাকল্পিক খৰছ হ’ব এক লাখ টকা আৰু মুঠ খৰছ প্ৰায় ১৩ কোটি টকা । আচৰ্যকৰ নহয়নে, ফটকা ফুটাই প্ৰদূষণ কৰোঁতে সমূহীয়াকৈ কোটি টকাৰ খৰছ আৰু পৰিষ্কাৰ কৰাৰ বাবেও কোটি কোটি টকাৰ খৰছ । স্বাস্থ্যজনিত সমস্যা বোৰ আছেই । এইয়াই হৈছে আমাৰ শিক্ষাৰ দ্বাৰা আৰ্জিত জ্ঞানৰ মানদণ্ড । অৱশ্যে নিৰ্ধাৰিত তাৰিখত কৃত্ৰিম বৰষুণ কৰিব পৰা নগ’ল, কাৰণ আগতে উল্লেখ কৰাৰ দৰে দিল্লীৰ আকাশত পৰ্যাপ্ত আৰু উপযুক্ত ডাৱৰৰ অনুপস্থিতি । আকৌ দিল্লীৰ প্ৰদূষণৰ মাত্ৰা ইমানেই বেছি যে, এই বৰষুণে হেনো মাত্ৰ এসপ্তাহৰ বাবেহে সকাহ দিলে হেতেন । অতিশয় চিন্তনীয়, নহয় নে? দিল্লীৰ এই প্ৰদূষণৰ আন এটা মূল কাৰণ হৈছে খেৰ আৰু নৰা জ্বলোৱা কাৰ্য । দিল্লী আৰু ইয়াৰ চৌপাশৰ পঞ্জাৱ, হাৰিয়ানা আদি ৰাজ্যৰ খেতি চপোৱাৰ পিছত সৃষ্টি হোৱা খেৰ আৰু নৰা সমূহ জলাই পেলোৱা হয় , যাতে কৃষিভূমি সমূহ পিছৰ পৰ্যায়ৰ খেতিৰ বাবে সাজু হয় । ইয়াৰ ফলত চিন্তনীয় পৰিমানৰ খেৰৰ ছাইৰ গুড়ি আৰু ধোঁৱাই দিল্লীৰ বায়ুমণ্ডল প্ৰদূষিত কৰে ।তাৰ পিছতেই আমি ভূতৰ ওপৰত দানহৰ দৰে আতচবাজীৰ ধোঁৱাৰে আৰু যোগ দিওঁ । ন্যায়ালয়ৰ নিৰ্দেশ, প্ৰশাসনৰ নিৰ্দেশ কাগজতেই থাকি যায় । সমাজৰ গণ্যমান্য সকলেও আতচবাজী কৰাৰ চিত্ৰৰে সকলোকে শুভেচ্ছা দিয়ে । আমি আজিয়েই যদি চিন্তা নকৰোঁ, তেন্তে বহনক্ষম ভৱিষ্যৎ এটা আমাৰ পিছৰ প্ৰজন্মক দিব নোৱাৰিম আৰু প্ৰযুক্তিয়ে দিয়া এই ভেকুলীৰ বিয়া খন অনাগত সময়ত সঘনে পাতিব লগাত পৰিম । এই বিয়াত অৰ্থাৎ কৃত্ৰিম বৰষুণত ব্যৱহাৰ হোৱা ছিলভাৰ আয়’ডাইড এবিধ বিষাক্ত দ্ৰৱ্য । ইয়াৰ ব্যৱহাৰে জলাশয় বোৰৰ পানী জলজ জীৱৰ বাবে অনুপযুক্ত কৰি তুলিব পাৰে, খেতি – বাতিৰ মাটিও প্ৰদূষিত কৰিব পাৰে বা অজ’ন ছিদ্ৰ হোৱাত অৰিহনা যোগায় বুলিও গৱেষণাত প্ৰকাশ পাইছে । অৱশ্যে কৃত্ৰিম বৰষুণৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে এতিয়াও জানিবলৈ বাকী আছে । কিন্তু, এনে হ’বও পাৰে যে এঠাইত কৃত্ৰিম ভাৱে বৰষুণ দিয়ালে কাষৰীয়া আন ঠাইত বৰষুণ নহ’বও পাৰে । মুঠতে ই পাৰিপাৰ্শ্বিক ভাৰসাম্য নোহোৱা কৰিব পাৰে । ই প্ৰদূষণৰ ক্ষন্তেকীয়া সমাধান হে, স্থায়ী সমাধান নহয় । স্থায়ী সমাধান আমাৰ বিবেকত আছে, আমাৰ কাৰ্যত আছে । যিদৰে অন্ধবিশ্বাসৰ ভেকুলী বিয়াখন আমাৰ বাবে অযুক্তিকৰ, সেইদৰে প্ৰযুক্তিয়ে দিয়া ভেকুলী বিয়াখনো আমাৰ বাবে ক্ষতিকাৰক । আমাক এই দুইখনৰ এখনো নালাগে, প্ৰকৃতিয়ে নিজ গতিত সকলো কৰক । আমি প্ৰকৃতিক সলাবলৈ চেষ্টা নকৰাই ভাল, বা তেনে পৰিস্থিতিৰ সৃষ্টি নকৰাই ভাল । আমাক লাগে মাথো এক বহনক্ষম ভৱিষ্যত ।

Comments

Popular posts from this blog

উচ্চতৰ মাধ্যমিকত Physics কিয় টান?

গণিত আৰু বিজ্ঞান বিষয় ইমান টান কিয়?

ফাৰ্ষ্ট ইয়েৰ, ৰেষ্ট ইয়েৰ