NEET ত বিফল হ'লে কি কৰিব?

কেইদিনমানৰ আগতে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা হ'ল। কোনোৱে আশা কৰা মতেই ফল পাইছে বা কোনো কোনোৱে ইপ্সিত ফলাফল পোৱা নাই। কোনোবা হয়তো হতাশ হৈছে। ফলাফল যিয়েই নহওক, এতিয়া সময় হৈছে আগন্তুক পৰিকল্পনা কি? হয়, পৰিকল্পনা মানে ইয়াত কেৰিয়াৰৰ কথাই কোৱা হৈছে।

আজি আলোচনা কৰিম, বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ্থে। বহুতেই চিকিৎসা বিজ্ঞান-অভিযন্ত্ৰণৰ দিশে চেষ্টা এটা কৰি চাব, এইটো এক পৰম্পৰাৰ দৰে হৈছে। আমাৰ মানসপটত থিতাপি লোৱা ধাৰণাটো হৈছে, যদি মেট্ৰিকত অংক-বিজ্ঞানত লেটাৰ পাইছে তেন্তে বিজ্ঞান শাখাত পঢ়িব আৰু যদি বিজ্ঞান শাখাত পঢ়িছে, তেন্তে ডাক্তৰ নাইবা ইঞ্জিনিয়াৰ (অভিযন্ত্ৰা) হ'ব। গতিকে সকলোৱেই চেষ্টা কৰাটো স্বাভাৱিক। সেই হিচাবে আগন্তুক NEET বা JEE-Mains/Advanced পৰীক্ষা সমূহত অৱতীৰ্ণ হ'ব।

সমস্যা এটা ইয়াৰ পিছতেই আহে। কিছু ছাত্ৰ-ছাত্ৰী আছে যি NEET-JEE দুয়োটা পৰীক্ষাত অৱতীৰ্ণ হয় বা কৰোৱা হয়, যিহকে পায় সেই দিশেই কেৰিয়াৰ আগুৱাই নিব। অৰ্থাৎ নিৰ্দিষ্ট লক্ষ্যহীন। বাকী সকল নিৰ্দিষ্ট, হয় NEET নহ'লে JEE। বাৰু পৰীক্ষাটো দিয়কেই, কিন্তু ফলাফল?

বিফলতা আহিব পাৰে। তাৰ বাবে কি প্ৰস্তুতি?

যদি চিকিৎসা বিজ্ঞানৰ কেৰিয়াৰ আশা কৰা সকলৰ বিষয়ে ভাৱো, তেতিয়া চাঁ‌ওচোন আহক কি কি পথ খোলা আছে আমাৰ সন্মুখত।

National Testing Agency ৰ পৰিসংখ্যা মতে ২০১৮ বৰ্ষত ১২,৬৯,৯২২ জনে NEET পৰীক্ষাত অৱতীৰ্ণ হৈছিল। উত্তীৰ্ণ হৈছিল ৭,১৪,৫৬২ জন। অৰ্থাৎ উত্তীৰ্ণৰ হাৰ প্ৰায় ৫৬.২৩% । ৪৩.৭৭% ছাত্ৰ-ছাত্ৰীয়ে কি কৰিলে তাৰ পিছত?
একেদৰে ২০১৯ বৰ্ষত ১৪,১০,৭৫৫ জন অৱতীৰ্ণ হোৱাৰ বিপৰীতে উত্তীৰ্ণ হয় ৭,৯৭,০৪২ জন। প্ৰায় ৫৬.৫% । থাকি গ'ল প্ৰায় ৪৩.৫% শিক্ষাৰ্থী।

প্ৰতিবছৰে এই প্ৰায় ৪৩-৪৪% শিক্ষাৰ্থীৰ কেৰিয়াৰ ধ্বংস হৈ যায় নেকি? কি কৰে এওঁ‌লোকে? এওঁ‌লোকৰ জীৱন যুঁজ কি?

ইয়াৰে কিছু অংশই কোনোবা নামী-দামী ক'চিং প্ৰতিষ্ঠানত এবছৰীয়া প্ৰস্তুতিত লাগি যায়। আকৌ যদি বিফল হয়? বহুতে বিফল হৈ যায়। বাকী সকলে যিকোনো এটা প্ৰিয় বিষয়ক মূখ্য বিষয় (মেজৰ) হিচাবে লৈ স্নাতক শ্ৰেণীত নাম ভৰ্তি কৰে। এই সকলৰ মাজত কিছুৱে আকৌ NEET পৰীক্ষাত অৱতীৰ্ণ হয়। তেওঁলোকৰ কিছুমানৰ ইকূলো নহয় সিকূলো নহয়। ষন্মাষিকৰ পৰীক্ষাও বেয়া হয়, মেডিকেলৰ আসনো নাপায়। মুঠতে বেবেৰিবাং।

এনেবোৰ কৰাতকৈ দেখোন আগতীয়াকৈ নিজা সামৰ্থ্য বিশ্লেষণ কৰি NEET ৰ আশা বাদ দি আমি তলত উল্লেখ কৰা পথ সমূহৰ এটাকে ল'ব পাৰে!

MBBS ৰ বাবে নিৰ্বাচিত নহ'লে সাধাৰণতে দেখা যায় BAMS (আয়ুৰ্বেদিক), B.Sc. Nursing, B.Pharm., B.V.Sc. (পশু চিকিৎসাৰ স্নাতক), BDS (দন্ত চিকিৎসাৰ স্নাতক) আদিৰ দিশে চেষ্টা কৰি চায় বা সেই পথেৰেই আগবাঢ়ে।

যদিহে বিজ্ঞানৰ স্নাতক (B.Sc.) ৰ কথা বিবেচনা কৰে, তেন্তে ছাত্ৰ-ছাত্ৰী সকলৰ সন্মুখত কেইবাটাও পথ আছে।

সেই সমূহ হ'ল --

• B.Sc. (Physics/Chemistry/Zoology/Botany/Mathematics/Statistics)
• B.Sc. Bio-Chemistry
• B.Sc. Environmental Science
• B.Sc. Biotechnology
• B.Sc. Physiotherapy
• B.Sc. Radiology
• B.Sc. Bioinformatics
• B.Sc. Anthropology
• B.Sc. Microbiolgy
• B.Sc. Forensic Science
• B.Sc. Pathology
• B.Sc. Genetics
• B.Sc. Fisheries
• B.Sc. Health Science and Nutrition ইত্যাদি (আৰু থাকিব পাৰে)।

Career in ____________ (খালী ঠাইত আপোনাৰ ইচ্ছাৰ বিষয়টো) বুলি ইন্টাৰনেটত বিচাৰিলেই সমূহ উত্তৰ পাব।

ইয়াৰ পিছতে তেওঁলোকে সেই বিষয়তে M.Sc. (স্নাতকোত্তৰ), গৱেষণা (PhD), PostDoc আদি কৰিব পাৰে। M.Sc. ৰ পিছতে আন কিছুমান পথো খোল খাই পৰে সকলোৰে সন্মুখত। কোনোৱে আকৌ B.Sc. ত নামভৰ্তি কৰা দিনাৰ পৰাই UPSC, APSC, SSC-CGL, SSC-CHSL, GATE, JAM, UGC-NET/JRF, SLAT, CAT আদি প্ৰতিযোগিতামূলক পৰীক্ষা সমূহৰ বাবে নিজা প্ৰস্তুতি আৰম্ভ কৰিব পাৰে । Indian Forest Service ৰ বাবেও প্ৰস্তুতি চলাব পাৰে। এই সকলোবোৰ ইণ্টাৰনেটত সহজে উপলব্ধ। বিচাৰি চালেই সকলো তথ্য পোৱা যায়। মুঠতে কেৰিয়াৰ পথ বহুত আছে। উপযুক্ত নম্বৰ আৰু জ্ঞান সহ আগুৱাই গ'লেই হ'ল। কোনোটো কাম বা কেৰিয়াৰেই কম মৰ্যাদা সম্পন্ন নহয়। বিভিন্ন সময়ত ISRO, বিভিন্ন নৱৰত্ন কোম্পানী সমূহ, আন-আন ৰাজ্য সমূহৰ লোকসেৱা আয়োগৰ (Other PSC) চাকৰি সমূহৰো বিজ্ঞাপন ওলায় আৰু এইবোৰ সকলোৰে বাবেই খোলা। প্ৰতিৰক্ষা বাহিনীৰ পৰীক্ষা সমূহ যেনে - NDA (National Defence Academy) ৰ প্ৰৱেশ পৰীক্ষাও দিব পাৰে, অৱশ্যে সেই পৰীক্ষাৰ বাবে Statistics (পৰিসংখ্যা বিজ্ঞান) ৰ জ্ঞানৰ প্ৰয়োজন হয়। ভাৰত চৰকাৰৰ বিভিন্ন সংস্থা সমূহেও নিয়মিত বিজ্ঞাপনৰ যোগেদি চাকৰিৰ বিষয়ে জনাই থাকে। কিন্তু চাকৰিটো ঘৰৰ ওচৰতে বা অসমতে পাব লাগিব বুলি ভাৱিলে অসুবিধা হ'ব। দেশৰ যিকোনো ঠাইত হ'ব পাৰে। এটা বিশেষ ক্ষেত্ৰত সোমোৱাৰ পিছতে পথ সমূহ সহজেই গম পোৱা যায়।

গতিকে অভিভাৱক বা ছাত্ৰ-ছাত্ৰী, কোনেও হতাশ নহৈ সুস্থিৰ চিন্তাৰে পথ এটা নিৰ্বাচন কৰি আগুৱাই যাওক। সফল হ'বই।

Comments

Popular posts from this blog

উচ্চতৰ মাধ্যমিকত Physics কিয় টান?

গণিত আৰু বিজ্ঞান বিষয় ইমান টান কিয়?

ফাৰ্ষ্ট ইয়েৰ, ৰেষ্ট ইয়েৰ